5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নৱেম্বৰ মাহলৈকে সমগ্ৰ দেশতে ৭৩ লাখ স্মাৰ্ট মিটাৰ স্থাপন, অসমত স্থাপন ২২.৮৯ লাখ…

সমগ্ৰ দেশতে প্ৰায় ৭৩ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হৈছে । সোমবাৰে সংসদত দাখিল কৰা তথ্য অনুসৰি, আৰ ডি এছ এছ আঁচনিৰ অধীনত ২৯ নৱেম্বৰলৈকে বিভিন্ন ৰাজ্যত প্ৰায় ৭৩ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হৈছে।

নৱেম্বৰ মাহলৈকে সমগ্ৰ দেশতে ৭৩ লাখ স্মাৰ্ট মিটাৰ স্থাপন, অসমত স্থাপন ২২.৮৯ লাখ…
স্মাৰ্টমিটাৰ
manas-borah
Manas Borah | Updated On: 16 Dec 2024 20:53 PM

নৱেম্বৰ মাহলৈকে সমগ্ৰ দেশতে প্ৰায় ৭৩ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হৈছে । সোমবাৰে সংসদত দাখিল কৰা তথ্য অনুসৰি, আৰ ডি এছ এছ আঁচনিৰ অধীনত ২৯ নৱেম্বৰলৈকে বিভিন্ন ৰাজ্যত প্ৰায় ৭৩ লাখ স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হৈছে। ২০২১ চনৰ জুলাই মাহত আৰম্ভ হোৱা ৰিভাম্পড ডিষ্ট্ৰিবিউচন ছেক্টৰ স্কিম (আৰ ডি এছ এছ)ৰ অধীনত ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰত প্ৰায় ২৫ কোটি স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰা হ’ব । যাৰ ব্যয় হ’ব ৩.৩ লাখ কোটি টকা।

ৰাজ্যসভাত এক প্ৰশ্ন উত্তৰত শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইকে কয় যে, ২৯ নৱেম্বৰলৈকে বিভিন্ন ৰাজ্যত প্ৰায় ১৯.৭৯ কোটি স্মাৰ্ট মিটাৰ অনুমোদন আৰু ৭২.৯৭ লাখ ডিভাইচ স্থাপন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, তামিলনাডু, ত্ৰিপুৰা, ৰাজস্থান আৰু পঞ্জাৱৰ দৰে ৰাজ্যত স্মাৰ্ট মিটাৰ স্থাপন ‘শূন্য’ আছিল যদিও এই ৰাজ্যসমূহত অনুমোদিত ডিভাইচৰ সংখ্যা ক্ৰমে ৩ কোটি, ৫.৪৭ লাখ, ১.৪২ কোটি আৰু ৮৭.৮৪ লাখ ।

আন ৰাজ্যসমূহ হ’ল নাগালেণ্ড (৩.১৭ লাখ অনুমোদিত বিপৰীতে), মেঘালয় (৪.৬০ লাখ অনুমোদিত), মিজোৰাম (২.৮৯ লাখ), ঝাৰখণ্ড (১৩.৪১ লাখ), কেৰালা (১.৩২ কোটি) অৰুণাচল প্ৰদেশ (২.৮৭ লাখ) আৰু গোৱা (৭.৪১ লাখ) । তথ্য অনুসৰি, ২৯ নৱেম্বৰলৈকে আন্দামান এণ্ড নিকোবাৰ আৰু পুডুচেৰীত শূন্যৰ বিপৰীতে কেন্দ্ৰীয় শাসিত অঞ্চল দুটাৰ বাবে ক্ৰমে ৮৩,৫৭৩ আৰু ৪.০৩ লাখ স্মাৰ্ট মিটাৰ অনুমোদন কৰা হৈছে।

২৯ নৱেম্বৰলৈকে অসমত ৬৩.৬৪ লাখ অনুমোদন পোৱাৰ বিপৰীতে সৰ্বাধিক ২২.৮৯ লাখ স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে । বিহাৰত অনুমোদিত ২৩.৫০ লাখ বিপৰীতে ১৯.৩৯ লাখ ডিভাইচ স্থাপন কৰা হৈছে । অনুমোদিত ১.২৯ কোটি মিটাৰৰ বিপৰীতে মধ্যপ্ৰদেশত ১০.১৩ লাখ মিটাৰ স্থাপন আৰু উত্তৰ প্ৰদেশত ২.৬৯ কোটি অনুমোদিত হোৱাৰ বিপৰীতে ৩.৭৯ লাখ মিটাৰ স্থাপন কৰা হৈছে। উত্তৰাখণ্ডত মুঠ ১৫.৮৭ লাখ স্মাৰ্ট মিটাৰ অনুমোদিত হোৱাৰ বিপৰীতে মাত্ৰ ৭ টা ডিভাইচ ইনষ্টলেচনৰ ৰিপৰ্ট দিয়া হৈছে।

বিদ্যুৎ বিভাগৰ কাৰ্যকৰী দক্ষতা আৰু আৰ্থিক বহনক্ষমতা উন্নত কৰাৰ বাবে আৰডিএছএছ আৰম্ভ কৰা হৈছিল যাতে শক্তিৰ মানসম্পন্ন আৰু নিৰ্ভৰযোগ্য যোগান প্ৰদান কৰিব পৰা যায়।

Latest News