উদ্বেগজনক! ভাৰতৰ ৫০% লোক শাৰীৰিকভাৱে সক্ৰিয় নহয়, আপুনিও আনফিট নেকি, জানক…
২০১০ চনত বিশ্বৰ মাত্ৰ ২৬.৪ শতাংশ প্ৰাপ্তবয়স্ক লোকহে শাৰীৰিকভাৱে আনফিট আছিল। ভাৰতত ২০০০ চনত প্ৰায় ২২ শতাংশ প্ৰাপ্তবয়স্ক লোক শাৰীৰিক কাৰ্য- কলাপৰ সৈতে জড়িত নাছিল। আনহাতে ২০১০ চনত এই সংখ্যা প্ৰায় ৩৪ শতাংশলৈ বৃদ্ধি পাইছে।
ব্যায়াম কৰিলে আমাৰ শৰীৰটো সুস্থ হৈ থকাৰ লগতে মানসিক শান্তি প্ৰদান কৰাতো সহায় কৰে। প্ৰতিদিনে কৰা ব্যায়ামে আমাৰ জীৱনশৈলীত ইতিবাচক প্ৰভাৱ পেলায়। ব্যায়মৰ ফলত শৰীৰত ৰক্ত সঞ্চালন ভাল হৈ থাকে, উচ্চ ৰক্তচাপৰ সমস্যা নাইকিয়া হয়, অনিদ্ৰাৰ সমস্যা নাইকিয়া হোৱাৰ লগতে আন বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিট ইণ্ডিয়া অভিযান আৰম্ভ কৰিছিল যাতে মানুহক শাৰীৰিক কাৰ্যকলাপৰ গুৰুত্বৰ বিষয়ে ক’ব পৰা যায়। কিন্তু শেহতীয়াকৈ লেন্সেটৰ এক অধ্যয়নত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।
এই প্ৰতিবেদনৰ তথ্য অনুসৰি ভাৰতৰ ৫০ শতাংশ প্ৰাপ্ত বয়স্কলোক আনফিট অৰ্থাৎ শাৰীৰিকভাৱে সক্ৰিয় নহয়। এই অধ্যয়নত পোহৰলৈ আহিছে যে ভাৰতত পুৰুষতকৈ (৪২ শতাংশ) অধিক মহিলা (৫৭ শতাংশ) শাৰীৰিকভাৱে সক্ৰিয়। বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি আন্তঃৰাষ্ট্ৰীয় গৱেষকৰ এটা দলে কয় যে উচ্চ আয়ৰ এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পিছতে দক্ষিণ এছিয়া অঞ্চলত শাৰীৰিকভাৱে অযোগ্য প্ৰাপ্তবয়স্কৰ সংখ্যা দ্বিতীয় স্থানত আছে। বিশ্বজুৰি দেখা গৈছে যে প্ৰায় এক তৃতীয়াংশ প্ৰাপ্তবয়স্কই (৩১.৩ শতাংশ) শাৰীৰিকভাৱে সক্ৰিয় নহয়।
কোনসকলক কোৱা হয় শাৰীৰিকভাৱে সক্ৰিয় বুলি
২০১৮ চনত বিশ্ব স্বাস্থ্য সংস্থাই শাৰীৰিক কাৰ্যকলাপৰ উন্নতি কৰাৰ অৰ্থে বিশ্বব্যাপী একশ্যন প্লেন আৰম্ভ কৰিছিল। WHO ৰ মতে যদি এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে এসপ্তাহত ১৫০ মিনিটতকৈ কম আৰু এজন কিশোৰে এসপ্তাহত ৬০ মিনিটতকৈ কম শাৰীৰিক ক্ৰিয়া কৰে তেন্তে ইয়াৰ অৰ্থ হ’ল তেওঁলোক শাৰীৰিকভাৱে আনফিট। তেওঁলোকৰ বাবে ব্যায়ম আৰু শাৰীৰিক কাৰ্যকালাপ বৃদ্ধি কৰাৰ প্ৰয়োজন।
এই অধ্যয়নত উল্লেখ কৰা হৈছে যে ২০১০ চনত বিশ্বৰ মাত্ৰ ২৬.৪ শতাংশ প্ৰাপ্তবয়স্ক লোকহে শাৰীৰিকভাৱে আনফিট আছিল। ভাৰতত ২০০০ চনত প্ৰায় ২২ শতাংশ প্ৰাপ্তবয়স্ক লোক শাৰীৰিক কাৰ্য- কলাপৰ সৈতে জড়িত নাছিল। আনহাতে ২০১০ চনত এই সংখ্যা প্ৰায় ৩৪ শতাংশলৈ বৃদ্ধি পাইছে। যদি এনে পৰিস্থিতিয়ে হৈ থাকে তেন্তে ২০৩০ বৰ্ষলৈ ভাৰতত ৬০ শতাংশ লোক শাৰীৰিকভাৱে আনফিট হৈ পৰিব।
উল্লেখ্য যে, ই এক উদ্বেগজনক বিষয়। এজন মানুহৰ শাৰীৰিক কাৰ্যকালাপে তেওঁৰ জীৱন প্ৰণালীত প্ৰভাৱ পেলায়। ব্যায়ম বা আন শাৰীৰিক কাৰ্যাকালাপে শৰীৰ আৰু মন নিৰোগী কৰি ৰখাত সহায় কৰে। বিশেষকৈ আজিৰ সময়ত শৰীৰৰ লগতে মানসিক বেমাৰেও গা কৰি উঠিছে। অধিক সংখ্যকলোক ডিপ্ৰেছন আদিৰ দৰে সমস্যাত ভুগি থকা দেখা যায়। তেনে পৰিস্থিতি আমি আমাৰ জীৱন প্ৰণালী ঠিক কৰা দৰকাৰ।
শাৰীৰিকভাৱে সক্ৰিয় হৈ নাথাকিলে মানুহৰ হৃদৰোগ, মধুমেহ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। এক অধ্যয়ন অনুসৰি ২০২১ চনত ভাৰতত ১০ কোটি লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছিল আৰু প্ৰায় ৩১ কোটি লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা হৈছিল। ইয়াৰ উপৰিও ২৫ কোটি লোক মেদবহুল আৰু ১৮.৫ কোটি লোকৰ এল ডি এল বা কলেষ্টেৰলৰ মাত্ৰা অধিক বুলি অনুমান কৰা হৈছিল।