শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

২টা কীৰ্তি চক্ৰ, ১৪টা শৌৰ্য্য চক্ৰ বঁটাকে ধৰি ৯৩টা বীৰত্ব বঁটাত অনুমোদন ৰাষ্ট্ৰপতিৰ

গণৰাজ্য় দিৱসৰ প্ৰাকক্ষণত ৯৩টা সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানক বীৰত্ব বঁটা প্ৰদানত অনুমোদন জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৯৩টা বীৰত্ব বঁটাৰ ভিতৰত আছে ২টা কীৰ্তি চক্ৰ (এটা মৰণোত্তৰ) আৰু ১৪টা শৌৰ্য্য চক্ৰ (মৰণোত্তৰ তিনিটা)।

২টা কীৰ্তি চক্ৰ, ১৪টা শৌৰ্য্য চক্ৰ বঁটাকে ধৰি ৯৩টা বীৰত্ব বঁটাত অনুমোদন ৰাষ্ট্ৰপতিৰ
কীৰ্তি চক্ৰ সন্মান
manas-borah
Manas Borah | Updated On: 25 Jan 2025 21:57 PM

কেইটামান মুৰ্হূতৰ পাছতে দেশবাসীয়ে উদযাপন কৰিব ৭৬ সংখ্যক গণৰাজ্য দিৱস । এই গণৰাজ্য় দিৱসৰ প্ৰাকক্ষণত ৯৩টা সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানক বীৰত্ব বঁটা প্ৰদানত অনুমোদন জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৯৩টা বীৰত্ব বঁটাৰ ভিতৰত আছে ২টা কীৰ্তি চক্ৰ (এটা মৰণোত্তৰ) আৰু ১৪টা শৌৰ্য্য চক্ৰ (মৰণোত্তৰ তিনিটা)।

কীৰ্তি চক্ৰ ভাৰতৰ শান্তিকালীন বীৰত্বৰ পদক। অসাধাৰণ সাহস আৰু অদম্য সাহসৰ বাবে জোৱানসকলক এই বঁটা প্ৰদান কৰা হয়। ২২ ৰাষ্ট্ৰীয় ৰাইফলছৰ পৰা মেজৰ মঞ্জিতক এই বঁটা প্ৰদান কৰাৰ লগতে ২৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ পৰা মৰণোত্তৰভাৱে নাইক দিলৱাৰ খানক কীৰ্তি চক্ৰ বঁটা প্ৰদান কৰা হৈছে ।

সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১৪ জন জোৱানক শৌৰ্য্য চক্ৰ দিয়াৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত আছে ১ পাৰা এছ এফ চাব বিকাশ তোমৰ, ২০ জাট ৰেজিমেণ্ট মোহন ৰাম, ডোগ্ৰা ৰেজিমেণ্ট হাবিলদাৰ ৰোহিত কুমাৰ (মৰণোত্তৰ), ৯জি আৰ ৩২ আৰ আৰ হাবিলদাৰ প্ৰকাশ তামাং, অভিযন্তা ৫০ আৰ আৰ মেজৰ আশীষ দহিয়া, এ এছ চি ১আৰ আৰ মেজৰ কুনাল, আৰ্মড ৪ আৰ আৰ মেজৰ সতেন্দ্ৰ ধনখৰ, ৪৮ আৰ আৰ কেপ্তেইন দীপক সিং (মৰণোত্তৰ), চতুৰ্থ অসম ৰাইফলছৰ সহকাৰী কমাণ্ডেণ্ট অশ্বেনথুং কিকন, ফ্লাইট লেফটেনেণ্ট অমন সিং হান্স ফ্লাইং (পাইলট), কৰ্পৰেল ডাভি সঞ্জয় হিফাবাই এছা, বিজয় এন কুট্টী জি (মৰণোত্তৰ), ডেপুটি কমাণ্ডেণ্ট চি আৰ পি এফ বিক্ৰান্ত কুমাৰ আৰু পৰিদৰ্শক (জি ডি) চি আৰ পি এফ জেফ্ৰি হিংচুলো।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মুঠ ৯৩ জন জোৱানক বীৰত্বৰ বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ২ টা কীৰ্তি চক্ৰ আৰু ১৪টা শৌৰ্য্য চক্ৰৰ উপৰিও ইয়াৰ ভিতৰত আছে ১ টা বীৰত্বৰ বাবে সেনা পদক, ৬৬টা সেনা পদক (মৰণোত্তৰ সাতটা), ২ টা নৌসেনাৰ পদক (বীৰত্ব) আৰু ৮টা বায়ুসেনা পদক (বীৰত্ব)।

জম্মু-কাশ্মীৰৰ কথুৱা জিলাৰ মাছেদি ছেক্টৰত অভিযান চলাই সন্ত্ৰাসবাদীক হত্যা কৰাৰ বাবে ১ পাৰা (বিশেষ বাহিনী) বেটেলিয়নৰ সুবেদাৰ বিকাশ তোমাৰক শৌৰ্য্য চক্ৰৰে সন্মানিত কৰা হয়।