শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিশা দায়িত্ব পালনত অসুৰক্ষিত ৩৫ শতাংশ মহিলা চিকিৎসক! IMAৰ সমীক্ষাত উদ্বেগজনক তথ্য

IMAৰ এক সমীক্ষা অনুসৰি এক তৃতীয়াংশ চিকিৎসকে নৈশ শ্বিফটত দায়িত্ব পালনৰ ক্ষেত্ৰত অসুৰক্ষিত অনুভৱ কৰে আৰু ইয়াৰে অধিকাংশই মহিলা চিকিৎসক। নিশা দায়িত্ব পালনৰ সময়ত এই চিকিৎসকসকল নিৰাপত্তাৰ প্ৰতি ইমানেই ভীতিগ্ৰস্ত যে, অধিকাংশ চিকিৎসকে আত্মৰক্ষাৰ বাবে অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই নিয়াৰ প্ৰয়োজনীয়তাও অনুভৱ কৰে।

নিশা দায়িত্ব পালনত অসুৰক্ষিত ৩৫ শতাংশ মহিলা চিকিৎসক! IMAৰ সমীক্ষাত উদ্বেগজনক তথ্য
IMAৰ সমীক্ষাত প্ৰকাশ উদ্বেগজনক তথ্য
monjit-dutta
Monjit Dutta | Published: 30 Aug 2024 20:37 PM

কলকাতাৰ ধৰ্ষণ তথা হত্যাকাণ্ডক কেন্দ্ৰ কৰি দেশত এতিয়াও অব্যাহত আছে উত্তেজনা। দেশজুৰি এই ঘটনাক লৈ এতিয়াও প্ৰতিবাদ অব্যাহত আছে। তাৰ মাজতে শেহতীয়াকৈ প্ৰকাশ পাইছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন (IMA)ৰ এক সমীক্ষা। IMAৰ এই সমীক্ষা অনুসৰি এক তৃতীয়াংশ চিকিৎসকে নৈশ শ্বিফটত দায়িত্ব পালনৰ ক্ষেত্ৰত অসুৰক্ষিত অনুভৱ কৰে আৰু ইয়াৰে অধিকাংশই মহিলা চিকিৎসক। নিশা দায়িত্ব পালনৰ সময়ত এই চিকিৎসকসকল নিৰাপত্তাৰ প্ৰতি ইমানেই ভীতিগ্ৰস্ত যে, অধিকাংশ চিকিৎসকে আত্মৰক্ষাৰ বাবে অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই নিয়াৰ প্ৰয়োজনীয়তাও অনুভৱ কৰে।

শেহতীয়াকৈ কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজত এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পিছতে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে এই অনলাইন সমীক্ষা চলাইছিল। ইয়াৰ জৰিয়তে দেশৰ চিকিৎসকসকলৰ মনত নিজৰ সুৰক্ষাক লৈ কেনে ধৰণৰ চিন্তা আছে, সেই বিষয়ে জানিবলৈ এক প্ৰয়াস কৰা হৈছিল।

এই অনলাইন সমীক্ষাত দেখা গৈছে যে নৈশ শ্বিফটত ৪৫ শতাংশ চিকিৎসকৰ বাবে ডিউটি ​​ৰুম উপলব্ধ নহয়। আই এম এয়ে জানিবলৈ দিয়া মতে, এই সমীক্ষাত ৩৮৮৫ জন চিকিৎসকক অন্তৰ্ভুক্ত কৰা হৈছিল। এই বিষয়ত দেশৰ ভিতৰতে এয়াই সৰ্ববৃহৎ সমীক্ষা আছিল বুলি জানিব পৰা গৈছে। এই সমীক্ষাত ২২খনতকৈও অধিক ৰাজ্যৰ চিকিৎসকৰ ভাষ্য গ্ৰহণ কৰা হৈছিল।

ইয়াৰে ৮৫ শতাংশ চিকিৎসকৰ বয়স ৩৫ বছৰৰ তলৰ হোৱাৰ বিপৰীতে ৬১ শতাংশ আছিল প্ৰশিক্ষাৰ্থী চিকিৎসক। সমীক্ষাৰ তথ্যত প্ৰকাশ পাইছে যে অসুৰক্ষিত অনুভৱ কৰা চিকিৎসকৰ ভিতৰত অধিক সংখ্যক মহিলা। ২০-৩০ বছৰ বয়সৰ চিকিৎসক সকলৰ মনত নিৰাপত্তাক লৈ অধিক শংকা আছে আৰু এই গোটত বহুলাংশে প্ৰশিক্ষাৰ্থী, স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে।

সমীক্ষাটোত লগতে মহিলা চিকিৎসকসকলে অতিমাত্ৰা ভিৰ আৰু গোপনীয়তাৰ অভাৱৰ বাবে কৰ্তব্যৰত অৱস্থাত অসুৰক্ষিত অনুভৱ কৰে বুলি দেখিবলৈ পোৱা গৈছে। সেয়েহে তেওঁলোকে জিৰণিৰ বাবে বিকল্প কোঠালৈ যাব লগা হয়। আনহাতে অধিকাংশ ডিউটি ​​ৰুমত সংলগ্ন বাথৰুম নাই বুলিও প্ৰকাশ পাইছে। অৰ্থাৎ চিকিৎসকসকলে শৌচাগাৰ ব্যৱহাৰৰ বাবে কোঠাৰ পৰা ওলাই যাব লগা হয়।

এই সমীক্ষাত অংশগ্ৰহণ কৰা চিকিৎসকসকলক লগতে তেওঁলোকৰ সুৰক্ষা বৃদ্ধিৰ বাবে ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভতো প্ৰশ্ন কৰা হৈছিল। এই সন্দৰ্ভত চিকিৎসকসকলে বহু পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ ভিতৰত চিকিৎসালয়ত নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰা, চিচিটিভি কেমেৰা লগোৱা, কেন্দ্ৰীয় নিৰাপত্তা আইন (চিপিএ) কাৰ্যকৰী কৰা, পৰিচাৰকৰ সংখ্যা সীমিত কৰা, এলাৰ্ম চিষ্টেম স্থাপন কৰা, সুৰক্ষিত কৰ্তব্য কোঠা আদিৰ দৰে মৌলিক সুবিধাৰ ব্যৱস্থা কৰা অন্যতম।

Latest News