বৰ্বৰ! শিক্ষক কাছিমে ৰেহানে ৩ বছৰীয়া শিশুৰ লগত কৰিলে জঘন্য কাণ্ড | 3 years old girl rape in school by teacher bhopal madhya pradesh Assam news - Assam Tv9

বৰ্বৰ! শিক্ষক কাছিমে ৰেহানে ৩ বছৰীয়া শিশুৰ লগত কৰিলে জঘন্য কাণ্ড

Published: 

18 Sep 2024 17:03 PM

পিতৃ-মাতৃৰ এজাহাৰৰ পাছতেই শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰা হয় য'ত ধৰ্ষণ হোৱাৰ প্ৰমাণ পোৱা গৈছে। তাৰ ভিত্তিতেই আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে BNS 74, 75 ৰ অধীনত আৰু পচকো আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।

বৰ্বৰ! শিক্ষক কাছিমে ৰেহানে ৩ বছৰীয়া শিশুৰ লগত কৰিলে জঘন্য কাণ্ড

প্ৰতীকি ফটো

Follow Us On

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। একাংশ পাষাণলোকৰ কবলৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। নাৰীজনিত ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এতিয়ালৈকে সম্পূৰ্ণৰূপে এয়া ৰোধ কৰিব পৰা নাই। তথ্য অনুসৰি দেশত প্ৰতিদিনে ৮০ টাৰো অধিক ধৰ্ষণ কাণ্ড সংঘটিত হয়। কিছুমান কাণ্ড এনে নৃশংস থাকে যে যি মানৱতাৰ ওপৰত এক প্ৰশ্নবোধক তুলি ধৰে। এনে ধৰণৰ এক ঘটনাই পোহৰলৈ আহিছে য’ত এটি ৩ বছৰীয়া শিশুক ধৰ্ষণ কৰে বিদ্যালয়ৰ শিক্ষকে।

ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পাছতেই এই সন্দৰ্ভত শিশুটিয়ে তেওঁৰ পিতৃ- মাতৃক অৱগত কৰে। পিতৃ- মাতৃয়ে যেতিয়া শিশুটিৰ গোপন অংগ দেখে তেতিয়া আচৰিত হৈ পৰে। কিয়নো শিশুটিৰ গোপন অংগত আছিল বহু আঘাতৰ চিন। তাৰ পাছতেই মঙলবাৰে পৰিয়ালৰলোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।  এই জঘন্য ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ ৰাজধানী ভোপালত। ইয়াৰে ৰেডক্লিফ স্কুলত ৩ বছৰীয়া শিশুটিৰ লগত এই জঘন্য কাণ্ড সংঘটিত হৈছে।

এই ঘটনাৰ অভিযুক্তৰ নাম কাছিম ৰেহান বুলি জানিব পৰা গৈছে। কাছিম নামৰ এই যুৱকজন স্কুলৰ কাৰিকৰী বিভাগৰ শিক্ষক। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে।আৰক্ষীয়ে জনাইছে যে, পিতৃৃৃ- মাতৃৰ পৰা এজাহাৰ পোৱাৰ লগে লগে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত কাছিম ৰেহান এগৰাকী শিক্ষক বুলি চিনাক্ত হৈছে।

ইয়াৰ বিপৰীতে ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষই জনাই যে এই বিষয়ে তেওঁ একো নাজানে। বিদ্যালয়ৰ অধ্যক্ষ স্বতীয়ে কয় যে অভিভাৱকে তেওঁলোকক একো কোৱা নাছিল বা কোনো ধৰণৰ খবৰ দিয়া নাছিল। অৱশ্যে এতিয়াও বিদ্যালয় প্ৰশাসনে আৰক্ষী আৰু অভিভাৱকক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কৈছে।

এই ঘটনাৰ পাছতেই কাছিমক বিদ্যালয়ৰ চাকৰিৰ পৰা অব্যাহতি দিছে। জানিব পৰা মতে অভিযুক্তই বিদ্যালয়ৰ কাৰিকৰী বিভাগৰ কামসমূহ চোৱা- চিতা কৰিছিল। শ্ৰেণীকোঠাৰ ভিতৰতে কাছিমে শিশুটিৰ লগত এই ধৰ্ষণ কাণ্ড সংঘটিত কৰে। ধৰ্ষণৰ এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পাছতেই ৰাজ্যখনত ইয়াক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। একাংশই এই ক্ষেত্ৰত শিশুৰ নিৰাপত্তাৰ দিশটোৰ কথাও উল্লেখ কৰিছে।

আৰক্ষীয়ে কয় যে পিতৃ-মাতৃৰ এজাহাৰৰ পাছতেই শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰা হয় য’ত ধৰ্ষণ হোৱাৰ প্ৰমাণ পোৱা গৈছে। তাৰ ভিত্তিতেই আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে BNS 74, 75 ৰ অধীনত আৰু পচকো আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। এই ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version