দেৱালীৰ আনন্দ হ’ল কালঃ ফুলজাৰিৰ স্ফুলিংগই সূত্ৰপাত কৰা অগ্নিকাণ্ডত নিহত তিনি শিশু | 3 children died 2 injured in fire caused by spark of fuljhadi in Howarh Uluberia West Bengal Assam news - Assam Tv9

দেৱালীৰ আনন্দ হ’ল কালঃ ফুলজাৰিৰ স্ফুলিংগই সূত্ৰপাত কৰা অগ্নিকাণ্ডত নিহত তিনি শিশু

দেৱালীৰ আনন্দৰ মাজতে সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ফুলজাৰিৰ স্ফুলিংগৰ ফলত এট ঘৰত সৃষ্টি হোৱা ভয়ংকৰ অগ্নিকাণ্ডত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে তিনি শিশুৱে। আনহাতে এই অগ্নিকাণ্ডৰ ফলত আহত হৈছে আন দুজন লোক।

দেৱালীৰ আনন্দ হ’ল কালঃ ফুলজাৰিৰ স্ফুলিংগই সূত্ৰপাত কৰা অগ্নিকাণ্ডত নিহত তিনি শিশু

উলুবেৰিয়াত ভয়ংকৰ কাণ্ড

Published: 

02 Nov 2024 08:19 AM

পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দৰে যোৱা দুদিন ধৰি উল্লাসিত হ’ল দেশবাসী। পিছে এই আনন্দৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰো পোহৰলৈ আহিছে। বিশেষকৈ আতচবাজী বিস্ফোৰণৰ ফলত দেশৰ বহু স্থানত সংঘটিত হৈছে ভয়ংকৰ প্ৰাণনাশী ঘটনা। এনেধৰণৰ ঘটনাই স্বাভাৱিকতেই ম্লান কৰি তুলিছে দেৱালীৰ আনন্দ। পশ্চিম বংগৰ হাওৰা জিলাতো যোৱা নিশা সংঘটিত হৈছে এনে এক মৰ্মান্তিক ঘটনা। ফুলজাৰিৰ স্ফুলিংগৰ ফলত এট ঘৰত সৃষ্টি হোৱা ভয়ংকৰ অগ্নিকাণ্ডত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে তিনি শিশুৱে।

আনহাতে এই অগ্নিকাণ্ডৰ ফলত আহত হৈছে আন দুজন লোক। আহত দুয়োজন সম্প্ৰতি স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। হাওৰা জিলাৰ উলুবেৰিয়াৰ বানিতলা অঞ্চলত যোৱা নিশা সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। ঘৰটোত সৃষ্টি হোৱা এই ভয়ংকৰ্ফ অগ্নিকাণ্ডই প্ৰথমে অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছিল। পিছত ঘটনাৰ ফলত তিনিটাকৈ শিশুৰ মৃত্যুৱে শোকস্তব্ধ কৰি তোলে অঞ্চলটো।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে বানিতলাৰ উলুবেৰিয়া উৰণীয়া সেতুৰ সমীপৰ এটা ঘৰত সংঘটিত হৈছে এই ঘটনা। স্থানীয় বাসিন্দা কাজল মিষ্ট্ৰীৰ ঘৰৰ ভিতৰত কেইটিমান শিশুৱে ফুলজাৰি জ্বলাই উপভোগ কৰিছিল দেৱালীৰ আনন্দ। হঠাতে ফুলজাৰিৰ স্ফুলিংগ ঘৰৰ ভিতৰত থকা আতচবাজীৰ ওপৰত পৰে আৰু লগে লগে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ লেলিহান শিখাই মুহূৰ্ততে আৱৰি ধৰে ঘৰটো।

কোঠাটো চাৰিওফালৰ পৰা আৱৰি ধৰাৰ ফলত তিনিটা শিশু কোঠাৰ ভিতৰতে আৱদ্ধ হৈ পৰে। ইফালে এনে ভয়ংকৰ অগ্নিকাণ্ড দেখা পাই চুবুৰীয়া লোকসকল সেই স্থানত সমবেত হয় আৰু জুই নিৰ্বাপনৰ বাবে বাল্টিৰে ঘৰটোত পানী ঢালিবলৈ আৰম্ভ কৰে। কিন্তু ভয়াৱহ ৰূপত বাঢ়ি অহা এই জুই এইদৰে নিয়ন্ত্ৰণ কৰা সম্ভৱপৰ নাছিল। ইফালে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে উলুবেৰিয়া আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ঘটনাস্থলীত উপস্থিত হয়।

পিছে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰালৈ পাৰ হৈছিল বহু সময়। অৱশেষত জুই নিৰ্বাপন কৰি ঘৰটোৰ ভিতৰৰ পৰা অত্যন্ত সংকটজনক অৱস্থাত সকলোকে উদ্ধাৰ কৰা হয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তিনিটা শিশুকে মৃত ঘোষণা কৰে। আনহাতে গুৰুতৰভাৱে আহত অৱস্থাত উলুবেৰিয়া মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে আন দুজন লোক।

এই ভয়ংকৰ ঘটওনাত প্ৰাণ হেৰুওৱা শিশুকেইটিক তানিয়া মিষ্ট্ৰী (১১), ঈশান ধৰা (৩) আৰু মুমতাজ খাটুন (৫) বুলি চিনাক্ত কৰা হৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটোত বৃহৎ পৰিমাণৰ ফটকা মজুত ৰখা হৈছিল আৰু ইয়াৰ ফলতে জুই দ্ৰুতগতিত বিয়পি পৰা বুলি সন্দেহ কৰা হৈছে। কাষৰ দোকান এখনতো বিয়পি পৰে এই অগ্নিকাণ্ড। ঘৰটোত কিয় এইদৰে বৃহৎ পৰিমাণৰ ফটকা মজুত কৰা হৈছিল সেই বিষয়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

উলুবেৰিয়া কাণ্ড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মন্ত্ৰী পুলক ৰয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া অতি দুখজনক ঘটনা বুলি শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়। গুৰুতৰভাৱে অগ্নিদগ্ধ এজন ব্যক্তিক উন্নত চিকিৎসাৰ বাবে কলকাতালৈ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। এই ঘটনাৰ সঠিক তদন্ত কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়।

নিশা গাৰুৰ তলত ইলাচি লৈ শুলে লাভ কৰিব এনে আচৰিত উপকাৰিতা, জানিলে উপকৃত হ’ব আপুনি
'মাতৃ-পিতৃ বন্দনা'ৰ নামত ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীয়ে পাব ৫ দিনৰ ছুটী!
শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাবলৈ দৈনিক কিমান পৰিমাণে গুৰ খাব লাগে? বিশেষজ্ঞৰ পৰা জানক
নিশাৰ সপোনত এইবোৰ বস্তু দেখা পাই নেকি? হ'ব পাৰে ধন লাভৰ সংকেত