মোদীৰ কাৰ্যকালত ভাৰতলৈ ঘূৰাই অনা হৈছে ৬৪২টা প্ৰাচীন সামগ্ৰী…
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,ভাৰতলৈ অনা ২৯৭টা শিল্পকৰ্ম এতিয়ালৈকে কোনো ৰাজ্য বা সংগ্ৰহালয়ে দাবী কৰা নাই। যাৰ বাবে এই ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে দিল্লীত নিৰ্মাণ কৰা হৈছে এক বিশেষ সংগ্ৰহালয়।

ভাৰতে বিগত দশকত সাংস্কৃতিক ঐতিহ্য পুনৰ ঘূৰাই পোৱাত যথেষ্ট সফলতা লাভ কৰিছে। বৃহস্পতিবাৰে ৰাজ্যসভাত সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে ২০১৪ চনৰ পৰা ভাৰতলৈ বিভিন্ন দেশৰ পৰা ৬৪২টা প্ৰাচীন সামগ্ৰী ঘূৰাই অনা হৈছে। বৰ্তমান সময়ত আন ৭২টা শিল্পকৰ্ম ঘূৰাই অনাৰ প্ৰক্ৰিয়া চলি আছে। ১৯৭০ চনত আন্তঃৰাষ্ট্ৰীয় সন্ধিৰ পাছত ১৯৫৫ চনৰ পৰা ২০১৪ চনলৈ ভাৰতলৈ মাত্ৰ ১৩ টা শিল্পকৰ্মহে ঘূৰাই অনা হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে শাসনভাৰ গ্ৰহণ কৰাৰ পাছত এই প্ৰক্ৰিয়াই গতি লাভ কৰিছে।
শেখাৱাটে কয় যে সাংস্কৃতিক সম্পত্তি ঘূৰাই অনাৰ বাবে আমেৰিকাকে ধৰি বহু দেশৰ সৈতে চুক্তি কৰা হৈছে। বেলজিয়াম, ফ্ৰান্স আৰু ছিংগাপুৰৰ পৰা আৰু ৭২টা শিল্পকৰ্ম ঘূৰাই অনাৰ প্ৰক্ৰিয়া চলি আছে। লগতে কয় যে, ঐতিহাসিক সম্পত্তি উদ্ধাৰ কৰাটো এটা জটিল প্ৰক্ৰিয়া যিয়ে শিল্পকৰ্মসমূহৰ উৎস আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য্য প্ৰমাণ কৰিবলৈ সময় লাগে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,ভাৰতলৈ অনা ২৯৭টা শিল্পকৰ্ম এতিয়ালৈকে কোনো ৰাজ্য বা সংগ্ৰহালয়ে দাবী কৰা নাই। যাৰ বাবে এই ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে দিল্লীত নিৰ্মাণ কৰা হৈছে এক বিশেষ সংগ্ৰহালয়। ইয়াৰ উপৰিও সংসদত ১১টা ঐতিহাসিক প্ৰতিমূৰ্তিও প্ৰদৰ্শন কৰা হৈছে। এই শিল্পকৰ্মসমূহ ঘূৰাই অনাৰ পাছত ইয়াৰ ওপৰত আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হয়।
ইয়াৰ পূৰ্বে বুধবাৰে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে পৰ্যটন উদ্যোগ সন্দৰ্ভত ভাষণ দি কয় যে এই খণ্ডই অনাগত বছৰবোৰত দেশৰ জিডিপি বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগাব পাৰে। পৰ্যটন খণ্ড দেশৰ বিকাশৰ ইঞ্জিন। বৰ্তমান সময়ত দেশৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰতীয় ফেডাৰেচন অৱ হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনৰ উদ্যোগত আয়োজিত পৰ্যটন বহনক্ষম সন্মিলন-২০২৫ত এই মন্তব্য প্ৰদান কৰে শেখাৱাটে।
এই সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তন আৰু প্ৰত্যাহ্বানৰ কথাও উল্লেখ কৰে। তেওঁ কয়, আমাৰ পৰ্যটন খণ্ডই গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। উদ্যোগটোৱে এই বিষয়ে চিন্তা কৰাটো প্ৰয়োজন। যদি আমি আমাৰ বিকাশৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি সেই অনুসৰি কাম কৰো, তেন্তে আমি আমাৰ লক্ষ্যত উপনীত হ’ব পাৰিম।