উত্তৰাখণ্ড হিমস্খলনত চাৰি শ্ৰমিকৰ মৃত্যুঃ ৪৬ জনক জীৱন্তে উদ্ধাৰ, এতিয়াও সন্ধানহীন ৫ জন
উত্তৰাখণ্ডৰ চামোলি জিলাত সংঘটিত হোৱা ভয়ংকৰ হিমস্খলনৰ ঘটনাত প্ৰাণ হেৰুৱাইছে চাৰিজন শ্ৰমিকে। আনহাতে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰকাৰী দলে ৪৬ জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে ৫জন শ্ৰমিক এতিয়াও বৰফৰ মাজত আৱদ্ধ হৈ আছে।

শুকুৰবাৰে উত্তৰাখণ্ডৰ চামোলি জিলাত সংঘটিত হোৱা ভয়ংকৰ হিমস্খলনৰ ঘটনাত প্ৰাণ হেৰুৱাইছে চাৰিজন শ্ৰমিকে। এই দুৰ্ঘটনাৰ পিছতে প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত এইপৰ্যন্ত চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। আনহাতে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰকাৰী দলে ৪৬ জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে ৫জন শ্ৰমিক এতিয়াও বৰফৰ মাজত আৱদ্ধ হৈ আছে। নিৰুদ্দিষ্ট এই শ্ৰমিককেইজনৰ সন্ধানত ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আজি ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাস্থলীত থকা প্ৰশাসনিক কৰ্তৃপক্ষৰ সৈতে বাৰ্তালাপ কৰি উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ধামীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি তেওঁক সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে। সেনাৰ তথ্য অনুসৰি শুকুৰবাৰে পুৱা ৫:৩০ৰ পৰা ৬ বজাৰ ভিতৰত মানা আৰু বদ্ৰীনাথৰ মাজৰ পথত এই ভয়ংকৰ হিমস্খলনৰ ঘটনা সংঘটিত হৈছিল।
হিমবাহ বিস্ফোৰণৰ ফলত ওপৰৰ পৰা বাগৰি অহা বৰফে পুতি পেলাইছিল পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা ৫৫জন শ্ৰমিকক। ঘটনাৰ বিষয়ে তথ্য প্ৰকাশ হোৱাৰ লগে লগে স্থানীয় প্ৰশাসন আৰু ব’ৰ্ডাৰ ৰ’ড অৰ্গেনাইজেচন, চমুকৈ BROৰ দল ঘটনাস্থলীত উপস্থিত হৈ তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল। কৰ্তৃপক্ষৰ তৎপৰতাত ১০ জন শ্ৰমিকক লগে লগে উদ্ধাৰ কৰা সম্ভৱ হৈছিল যদিও আন ৪৭ জন শ্ৰমিক নিৰুদ্দিষ্ট হৈ ৰৈছিল।
স্থানীয় প্ৰশাসন আৰু ব’ৰ্ডাৰ ৰ’ড অৰ্গেনাইজেচনৰ লগতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), জিলা প্ৰশাসন, ইণ্ডো-তিব্বেতান ব’ৰ্ডাৰ পুলিচ (ITBP), ভাৰতীয় সেনাৰ দলো উদ্ধাৰ অভিযানত নামি পৰিছিল। কিন্তু শুকুৰবাৰে বৰষুণ আৰু তুষাৰপাতৰ ফলত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হোৱাৰ লগতে নিশা হোৱাৰ বাবে অভিযান স্থগিত ৰখা হয়। আজি পুৱা বতৰ পৰিষ্কাৰ হোৱাত উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰা হয়।
বিশেষ ৰেকো ৰাডাৰ, ইউএভি, কোৱাডকপ্টাৰ, প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ সহায়ত ঘটনাস্থলীত শ্ৰমিকসকলৰ সন্ধান চলাই থকা হৈছে। আনহাতে উদ্ধাৰ অভিযানত সহায়ৰ বাবে হেলিকপ্টাৰো ব্যৱহাৰ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত ভাৰতীয় সেনাৰ চিকিৎসকে গুৰুতৰভাৱে আহত লোকসকলক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে ভাৰতীয় সেনা বায়ুসেনাৰ ৮খন হেলিকপ্টাৰ ব্যৱহাৰ কৰি আহতসকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।
ভাৰতীয় সেনাৰ চেণ্ট্ৰেল কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ, জেনেৰেল অফিচাৰ কমাণ্ডিং নৰ্থ ইণ্ডিয়া এৰিয়া আৰু ডাইৰেক্টৰ জেনেৰেল বৰ্ডাৰ ৰোডকে ধৰি উচচপদস্থ বিষয়াসকলে এই অভিযানৰ নিৰীক্ষণ আৰু সমন্বয়ৰ বাবে ঘটনাস্থলীত উপস্থিত থাকে।