ৰখাই থোৱা ট্ৰাকত খুন্দা যাত্ৰীবাহী বাছৰ, তিনি শিশু-কিশোৰসহ ৫জন নিহত

উত্তৰ প্ৰদেশৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। যাত্ৰীবাহী এখন বাছে এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ ফলত এটি শিশু আৰু দুই কিশোৰসহ ৫ জন লোকৰ মৃত্যু হয়। বাছখনত যাত্ৰা কৰা লোকসকলে এক ধৰ্মীয় ৰীতি পালন কৰি মথুৰাৰ পৰা উভতি আহিছিল বুলি জানিব পৰা গৈছে।

ৰখাই থোৱা ট্ৰাকত খুন্দা যাত্ৰীবাহী বাছৰ, তিনি শিশু-কিশোৰসহ ৫জন নিহত

প্ৰতিনিধিত্বমূলক ছবি

Published: 

09 Nov 2024 08:33 AM

উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যখনৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিছে যাত্ৰীবাহী এখন বাছ। এই ভয়ংকৰ দুৰ্ঘটনাত এটি শিশু আৰু দুই কিশোৰসহ ৫ জন লোকৰ মৃত্যু হয়। বাছখনত যাত্ৰা কৰা লোকসকলে এক ধৰ্মীয় ৰীতি পালন কৰি মথুৰাৰ পৰা উভতি আহিছিল। উভতনি যাত্ৰাৰ সময়তে নাছিৰপুৰৰ সমীপত এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাছখন। এই দুৰ্ঘটনাত বাছখনত যাত্ৰা কৰা আন কেইবাজনো যাত্ৰী আহত হৈছে।

বাছখনৰ আটাইকেইজন যাত্ৰী তীৰ্থযাত্ৰাৰ বাবে মথুৰালৈ গৈছিল বুলি জানিব পৰা গৈছে। যাত্ৰাৰত অৱস্থাত বাছখনৰ চালকজনৰ টোপনি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে নিশ্চিতি প্ৰদান কৰা নাই প্ৰশাসনে। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

দুৰ্ঘটনাত আহত লোকসকলক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই ভয়ংকৰ দুৰ্ঘটনাত তিনিজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজনৰ চিকিৎসাৰ সময়ত মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি লক্ষ্ণৌৰ মহদ্দিনপুৰৰ বাসিন্দা সন্দীপ নামৰ এজন ব্যক্তিয়ে চাৰি বছৰীয়া পুত্ৰ সন্তান সিদ্ধাৰ্থৰ ধৰ্মীয় ৰীতি পালন কৰাৰ উদ্দেশ্যে মথুৰালৈ গৈছিল। তেওঁৰ সৈতে বাছখনত পৰিয়াল আৰু আত্মীয়কে ধৰি প্ৰায় ২০জন লোক যাত্ৰা কৰিছিল।

কিন্তু এই ধৰ্মীয় কাৰ্য সমাপন কৰি ঘুৰি অহাৰ সময়তে এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত সন্দীপৰ পত্নী নীতু (৪২), কন্যা লাভশিখা (১৩), আৰু পুত্ৰ সজ্জন (১৫ৰ থিতাতে মৃত্যু হয়। আনহাতে চিকিৎসাৰ সময়ত আহত আন দুগৰাকী ব্যক্তিৰ মৃত্যু ঘটে। ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত ব্যাপক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় একাংশ লোকে লগে লগে উদ্ধাৰ অভিযানত নামি পৰাৰ লগতে আৰক্ষীকো ঘটনাৰ বিষয়ে অৱগত কৰে।

খবৰ লাভ কৰাৰ পিছতে জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উদ্ধাৰ হয়। আহত লোকসকলক চিচ্কিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাত নিহত লোকসকলৰ মৃতদেহ মৰণোত্তেৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। দুৰ্ঘটনাত শিশুসহ কেইবাজনো লোক আহত হৱা বুলি জানিব পৰা গৈছে। আহত আটাইকেইযন লোক সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

এগৰাকী বিষয়াই এই দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে। বাছখন চলাই থকাৰ সময়তে চালকজনৰ টোপনি গৈছিল নে বাছখনত আন কোনো কাৰিকৰী বিজুতি আছিল সেয়া তদন্তৰ অন্ততহে জানিব পৰা হ’ব বুলি বিষয়াগৰাকীয়ে কয়। ইতিমধ্যে মৃতকৰ পৰিয়াললৈ এই সন্দৰ্ভত তথ্য প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ সদৰী কৰে। ইফালে এই ভয়ংকৰ দুৰ্ঘটনাত বাছখনৰ সন্মুখৰ অংশ প্ৰায় ধ্বংস হৈ পৰিছে।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?