এটা পৰিয়ালৰ ৫টা মৃতদেহ! কেনেকৈ সংঘটিত হৈছিল ভয়ংকৰ ঘটনাটো…
একেটা পৰিয়ালৰ ৫ জনলোকক হত্য়া কৰা ঘটনাই জোকাৰি গৈছে এখন ৰাজ্য।মৃতসকলৰ ভিতৰত আছে ৯ বছৰীয়া, ৪ বছৰীয়া আৰু ১ বছৰীয়া কন্যা শিশু। শেহতীয়াকৈ এই ঘটনাৰ কাৰণ পোহৰলৈ আহিছে।
দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। ইয়াৰ মাজতে কিছুমান এনে নৃশংস ঘটনা সংঘটিত হয় যে ই আধুনিক সমাজ, মানৱতাৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰে। শেহতীয়াকৈ এক ঘটনা পোহৰলৈ আহিছে য’ত এটা পৰিয়ালৰে ৫জনলোকক পৰিয়ালৰে সদস্যই হত্যা কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মেৰঠৰ লিচাৰী গেট থানাৰ অন্তৰ্গত ছোহেল গাৰ্ডেন কলনীত। যোৱা ৯ জানুৱাৰীত সংঘটিত হৈছিল এই ঘটনা। মৃতসকলৰ নাম আছিল মোইন, পত্নী আছমা আৰু তেওঁলোকৰ তিনি সন্তান (বয়স ৯, ৪ আৰু ১ বছৰ)।
এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ সন্দেহ কৰিছিল যে এয়া এক পৰিয়ালকেন্দ্ৰিক হত্যাকাণ্ড হ’ব পাৰে। যাৰ বাবে আৰক্ষীয়ে মৃতকৰ ককায়েক তছলিম, বৌয়েক নজৰাণা আৰু আন ৪জন অজ্ঞাতলোকক আটক কৰিছিল। আনহাতে সেই সময়ত মৃতকৰ আন এজন ভাতৃ নইম পলাতক অৱস্থাত আছিল। জানিব পৰা মতে নইম মৃত মোইনৰ সতীয়া ভাতৃ আছিল আৰু তেওঁৱেই পৰিয়ালৰ আন সদস্যসকলৰ লগত মিলি এই হত্যাকাণ্ড সংঘটিত কৰিছিল।
এনকাউন্টাৰ
উল্লেখ্য যে, এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত নইম প্ৰথম অৱস্থাত পলাতক আছিল যদিও কিছুদিন পূৰ্বে তেওঁ আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় আৰু আন এজন অভিযুক্ত ছলমান গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে আৰক্ষীয়ে ছলমানক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁ আৰক্ষীৰ আগত এই হত্যাৰ কাৰণ, কেনেকৈ সংঘটিত কৰিছিল সেই তথ্য প্ৰকাশ কৰিছে।
কেনেকৈ সংঘটিত হৈছিল ঘটনাটো
অভিযোগ অনুসৰি নইমে তেওঁৰ সতীৰ্থ ছলমান আৰু ভাতৃ তছলীমৰ সৈতে মিলি এই হত্যাকাণ্ডৰ ষড়যন্ত্ৰ কৰিছিল। তেওঁ প্ৰথমে বজাৰৰ পৰা লোৰ ৰড লৈ আনিছিল আৰু ঘটনা সংঘটিত হোৱাৰ নিশা মোইনৰ ঘৰলৈ গৈছিল। সেই সময়ত মোইন, তেওঁৰ পত্নী আৰু তিনি সন্তান শুবলৈ ওলাইছিল। কিন্তু নইম আৰু ছলমান উপস্থিত হোৱা বাবে তেওঁলোকক মোইনৰ পত্নীয়ে চাহ বনাই খুৱায়।
চাহ খোৱাৰ মাজতে নইম আৰু মোইনৰ মাজত কিবা কথাক লৈ কাজিয়া আৰম্ভ হয়। এই কাজিয়াৰ মাজতে তেওঁলোকে পুৰণি কথা উলিয়াই আৰু ইয়াকে লৈ নইম ক্ৰোধত ফাটি পৰে। লগে লগে তেওঁ মোইনৰ ঘৰৰ পৰা ওলাই যায় আৰু প্ৰায় ৫মিনিট পাছত পুনৰ ঘূৰি আহে। খঙত কব নোৱাৰা হৈ নইমে ভাতৃ মোইনৰ মূৰত ৰডেৰে প্ৰচণ্ড আঘাত কৰে। মোইমৰ চিঞৰ শুনি ঘৰৰ ভিতৰৰ পৰা পত্নীও ওলাই আহে আৰু লগে লগে নইমে মহিলাগৰাকীৰ মূৰতো প্ৰচণ্ড প্ৰহাৰ কৰে।
ইয়াৰ মাজতে ঘৰৰ ভিতৰৰ পৰা ৩ টা শিশুৰ কান্দোনৰ শব্দ ভাঁহি আহে। শব্দ শুনি নইমৰ সতীৰ্থ ছলমান কোঠাৰ ভিতৰলৈ সোমাই গৈ তিনিওকে নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত ডিঙি চেপি হত্যা কৰে। তেওঁলোকৰ যাতে প্ৰাণ ৰক্ষা নপৰে তাৰ বাবে দুয়ো আটাইকেইজনৰ ডিঙিও কাটি পেলায়।
আৰু কি ক’লে
এই সমগ্ৰ ঘটনা ছলমানে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। তেওঁৰ মতে এই ঘটনা ৯ জানুৱাৰীৰ নিশা প্ৰায় ৮.৩০ মান বজাত সংঘটিত হয় আৰু পাছদিনা পুৱা প্ৰায় ৬ বজালৈকে তেওঁলোক তাতেই থাকে। ঘটনা সংঘটিত কৰিয়েই নইম তছলিমৰ ঘৰত উপস্থিত হয় আৰু তাৰ পৰা দুয়ো পলায়ন কৰে। অভিযুক্ত ছলমানে জনোৱা মতে সম্পত্তিৰ বাবে নইমে এই হত্যাকাণ্ড সংঘটিত কৰিছে। ইয়াৰোপৰি এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে নইমে দিল্লী আৰু মহাৰাষ্ট্ৰতো বহু হত্যাকাণ্ড সংঘটিত কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছ।