আলমোৰা দুৰ্ঘটনাত নিহতৰ সংখ্যা ৩৬জনলৈ বৃদ্ধিঃ মুখ্যমন্ত্ৰীৰ সাহায্য ঘোষণা
উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত হোৱা ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত আহত আন তিনিজন লোকক বিমানযোগে ঋষিকেশ এইমছলৈ লৈ যোৱা হৈছে। এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে নিহত লোকৰ পৰিয়াললৈ ৪ লাখ আৰু আহতসকলক ১ লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।
উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত হোৱা ভয়াৱহ দুৰ্ঘটনাই তুলিছে মৃত্যুৰ কিৰিলি। এই ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত আহত আন তিনিজন লোকক বিমানযোগে ঋষিকেশ এইমছলৈ লৈ যোৱা হৈছে। স্থানীয় এগৰাকী প্ৰশাসনিক বিষয়াই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সদৰী কৰি্ছে। তেওঁ লগতে দুৰ্ঘটনাস্থলীত ঘটনাৰ পিছৰে পৰা চলি থকা উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱা বুলিও জানিবলৈ দিয়ে। এই হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।
ইফালে দুৰ্ঘটনা সন্দৰ্ভত সবিশেষ তথ্য লাভ কৰাৰ পিছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে শোক প্ৰকাশ কৰিছে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰু আহতসকলক ১ লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ধামিয়ে। দুৰ্ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ধামিয়ে পুৰী আৰু আলমোৰা অঞ্চলৰ পৰিবহণ বিভাগৰ দায়িত্ববাহী বিষয়াগৰাকীক নিলম্বনৰ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে প্ৰাথমিক অৱস্থাত এই দুৰ্ঘটনাত ১৫ জন লোকৰ থিতাতে মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছিল। অৱশ্যে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত থকা বুলি সদৰী কৰি এগৰাকী বিষয়াই আহত লোকসকলৰ আঘাতৰ প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি নিহত সংখ্যা বৃদ্ধি পাব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছিল। সেই অনুসাৰে আলমোৰা জিলা চিকিৎসালয় আৰু স্থানীয় সামূহিক স্বাস্থ্য কেন্দ্ৰসমূহকো সতৰ্ক কৰি তুলিছিল প্ৰশাসনে।
এই ভয়ংকৰ দুৰ্ঘটনা আলমোৰাৰ মাৰ্চুলাৰ সমীপত সংঘটিত হয়। দুৰ্ঘটনাত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে যাত্ৰীবাহী বাছখন। প্ৰায় ৪০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বাছখন নৈনীদাণ্ডাৰ কিনাথৰ পৰা ৰামনগৰ অভিমুখে ৰাওনা হৈছিল। দুৰ্ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে জিলা প্ৰশাসনৰ বিষয়া, আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল।
SDRF আৰু NDRF বাহিনীৰ যৌথ অভিযানকাৰী দলে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলাই আহত লোকসকলক বাছখনৰ ভিতৰৰ পৰা উলিয়াই এম্বুলেঞ্চৰ সহায়ত লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। এই ভয়ংকৰ ঘটনাৰ ফলত ৰাজ্যজুৰি সৃষ্টি হৈছে শোকাৱহ পৰিস্থিতিৰ। ইতিমধ্যে প্ৰশাসনে এই দুৰ্ঘটনাৰ তদন্ত কৰা হ’ব বুলি আশ্বাস দিছে।
লগতে গাড়ীখনত কোনো কাৰিকৰী সমস্যা আছিল নেকি নে বাছ চালকজনে মদ্যপান কৰি গাড়ী চলাইছিল তথা বাছখনৰ গতিবেগ কিমান আছিল সেই বিষয়ে জানিবলৈ চেষ্টা কৰা হৈছে বুলি এগৰাকী প্ৰশাসনিক বিষয়াই উল্লেখ কৰে।