শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শোকাৱহ ঘটনা! কাৰখানাত ঘটিল ভয়ংকৰ বিস্ফোৰণ, মহিলাসহ চাৰি শ্ৰমিকৰ মৃত্যু

পশ্চিমবংগৰ এক ফটকা নিৰ্মাণ কাৰখানাত সংঘটিত হৈছে ভয়াৱহ বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা অগ্নিকাণ্ডত মৃত্যু ঘটিছে চাৰিজন লোকৰ। ৰাজ্যখনৰ নাদিয়া জিলাৰ কল্যাণীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে অগ্নিদগ্ধ হোৱাৰ ফলত এগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

শোকাৱহ ঘটনা! কাৰখানাত ঘটিল ভয়ংকৰ বিস্ফোৰণ, মহিলাসহ চাৰি শ্ৰমিকৰ মৃত্যু
বিস্ফোৰণত চাৰি শ্ৰমিকৰ মৃত্যু
monjit-dutta
Monjit Dutta | Published: 07 Feb 2025 17:00 PM

এক ফটকা নিৰ্মাণ কাৰখানাত সংঘটিত হৈছে ভয়াৱহ বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা অগ্নিকাণ্ডত মৃত্যু ঘটিছে চাৰিজন লোকৰ। পশ্চিমবংগৰ নাদিয়া জিলাৰ কল্যাণীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। স্থানীয় সূত্ৰই জানিবলৈ দিয়া মতে, ঘটনাত নিহতসকলৰ ভিতৰত দুগৰাকী মহিলাও আছে। আনহাতে অগ্নিদগ্ধ হোৱাৰ ফলত এগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। কল্যাণীৰ জৱাহৰলাল নেহৰু মেম’ৰিয়েল হস্পিতালত চিকিৎসাধীন হৈ আছে আহত মহিলাগৰাকী।

ঘটনাত নিহত আটাইকেইজনেই কাৰখানাটোত কৰ্মৰত শ্ৰমিক আছিল। প্ৰকাশিত খবৰ অনুসৰি আজি বিয়লি নাদিয়াৰ কল্যাণীৰ ৰাঠতলা নামৰ ঘন জনবসতিপূৰ্ণ অঞ্চলৰ এটা ফটকা কাৰখানাত এই বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে, ক্ষণিকৰ ভিতৰতে সমগ্ৰ ফটকা কাৰখানাটো জ্বলি ছাই হৈ পৰে। বিস্ফোৰণৰ ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

এই বিস্ফোৰণৰ খবৰ লাভ কৰাৰ পিছতে স্থানীয় কল্যাণী থানাৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপণ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে। বিস্ফোৰণৰ ফলত কাৰখানাৰ দেৱালসমূহ ভাঙি পৰে। তেনে পৰিস্থিতিত কাৰখানাৰ কোনো শ্ৰমিক ঘটনাস্থলীত আৱদ্ধ হৈ থকাৰ আশংকাত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

প্ৰাথমিক তদন্তৰ পিছত আৰক্ষীয়ে আতচবাজী নিৰ্মাণ কৰাৰ সময়ত শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয় আৰু ইয়াৰ ফলত বিস্ফোৰণ সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে সেয়া এতিয়াও স্পষ্ট হৈ পৰা নাই আৰু সেয়ে বিস্ফোৰণৰ প্ৰকৃত কাৰণৰ তদন্ত চলাই থকা হৈছে। লক্ষণীয়ভাৱে পশ্চিম ভংগত অৱস্থিত এনে ফটকা কাৰখানা সন্দৰ্ভত বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে।

ৰাজ্যখনত অধিকাংশ ফটকা কাৰখানা অবৈধভাৱে চলি থকা বুলি অভিযোগ উত্থাপন হয়। আৰক্ষী আৰু প্ৰশাসনৰ চকুৰ আগতে এনেধৰণৰ অবৈধ কাৰ্যকলাপ চলি থকাৰ অভিযোগ উঠি আহিছে। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত কেইবাবাৰো সকীয়নি প্ৰদান কৰিছে অবৈধ প্ৰতিষ্ঠানসমূহক। এতিয়া বিস্ফোৰণ সংঘটিত হোৱা কল্যাণীৰ এই ফটকা কাৰখানাক লৈও প্ৰশ্ন তুলিছে বহুজনে।

বিস্ফোৰণৰ পিছতে স্থানীয় কাউন্সিলাৰ সুব্ৰত চক্ৰৱৰ্তীয়ে এনে কোনো কাৰখানাৰ বিষয়ে তেওঁ অৱগত নহয় বুলি দাবী কৰে। বিস্ফোৰণৰ পিছতহে তেওঁ কাৰখানাটোৰ বিষয়ে জানিব পাৰে বুলি উল্লেখ কৰে। ইফালে স্থানীয় বিধায়িকা অম্বিকা ৰায়ে কাৰখানাটোৰ বিষয়ে তথ্য থকাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ কৰিছে।

উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা ৰাজ্যখনৰ বহু স্থানত অৱস্থিত ফটকা কাৰখানাত বিস্ফোৰণ্ৰ খবৰ পোহৰলৈ আহিছে। বিগত ২০২৩ চনত খাদিকুলৰ এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হৈছিল। একে বছৰতে বজ বজত তিনিজন, ইংলিশ বজাৰত দুজন আৰু নীলগঞ্জত ৯জন লোকৰ এনে বিস্ফোৰণ কাণ্ডত মৃত্যু হৈছিল।