5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চিকিৎসক হ’বলৈ নাপালে! বাছৰ সৈতে মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ৫ MBBS ৰ ছাত্ৰৰ

এক পথ দুৰ্ঘটনাত থিতাতে ৫ জন ছাত্ৰৰ মত্যু হয়। আনহাতে এই ঘটনাৰ ফলত বাছত থকা যাত্ৰীসকল কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আহতসকলক পৰৱৰ্তী সময়ত হাস্পাতালত ভৰ্তি কৰোৱা হয়। 

চিকিৎসক হ’বলৈ নাপালে! বাছৰ সৈতে মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ৫ MBBS ৰ ছাত্ৰৰ
কেৰালা
barasha-sarma
Barasha Sarma | Published: 03 Dec 2024 16:11 PM

এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ ল’লে কেইবাজনো মেধাৱী ছাত্ৰৰ। এখন বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা প্ৰচণ্ড সংঘৰ্ষৰ ফলত ৫ জন এম বি বি এছ (MBBS)ৰ ছাত্ৰৰ মৃত্যু হয়, লগতে আহত হয় কেইবাজনো।  ঘটনাৰ লগে লগে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ আলপ্পুঝা নামৰ অঞ্চলটোত।

জানিব পৰা মতে সোমবাৰে নিশা প্ৰায় ১০ মান বজাত এই ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে থিতাতে ৫ জন ছাত্ৰৰ মত্যু হয়। আনহাতে এই ঘটনাৰ ফলত বাছত থকা যাত্ৰীসকল কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আহতসকলক পৰৱৰ্তী সময়ত হাস্পাতালত ভৰ্তি কৰোৱা হয়।

আৰক্ষীয়ে জনাই যে,এই ঘটনা আলপ্পুঝাৰ কাৰকোডৰ ওচৰত সংঘটিত হৈছে। মৃত MBBS ৰ ছাত্ৰ কেইজন আলপ্পুঝাৰ টিডি মেডিকেল কলেজৰ প্ৰথম বৰ্ষত অধ্যয়নৰত আছিল। মৃতসকলে ক্ৰমে- দেৱানাথন (১৯), শ্ৰীদেৱ ৱালশান (১৯),আয়ুস ছাজি (১৯), পিপি মহম্মদ ইব্ৰাহিম আৰু মহম্মদ আব্দুল জাব্বৰ (১৯)। ইয়াৰে মহম্মদ ইব্ৰাহিম লক্ষ্যদ্বীপৰ বুলি জানিব পৰা গৈছে। আনহাতে দেবানাথন মলপ্পুৰম, শ্ৰীদেৱ পলাক্কাড, আয়ুস কৈত্তায়নম আৰু আব্দুল কন্নৌৰৰ বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি জানিব পৰা মতে, বাছ আৰু চাৰিচকীয়া বাহনখনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়। এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে চাৰিচকীয়া বাহনখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ পৰে। দুৰ্ঘটনাৰ সময়ত ধাৰাসাৰ বৰষুণ হৈ আছিল। যাৰ বাবে অনুমান কৰা হৈছে যে ধাৰাসাৰ বৰষুণৰ বাবে চালকে ৰাস্তা ভালদৰে দেখা নাছিল যাৰ ফলত এই ঘটনা সংঘটিত হয়।

তথ্য অনুসৰি, চাৰিচকীয়া বাহনখনত মুঠ ৭ জনলোক আছিল। ইয়াৰে ৫ জনৰ মৃত্যু হোৱাৰ লগতে বাকী দুজনৰ বৰ্তমান চিকিৎসা চলি আছে। ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ ইমানেই প্ৰচণ্ড আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে নষ্ট হৈ যায় আৰু বাহন কাটি ছাত্ৰ কেইজনৰ মৃতদেহ উলিয়াবলগীয়া হয়।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্ততহে জানিব পৰা যাব কেনেকৈ এই পথ দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ ওচৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে স্থানীয়লোকৰ পৰা তথ্য সংগ্ৰহ পৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৫ মেধাৱী ছাত্ৰৰ মৃত্যুয়ে পৰিয়ালৰ মাজতো শোকৰ ছা পেলাইছে।

Latest News