শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিৰ্বাচনৰ প্ৰাকক্ষণত আপত দলত্যাগৰ জোকাৰণিঃ ৭ বিধায়কে এৰিলে আম আদমী পাৰ্টি

কাষ চাপিছে দিল্লী বিধানসভা নিৰ্বাচন। অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হ’ব। সেয়ে দিল্লীত এতিয়া পৰিলক্ষিত হৈছে নিৰ্বাচনী প্ৰস্তুতিৰ লহৰ। পিছে নিৰ্বাচনী প্ৰস্তুতিৰ মাজতে দিল্লীৰ শাসকীয় আম আদমী পাৰ্টি সন্মুখীন হৈছে এক বৃহৎ বিপৰ্যয়ৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে ৭জন বিধায়কে।

নিৰ্বাচনৰ প্ৰাকক্ষণত আপত দলত্যাগৰ জোকাৰণিঃ ৭ বিধায়কে এৰিলে আম আদমী পাৰ্টি
আপত বিপৰ্যয়
monjit-dutta
Monjit Dutta | Published: 31 Jan 2025 20:33 PM

কাষ চাপিছে দিল্লী বিধানসভা নিৰ্বাচন। অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হ’ব। সেয়ে দিল্লীত এতিয়া পৰিলক্ষিত হৈছে নিৰ্বাচনী প্ৰস্তুতিৰ লহৰ। পিছে নিৰ্বাচনী প্ৰস্তুতিৰ মাজতে দিল্লীৰ শাসকীয় আম আদমী পাৰ্টি সন্মুখীন হৈছে এক বৃহৎ বিপৰ্যয়ৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে ৭জন বিধায়কে। আগন্তুক নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে এই আটাইকেইজন বিধায়কৰ টিকট কৰ্তন কৰিছিল। তথাপি নেতাকেইগৰাকীৰ দলত্যাগে  স্বাভাৱিকতেই বিপৰ্যস্ত কৰিছে আপক।

দলত্যাগী এই বিধায়কসকল হৈছে ত্ৰিলোকপুৰীৰ পৰা ৰোহিত মেহৰৌলিয়া, জনকপুৰীৰ পৰা ৰাজেশ ঋষি, কস্তুৰবা নগৰৰ পৰা মদনলাল, পালাম আসনৰ পৰা ভাৱনা গৌৰ, বিজৱাসনৰ পৰা বি এছ জুন, আদৰ্শ নগৰৰ পৰা পৱন শৰ্মা আৰু মেহৰৌলীৰ পৰা নৰেশ যাদৱ। আপ মুৰব্বী অৰবিন্দ কেজৰিৱাললৈ এক পত্ৰ প্ৰেৰণ কৰি পদত্যাগ কৰিছে ৰোহিত মেহৰৌলিয়াই। এই পত্ৰত তেওঁ আপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

পত্ৰখনত তেওঁ কয় যে আন্না হাজাৰেৰ নেতৃত্বত হোৱা আন্দোলনৰ সময়ত তেওঁ এক আশাত চাকৰি ত্যাগ কৰি আন্দোলনত যোগ দিছিল। মেহৰৌলিয়াই লগতে উল্লেখ কৰা মতে, হাজাৰ হাজাৰ বছৰ ধৰি শোষণ, অস্পৃশ্যতা আৰু বৈষম্যৰ বোজা ভোগ কৰি অহা সমাজখনক আপে সম মৰ্যাদা আৰু সামাজিক ন্যায় প্ৰদান কৰি বাবা চাহেব আম্বেদকাৰৰ সপোন পূৰ কৰিব পাৰিব বুলি তেওঁ আশা কৰিছিল।

“আপুনি ৰাজহুৱা মঞ্চত বহুবাৰ এই কথা কৈছে যে আমি যেতিয়া ক্ষমতালৈ আহিম তেতিয়া আমি দলিত সমাজ/বাল্মিকী সমাজৰ জনসাধাৰণৰ প্ৰগতিৰ বাবে কাম কৰিম। আমি কৰ্মচাৰীসকলক নিয়মীয়া কৰিম আৰু ঠিকাদাৰী প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰি দিম। আপোনাৰ কথাক বিশ্বাস কৰি মোৰ সমাজে আপোনাক একপক্ষীয় সমৰ্থন দিলে আৰু ইয়াৰ বাবেই দিল্লীত তিনিবাৰকৈ চৰকাৰ গঠন হ’ল।”- মেহৰৌলিয়াই পত্ৰখনত লিখিছে।

“ইয়াৰ পিছতো ঠিকাদাৰী প্ৰথা বন্ধ নহ’ল আৰু ২০ বছৰ ধৰি অস্থায়ী চাকৰিত কাম কৰা লোকসকলকো স্থায়ী কৰা নহ’ল। মুঠতে মোৰ সমাজৰ মানুহৰ বৈষম্য আৰু শোষণ বন্ধ কৰিবলৈ আপুনি এতিয়ালৈকে একোৱেই কৰা নাই, বৰঞ্চ কেৱল মোৰ সম্প্ৰদায়ক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আপোনাৰ ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ কৰিছে।”- পত্ৰখনত দলত্যাগী বিধায়কগৰাকীয়ে লগতে এই গুৰুতৰ অভিযোগ তোলে।

ৰোহিত মেহৰৌলিয়াৰ লগতে বিধায়ক নৰেশ যাদৱেও পদত্যাগ পত্ৰত আন্না আন্দোলনৰ পৰা ওলাই অহা আম আদমী পাৰ্টিয়ে ৰাজনীতিৰ পৰা দুৰ্নীতি দূৰ কৰাৰ কথা আছিল যদিও এয়া কাৰ্যতঃ হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে আৰু এনে পৰিস্থিতিত তেওঁ যথেষ্ট দুখ পোৱা বুলি উল্লেখ কৰে। দুৰ্নীতি দূৰ কৰাৰ পৰিৱৰ্তে আম আদমী পাৰ্টি নিজেই দুৰ্নীতিৰ বোকাত আৱদ্ধ হৈ পৰিছে বুলিও দাবী কৰে নৰেশ যাদৱে।