জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত আহত তিনি সেনা জোৱানঃ আহত এগৰাকী আৰক্ষীও | 4 army personnel policeman injured encounter in Jammu Kashmir Kulgam Assam news - Assam Tv9

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত আহত তিনি সেনা জোৱানঃ আহত এগৰাকী আৰক্ষীও

Updated On: 

28 Sep 2024 11:23 AM

জম্মু কাশ্মীৰ কুলগামত আজি পুৱাৰ পৰা আৰম্ভ হোৱা নিৰাপত্তা বাহিনীৰ এক যৌথ অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ গুলীত তিনিগৰাকী সেনা জোৱান আৰু এগৰাকী আৰক্ষী আহত হৈছে। কুলগামৰ আদিগাম অঞ্চলত সূত্ৰপাত হৈছে এই সংঘৰ্ষৰ। দুয়োপক্ষৰ মাজৰ এই সংঘৰ্ষ এতিয়াও অব্যাহত আছে বুলি জানিব পৰা গৈছে।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত আহত তিনি সেনা জোৱানঃ আহত এগৰাকী আৰক্ষীও

প্ৰতিনিধিত্বমূলক ছবি

Follow Us On

জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত আন এক এক সংঘৰ্ষ সংঘটিত হৈছে। এই সংঘৰ্ষত তিনিগৰাকী সেনা জোৱান আহত হোৱাৰ লগতে এগৰাকী আৰক্ষীও আহত হোৱা বুলি জানিব পৰা গৈছে। উপত্যকাটোৰ কুলগামত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এই সংঘৰ্ষৰ সূ্ত্ৰপাত হৈছে। প্ৰকাশিত খবৰ অনুসৰি আজি পুৱা কুলগামৰ আদিগাম অঞ্চলত নিৰাপত্তা বাহিনীয়ে চলোৱা তালাচী অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীত আহত হয় জোৱানকেইজন।

জানিব পৰা মতে অঞ্চলটোত ২-৩ জন সন্ত্ৰাসবাদী সদস্য লুকাই থকা বুলি চোৰাংচোৱা তথ্য লাভ কৰিছিল নিৰাপত্তা বাহিনীয়ে। এই তথ্যৰ আধাৰতে লগে লগে অঞ্চলটোত এক যৌথ অভিযান আৰম্ভ কৰা হয়। তালাচী অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ দলটোৱে অভিযানকাৰী নিৰাপত্তাৰক্ষী দলটোৰ ওপৰত গুলীচালনা কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও প্ৰত্যাক্ৰমণ চলায় বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা গুলীচালনাত এই জোৱানকেইজন আহত হয় বুলি প্ৰকাশ পাইছে। আহত জোৱানকেইজনক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়াও অঞ্চলটোত নিৰাপত্তা বাহিনীৰ অনুসন্ধান অভিযান অব্যাহত আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। ইতিমধ্যে অভিযানকাৰী দলটোৱে ঘেৰাও কৰিছে সমগ্ৰ অঞ্চলটো।

এই অভিযানত সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহো জড়িত হৈ আছে বুলি জানিব পৰা গৈছে। লক্ষণীয়ভাৱে বিগত কিছুদিনৰ পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গতিবিধি যথেষ্ট বৃদ্ধি পাইছে। ধাৰাবাহিকভাৱে নিৰাপত্তা বাহিনীৰ সৈতে সংঘত লিপ্ত হৈছে সন্ত্ৰাসবাদীৰ দল। এনে পৰিস্থিতি সন্ত্ৰাসবাদ দমনৰ লক্ষ্যৰে উপত্যকাটোত অহৰহ তালাচী অভিযান চলোৱা হৈছে।

 

শেহতীয়াকৈ কিষ্টৱাৰৰ গুৰিনাল গাঁৱত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এনে এক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। দন্না ধৰ বনাঞ্চলৰ সমীপত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰিছিল আৰু দুয়োপক্ষৰ মাজত ইয়াৰ পিছত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল। তাৰ পূৰ্বে কাঠুৱা আৰু পুঞ্চতো নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল।

ইফালে শুকুৰবাৰে পুলৱামাত সন্ত্ৰাসবাদীৰ এক বৃহৎ কূটাঘাটৰ পৰিকল্পনা বিফল কৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। এক অভিযানৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জইছ-ই-মহম্মদৰ ৬ জন সহযোগীক। চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে। ধৃত সহযোগীসকলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলীও উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

লক্ষণীয়ভাৱে জম্মু-কাশ্মীৰত সম্প্ৰতি চলি আছে বিধানসভা নিৰ্বাচন। তিনিটা পৰ্যায়ত এই নিৰ্বাচনৰ ইতিমধ্যে যোৱা ১৮ ছেপ্টেম্বৰ আৰু ২৫ ছেপ্টেম্বৰত প্ৰথম দুটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে। অহা ১ অক্টোবৰত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। নিৰ্বাচনৰ বাবে উপত্যকাটোত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। তাৰ মাজতো সন্ত্ৰাসবাদীৰ বৰ্ধিত কুচকাৱাজে উদ্বেগৰ সৃষ্টি কৰিছে।

নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
ঋণত ডুব গৈ আছে নেকি? বাস্তু শাস্ত্ৰৰ এই টিপচ গ্ৰহণ কৰি কৰক সমাধান
Exit mobile version