জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক সহায় কৰা ৪ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ…

নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক সহায় কৰা ৪ জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে এই আটাইকেইজনে নিষিদ্ধ সংগঠনটোৰ বিভিন্ন কাম-কাজত সহায় কৰে।

জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক সহায় কৰা ৪ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ...

জম্মু-কাশ্মীৰ

Published: 

01 Jan 2025 17:16 PM

দক্ষিণ কাশ্মীৰৰ অৱন্টিপোৰাত জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক সহায় কৰা ৪ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, নিৰাপত্তাৰক্ষীৰ লগতে ট্ৰালত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক সমৰ্থন কৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোককেইজন – ট্ৰাল পাইনৰ নিৱাসী মুদাছিৰ আহমেদ নাইকৰ পুত্ৰ ফাৰুক আহমেদ নাইক, কুচমুল্লাৰ নিৱাসী উমৰ নজিৰ শেইখৰ পুত্ৰ নজিৰ আহমেদ শেইখ, ত্ৰাল পাইনেৰ নিবাসী ফিৰদৌছ আহমেদ ৰাথেৰৰ পুত্ৰ ইনায়ত ফিৰদূছ ৰাথৰ আৰু কৌনছাৰবাল ট্ৰাস নিবাসী ছলমান নজিৰ লোন পুত্ৰ আহমেদ লোন।

গ্ৰেপ্তাৰ হোৱা আটাইকেইগৰাকী সন্ত্ৰাসবাদী সহযোগী আৰক্ষী জিলা আৱন্তিপোৰাৰ ট্ৰাল আৰু আৱন্টিপোৰা অঞ্চলত কাম কৰা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক লজিষ্টিক সহায় আৰু অস্ত্ৰ-শস্ত্ৰ পৰিবহণৰ কামত জড়িত আছিল। এই সন্দৰ্ভত আৰক্ষীয়ে এফ আই আৰৰ সংখ্যা 134/2024 ৰ অধীনত গোচৰ ৰুজু কৰে। লগতে আগন্তুক তদন্ত অব্যাহত ৰাখে।

আনহাতে, শ্ৰীনগৰত ধন দাবী কৰাৰ গোচৰত আন ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সূত্ৰ অনুসৰি জানিব পৰা মতে, ২৩ ডিচেম্বৰত ফিৰদৌছ আবাদ বাটমালু নিবাসী হাছান শেইখৰ পুত্ৰ মহিউদ্দিনে আহত অৱস্থাত থানা মাইছুমালৈ আহি লিখিত এজাহাৰ দাখিল কৰে। তেওঁ এজাহাৰত উল্লেখ কৰিছিল যে ২২ ডিচেম্বৰৰ দিনা তেওঁ যেতিয়া বুদশ্বাহলৈ চাফাই কামত ওলাই গৈছিল তেতিয়া এটা দলে তেওঁ ৰখাইছিল। এজাহাৰত কয় যে, দুবৃত্তৰ দলটোৱে  তেওঁক আক্ৰমণ কৰাৰ লগতে বলপূৰ্বকভাৱে তেওঁৰ মানিবেগৰ পৰা কিছু নগদ ধন কাঢ়ি লৈ ​​পলায়ন কৰে। আইনৰ সংশ্লিষ্ট ধাৰাত ৩০/২০২৪ নং এফআইআৰৰ অধীনত মাইচুমা থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হয়।

এই ঘটনাৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু ঘটনা সংঘটিত হোৱা স্থানৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে। তদন্তৰ অন্তত ঘটনাৰ লগত জড়িত অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱাসকল ইছফাক আহমেদ দাৰ ওৰফে ইছ মত্ত, তাহিৰ আহমেদ মিৰ ,আৰ্ছালান মুস্তাক বন্দ্ৰু বুলি চিনাক্ত হৈছে।

 

 

সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!