শোকাৱহ ঘটনাঃ দুগ্ধ ডায়েৰীত ভয়ংকৰ অগ্নিকাণ্ড, একেটা পৰিয়ালৰ চাৰিজনৰ মৃত্যু

মধ্য প্ৰদেশৰ দেৱাছত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত একেটা পৰিয়ালৰ চাৰিজন লোকৰ মৃত্যু হয়। নিদ্ৰাৰত অৱস্থাতে শোকাৱহভাৱে মৃত্যু ঘটে পৰিয়ালটোৰ। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে কেইবা ঘণ্টা ধৰি কঠোৰ পৰিশ্ৰমৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনি নিহত লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰে।

শোকাৱহ ঘটনাঃ দুগ্ধ ডায়েৰীত ভয়ংকৰ অগ্নিকাণ্ড, একেটা পৰিয়ালৰ চাৰিজনৰ মৃত্যু

দেৱাছত ভয়ংকৰ অগ্নিকাণ্ড

Published: 

21 Dec 2024 10:26 AM

এক ভয়ংকৰ ঘটনাই জোকাৰিছে মধ্য প্ৰদেশ। ৰাজ্যখনৰ দেৱাছত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত একেটা পৰিয়ালৰ চাৰিজন লোকৰ মৃত্যু হয়। নিদ্ৰাৰত অৱস্থাতে শোকাৱহভাৱে মৃত্যু ঘটে পৰিয়ালটোৰ। ঘৰটোৰ পৰা ধোঁৱা ওলোৱা দেখিহে ওচৰ-চুবুৰীয়া লোকসকলে ঘটনাৰ বিষয়ে সম্ভেদ লাভ কৰে আৰু লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। স্থানীয় লোকৰ পৰা ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়।

বহুসময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰা হয় আৰু নিহত লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰকাশিত খবৰ অনুসৰি ঘৰটোৰ দ্বিতীয় মহলাত শুই আছিল পৰিয়ালটো। আনহাতে ঘৰটোৰ প্ৰথম মহলাত আছে এখন দুগ্ধ ডায়েৰী। এই দুগ্ধ ডায়েৰীখনত জুইৰ সূত্ৰপাত হয়। কিছু সময়ৰ ভিতৰতে এই জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু দ্বিতীয় মহলালৈ বিয়পি পৰে। নিদ্ৰাৰত অৱস্থাত থকা বাবে পৰিয়ালটোৱে এই ঘটনাৰ কোনো সম্ভেদ লাভ কৰা নাছিল।

পৰিয়ালটোত স্বামী-স্ত্ৰীৰ লগতে দুই সন্তান আছিল। অগ্নিকাণ্ডৰ ফলত আটাইকেইজন লোকৰ থিতাতে মৃত্যু হয়। নিহত লোককেইজনক দীনেশ, তেওঁৰ পত্নী গায়ত্ৰী, কন্যা ইশিকা আৰু পুত্ৰ চিৰাগ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে আটাইকেইজন লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। নিহত দিনেশে কাঠমিস্ত্ৰী হিচাপে কাম কৰি পৰিয়াল পোহপাল দি আছিল।

দীৰ্ঘদিন ধৰি পৰিয়ালটোৱে দেৱাসৰ নয়াপুৰা অঞ্চলত বাস কৰিছিল। নিশা পৰিয়ালটোৰ ওচৰ চুবুৰীয়াই দুগ্ধ ডায়েৰীখনত অগ্নি সংযোগ ঘটা প্ৰত্যক্ষ কৰে। লগে লগে তেওঁলোকে এই বিষয়ে আৰক্ষীক অৱগত কৰে। অগ্নিকাণ্ডৰ তথ্য পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাটাও দল সেই স্থানত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ দলে কেইবা ঘণ্টা ধৰি কঠোৰ পৰিশ্ৰমৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে।

আৰক্ষীয়ে জুই নিয়ন্ত্ৰণ কৰাৰ পিছত ঘৰটোত পৰি থকা চাৰিজন লোকৰ মৃতদেহ দেখিবলৈ পায়। আৰক্ষীয়ে আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইফালে আৰক্ষী অধীক্ষক পুনীত গেহলোদেও গভীৰ নিশা সেই স্থানত উপস্থিত হৈ ঘটনাৰ বুজ লয়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি অগ্নিকাণ্ডৰ আঁৰৰ কাৰণৰ তদন্ত আৰম্ভ কৰিছে। কম সময়ৰ ভিতৰতে এই অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ জানিব পৰা হ’ব বুলি আৰক্ষীয়ে আশ্বাস দিছে।

নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক
এটুকুৰা গুৰে বৃদ্ধি কৰিব পাৰে আপোনাৰ আয়ুস!
অৱসৰৰ পিছতে কন্যাৰ পৰা অশ্বিনে পালে এনে বিশেষ উপহাৰ, লাভ কৰিছে ব্যাপক চৰ্চা