শোকাৱহ! মহাকুম্ভ দৰ্শন নহ’ল, যাত্ৰাপথতে দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰ চাৰিজনৰ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা মহাকুম্ভ মেলা দৰ্শনৰ বাবে যাত্ৰা কৰিছিল এটি পৰিয়াল। কিন্তু পৰিয়ালটোৰ মহাকুম্ভ দৰ্শনৰ আশা পূৰ্ণ নহ’ল, যাত্ৰাপথতে শোকাৱহভাৱে দুৰ্ঘটনাত পতিত হয় পৰিয়ালটোৰ বাহনখন আৰু এই দুৰ্ঘটনাত চাৰিজন লোকৰ শোকাৱহভাৱে মৃত্যু ঘটে।

শোকাৱহ! মহাকুম্ভ দৰ্শন নহ’ল, যাত্ৰাপথতে দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰ চাৰিজনৰ

happy family

Published: 

26 Jan 2025 15:24 PM

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ আছে মহাকুম্ভ মেলা। এই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দেশৰ সৰ্বপ্ৰান্তৰ পৰা তীৰ্থযাত্ৰীৰ ব্যাপক সমাগম হোৱা দেখা গৈছে। দেশৰ লগতে বিশ্বৰ আন কিছু স্থানৰ পৰাও মহামুম্ভ মেলাত ভক্ত উপস্থিত হৈছে। উত্তৰ প্ৰদেশৰ এই মহাকুম্ভ মেলা দৰ্শনৰ বাবে যাত্ৰা কৰিছিল বিহাৰৰ ভোজপুৰৰ এটি পৰিয়াল। কিন্তু পৰিয়ালটোৰ এই আশা পূৰ্ণ নহ’ল, যাত্ৰাপথতে শোকাৱহভাৱে দুৰ্ঘটনাত পতিত হয় পৰিয়ালটোৰ বাহনখন আৰু এই দুৰ্ঘটনাত চাৰিজন লোকৰ শোকাৱহভাৱে মৃত্যু ঘটে।

প্ৰকাশিত খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ বাৰাণসীত সংঘটিত হৈছে এই দুৰ্ঘটনা। পৰিয়ালটোৰ চাৰিজন লোকৰ থিতাতে মৃতু হোৱাৰ বিপৰীতে আন এজন লোক গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাত নিহত পৰিয়ালটোৰ চাৰিজন সদস্যৰ ভিতৰত এগৰাকী নিৰাপত্তাৰক্ষী জোৱান বুলি জানিব পৰা গৈছে। এই হৃদয় বিদাৰক দুৰ্ঘটনাত পতিত হোৱা পৰিয়ালটো ভোজপুৰ জিলাৰ শ্বাহপুৰ থানা এলেকাৰ ৰতনপুৰ গাঁৱৰ বাসিন্দা বুলি খবৰ প্ৰকাশ পাইছে।

তথ্য মতে, মহাকুম্ভ মেলাৰ বাবে ব্যক্তিগত বাহনেৰে প্ৰয়াগৰাজলৈ গৈ থকা অৱস্থাত বাৰাণসীত তেওঁলোকৰ বাহনখন দুৰ্ঘটনাত পতিত হয়। বাহনখন পৰিয়ালটোৰ মুঠ পাঁচজন ব্যক্তি আছি। ইয়াৰে চাৰিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এগৰাকী মহিলাৰ প্ৰাণৰক্ষা পৰে। কিন্তু তেওঁৰো স্বাস্থ্যৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে।

আহত মহিলাগৰাকীক লগে লগে বাৰাণসীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। সম্প্ৰতি চিকিৎসাধীন হৈ থকা এই মহিলাগৰাকীক নীৰা সিং বুলি চিনাক্ত কৰা হৈছে। ইফালে দুৰ্ঘটনাত নিহত জোৱানজনক শিৱজী সিং বুলি চিনাক্ত কৰা হৈছে। নিহত শিৱজী সিং লাডাখৰ লেহত নিয়োজিত হৈ আছিল। দুৰ্ঘটনাত তেওঁৰ কন্যা সোণম কুমাৰী, ভতিজা ৰাজু সিং আৰু ৰাজুৰ পত্নী নিহত হয়। আনহাতে প্ৰাণৰক্ষা পৰা নীৰা সিং শিৱজী সিঙৰ পত্নী বুলি জানিব পৰা গৈছে।

এই ভয়ংকৰ দুৰ্ঘটনা কিদৰে সংঘটিত হ’ল সেই বিষয়ে এতিয়ালৈকে কোনো নিৰ্দিষ্ট তথ্য পোহৰলৈ অহা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে একেটা পৰিয়ালৰে চাৰিগৰাকীকৈ লোকৰ এনে কৰুণ মৃত্যুৰ খবৰে পৰিয়ালটোৱে বসবাস কৰা গাঁওখনক শোকস্তব্ধ কৰি তুলিছে।

পুৰীৰ জগন্নাথ মন্দিৰৰ অলৌকিক শক্তি! কিয় বতাহৰ বিপৰীত দিশত উৰে মন্দিৰৰ পতাকা?
যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
কাজিৰঙাত গঁড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু
ভাৰতৰ কোনখন চহৰত কণ্ডমৰ ৰাজধানী বুলি কোৱা হয়, জানেনে?