Amit Shah : অন্ত পৰিছে বিদ্ৰোহ, পন্থা সলনি কৰিব লাগিব উত্তৰ-পূবৰ আৰক্ষী বাহিনীয়ে : অমিত শ্বাহ

দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে,যাতে মানুহে শীঘ্ৰে ন্যায় লাভ কৰে তাৰ বাবে আৰক্ষী বাহিনীৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজনীয়াতা আহি পৰিছে । তেওঁ কয়, 'উত্তৰ-পূবত বিদ্ৰোহৰ অন্ত পৰাৰ লগে লগে আৰক্ষী বাহিনীৰ দৃষ্টিভংগী সলনি কৰাৰ সময় আহি পৰিছে, যাতে মানুহে শীঘ্ৰে ন্যায় লাভ কৰে।'

Amit Shah : অন্ত পৰিছে বিদ্ৰোহ, পন্থা সলনি কৰিব লাগিব উত্তৰ-পূবৰ আৰক্ষী বাহিনীয়ে : অমিত শ্বাহ

গৃহমন্ত্ৰী অমিত শ্বাহ

Updated On: 

21 Dec 2024 16:46 PM

উত্তৰ পূৰ্বাঞ্চলত বিদ্ৰোহৰ অন্ত পৰা বুলি দাবী কৰি আৰক্ষী বাহিনীৰ দৃষ্টিভংগী সলনি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে । দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰিছে যে,যাতে মানুহে শীঘ্ৰে ন্যায় লাভ কৰে তাৰ বাবে আৰক্ষী বাহিনীৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজনীয়াতা আহি পৰিছে । তেওঁ কয়, ‘উত্তৰ-পূবত বিদ্ৰোহৰ অন্ত পৰাৰ লগে লগে আৰক্ষী বাহিনীৰ দৃষ্টিভংগী সলনি কৰাৰ সময় আহি পৰিছে, যাতে মানুহে শীঘ্ৰে ন্যায় লাভ কৰে।’

উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠকত ভাষণ দি অমিত শ্বাহে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ বছৰত ২০ খন শান্তি চুক্তি স্বাক্ষৰ কৰি অঞ্চলটোত শান্তি আনিছে । ইয়াৰ ফলত ফলত ৯ হাজাৰ সশস্ত্ৰ উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে। ‘বিগত চাৰিটা দশক ধৰি উত্তৰ-পূবত বিদ্ৰোহৰ সৈতে যুঁজি আহিছে আৰক্ষীয়ে। যিহেতু এতিয়া বিদ্ৰোহ শেষ হৈছে, সেয়েহে আমি এফআইআৰ দাখিল কৰাৰ তিনি বছৰৰ ভিতৰত মানুহে ন্যায় লাভ কৰাটো নিশ্চিত কৰিবলৈ বাহিনীটোৰ পন্থা সলনি কৰিব লাগিব।’এইদৰে কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

ইয়াৰ লগতে কেন্দ্ৰই উত্তৰ-পূব অঞ্চলৰ ৰে’ল সংযোগৰ বাবে ৮১ হাজাৰ কোটি আৰু পথ নেটৱৰ্কৰ বাবে ৪১ হাজাৰ কোটি টকা ব্যয় কৰিছে বুলিও দাবী কৰে গৃহমন্ত্ৰী গৰাকীয়ে । তদুপৰি কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোত জৈৱিক খেতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলি উল্লেখ কৰিছে অমিত শ্বাহে ।

তেওঁ কয়,’কেন্দ্ৰই ইতিমধ্যে এই খণ্ডটোক আগুৱাই নিয়াৰ বাবে নেশ্যনেল অৰ্গেনিক কৰ্প’ৰেশ্যন লিমিটেড গঠন কৰিছে। মই সকলো মুখ্যমন্ত্ৰীক (উত্তৰ-পূবৰ) জৈৱিক সামগ্ৰীৰ পেকেজিং, বিপণন আৰু ৰপ্তানিৰ বাবে এন অ’ চি এলৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ আহ্বান জনাইছো।’

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে ত্ৰিপুৰাত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ অধিৱেশন উদ্বোধন কৰে । এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে। সিন্ধিয়াই সাংবাদিকৰ আগত কয় যে, এই বছৰৰ বাবে পৰিষদৰ কামৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ উপৰিও অঞ্চলটোৰ ভৱিষ্যতৰ ৰোডমেপৰ ওপৰত আলোচনা কৰা হ’ব।

শুকুৰবাৰে উত্তৰ পূবৰ ৭২ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ অধ্যক্ষতা কৰিবলৈ শ্বাহ ত্ৰিপুৰাত উপস্থিত হৈছিল। অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰে গঠিত এই পৰিষদ হৈছে উত্তৰ-পূব অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে ন’ডেল এজেন্সী ।

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক