5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুগল মেপ হৈ পৰিল মৃত্যু দূতঃ দলঙৰ পৰা নদীত পৰিল বাহন, তিনিজনৰ মৃত্যু

বহু সময়ত গুগল মেপ ব্যৱহাৰ কৰি অথন্তৰৰ সন্মুখীন হোৱাৰ ঘটনা পোহৰলৈ আহে। পিছে গুগল মেপ ব্যৱহাৰ কৰি এইবাৰ শোকাৱহভাৱে প্ৰাণ হেৰুৱাবলগীয়া হৈছে তিনিগৰাকী ব্যক্তিয়ে। গুগল মেপ ব্যৱহাৰ কৰি যাত্ৰা কৰি থকাৰ সময়তে এখন বাহন নিৰ্মাণৰত এখন দলঙৰ পৰা বাগৰি পৰে আৰু বাহনত থকা তিনিজন লোকৰ থিতাতে মৃত্যু হয়।

গুগল মেপ হৈ পৰিল মৃত্যু দূতঃ দলঙৰ পৰা নদীত পৰিল বাহন, তিনিজনৰ মৃত্যু
শোকাৱহ দুৰ্ঘটনাত তিনি যুৱকৰ মৃত্যু
monjit-dutta
Monjit Dutta | Published: 24 Nov 2024 17:43 PM

প্ৰযুক্তিৰ ব্যৱহাৰে সহজ কৰি তুলিছে ব্যক্তিৰ জীৱন। দৈনন্দিন জীৱনৰ প্ৰায় প্ৰতিটো কামতে মানুহে গ্ৰহণ কৰিছে উন্নত প্ৰযুক্তিৰ সুবিধা। বৰ্তমান ব্যক্তিৰ ব্যস্ততাপূৰ্ণ জীৱনত সততে ব্যৱহৃত তেনে এক প্ৰযুক্তি হৈছে গুগল মেপ। কোনো স্থানলৈ ভ্ৰমণ কৰাৰ সময়ত লক্ষ্যস্থানৰ সন্ধান কৰাৰ ক্ষেত্ৰত এক ফলপ্ৰসূ মাধ্যম হিচাপে গুগল মেপ সকলোৱে ব্যৱহাৰ কৰে। ইয়াৰ সহায়ত লক্ষ্যস্থানত উপস্থিত হোৱাত সহজ হৈ পৰে ব্যক্তিজনৰ বাবে। পিছে গুগল মেপ ব্যৱহাৰ কৰি যিকোনো ব্যক্তি বিপদত পৰা ঘটনাও নঘটা নহয়।

বহু সময়ত গুগল মেপ ব্যৱহাৰ কৰি অথন্তৰৰ সন্মুখীন হোৱাৰ ঘটনা পোহৰলৈ আহে। পিছে গুগল মেপ ব্যৱহাৰ কৰি এইবাৰ শোকাৱহভাৱে প্ৰাণ হেৰুৱাবলগীয়া হৈছে তিনিগৰাকী ব্যক্তিয়ে। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেইলীত। গুগল মেপ ব্যৱহাৰ কৰি যাত্ৰা কৰি থকাৰ সময়তে এখন বাহন নিৰ্মাণৰত এখন দলঙৰ পৰা বাগৰি পৰে আৰু বাহনত থকা তিনিজন লোকৰ থিতাতে মৃত্যু হয়।

এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে বৰেইলীৰ ফৰিদপুৰ আৰক্ষী থানা আৰু বদৌনৰ দাতাগঞ্জ আৰক্ষী থানাৰ পৰা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু জেচিবিৰ সহায়ত দুৰ্ঘটনাগ্ৰস্ত বাহনখন নদীৰ পৰা উলিয়াই আনে। কিন্তু সেইসময়লৈ গাড়ীৰ ভিতৰতে মৃত্যু ঘটিছিল তিনিওজন লোকৰ। এই ঘটনাক কেন্দ্ৰ কৰি শোকাৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত। আৰক্ষীয়ে তিনিওজনৰ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও জিপিএছ নেভিগেচনৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে। গুগল মেপ চাই যাত্ৰা কৰাৰ ফলত বাহনখন এখন নিৰ্মীয়মান দলঙৰ  ওপৰত উঠে। বানপানীৰ বাবে দলঙৰ সন্মুখৰ অংশ বিগত সময়ছোৱাত নদীত বাগৰি পৰিছিল, সেয়ে নিৰ্মীয়মান অৱস্থাত আছিল দলংখন। ইয়াৰ ফলত দ্ৰুতবেগী বাহনখন দলঙৰ পৰা পোনে পোনে ৰামগংগা নদীত বাগৰি পৰে।

এই শোকাৱহ দুৰ্ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে স্থানীয় বহু লোক ঘটনাস্থলীত সমবেত হয়। তিনিগৰাকীকৈ ব্যক্তিয়ে এইদৰে শোকাৱহভাৱে প্ৰাণ হেৰুওৱাৰ বাবে সকলো লোকেই কৰিছে দুখ প্ৰকাশ। জানিব পৰা মতে দুৰ্ঘটনাত নিহত লোককেইজন আত্মীয়ৰ বিয়াৰ বাবে যাত্ৰা কৰিছিল। গুগল মেপত দেখুওৱা ভুল পথেৰে বাহনখন আগুৱাই নিয়াৰ ফলত এনে হৃদয় বিদাৰক দুৰ্ঘটনাত পতিত হয় বাহনখন।

ইতিমধ্যে এই দুৰ্ঘটনাত নিহত আটাইকেইজন লোককে চিনাক্ত কৰা হৈছে। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় বিবেক আৰু কৌশল নামৰ দুগৰাকী ভাতৃয়ে। আনহাতে বাহনত থকা নিহত আনজন যুৱক তেওঁলোকৰ বন্ধু আছিল। নিহত আটাইকেইজন যুৱকক চিনাক্ত কৰাৰ পিছত আৰক্ষীয়ে তেওঁলোকৰ পৰিয়ালক এই বিষয়ে অৱগত কৰে।

Latest News