শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Pulwama Attack : ভাৰতবাসীয়ে পাহৰিব নোৱাৰা এটা দিন! পুলৱামা আক্ৰমণৰ ৬ বছৰ সম্পূৰ্ণ

Pulwama Terror Attack : আজি ১৪ ফেব্ৰুৱাৰী,২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামা কাণ্ডত শ্বহীদ হৈছিল ৪০জন বীৰ জোৱান। এই আক্ৰমণে বুকু কঁপাই তুলিছিল ভাৰতবাসীৰ।

Pulwama Attack : ভাৰতবাসীয়ে পাহৰিব নোৱাৰা এটা দিন! পুলৱামা আক্ৰমণৰ ৬ বছৰ সম্পূৰ্ণ
পুলৱামা আক্ৰমণৰ ৬ বছৰ সম্পূৰ্ণImage Credit source: Social media Image
barasha-misra
Barasha Misra | Updated On: 14 Feb 2025 08:28 AM

ভাৰতৰ বাবে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰী আছিল এটা ক’লা দিন। সমগ্ৰ বিশ্বই আজি অর্থাৎ ১৪ ফেব্ৰুৱাৰীত প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে উদযাপন কৰে যদিও, ভাৰতৰ বাবে এই দিনটো ‘ক’লা দিন’ হিচাপে পৰিচিত।

জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ লেথপোৰা অঞ্চলত CRPFৰ কনভয়ত সংঘটিত ভয়ংকৰ আত্মঘাতী আক্ৰমণে ৬ বছৰ অতিক্ৰম কৰিলে। তেতিয়াৰে পৰা এই দিনটোত ছহিদসকলক স্মৰণ কৰাৰ লগতে এই শোকাৱহ ঘটনাক মনত কৰে । এই দিনটোতে পুলৱামাত শ্বহীদ হৈছিল ৪০জনকৈ বীৰ জোৱান (Pulwama Attack)। আজি সমগ্ৰ ভাৰতে পুলৱামা আক্ৰমণৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

এই আক্ৰমণত ৪০ জন সৈনিক নিহত হৈছিল আৰু আন বহুজন গুৰুতৰভাৱে আহত হৈছিল। এই ঘটনাই ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক অধিক তিক্ত কৰি তুলিছিল কিয়নো এই আক্ৰমণৰ আঁৰত পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী গোটটো আছিল।

কেনেকৈ সংঘটিত হৈছিল এই ঘটনা?

ছবছৰ পূৰ্বে আজি ১৪ ফেব্ৰুৱাৰী ২০১৯ চনত বিয়লি প্ৰায় ৩ বজাত জম্মু-কাশ্মীৰৰ পুলৱামাত এক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল যিয়ে সমগ্ৰ দেশক কঁপাই তুলিছিল। জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাই পথত ভাৰতীয় সুৰক্ষা কৰ্মীক কঢ়িয়াই নিয়া বাহনৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত ৪০ জন ভাৰতীয় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কৰ্মী নিহত হয়। জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তিপুৰৰ লেথপুৰ অঞ্চলত এই আক্ৰমণ সংঘটিত হৈছিল। এই আত্মঘাতী আক্ৰমণত কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ কৰ্মী নিহত হয়। পাকিস্তানৰ ইছলামী সন্ত্ৰাসবাদী সংগঠন জেশ-এ-মোহম্মদে আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰিছে। জেশ-এ-মোহম্মদৰ (JeM) আত্মঘাতী আক্ৰমণকাৰী আদিল আহমেদ বিস্ফোৰক সামগ্ৰীৰে ভৰ্তি এখন বাহনেৰে চি আৰ পি এফৰ কনভয়ত আক্ৰমণ চলাইছিল।

ৰাষ্ট্ৰীয় শোক

আক্ৰমণৰ পিছত আহত জোৱানসকলক ততাতৈয়াকৈ ওচৰৰ সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু ঘটনাস্থলীতে বহুলোকেইজনৰ মৃত্যু হয়। এই ভয়ংকৰ আক্ৰমণৰ ওপৰত ক্ষোভ সমগ্ৰ দেশতে বিয়পি পৰিছিল। শ্বহীদসকলৰ মৃতদেহ বায়ু সেনাৰ এখন বিশেষ বিমানে দিল্লীলৈ আনিছিল, য’ত তেওঁলোকক পালম এয়াৰবেচত শেষ শ্ৰদ্ধা ঞ্জলি জ্ঞাপন কৰা হৈছিল। তদানীন্তন গৃহমন্ত্ৰী ৰাজনাথ সিং, সেনাৰ শীৰ্ষ বিষয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল তাত উপস্থিত আছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েও এই আক্ৰমণত গভীৰ শোক প্ৰকাশ কৰে আৰু শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজিও এই দিনটোত ভাৰতবাসীৰ চকু সেমেকি উঠে।