এমাহৰ বিদ্যুতৰ বিল ৭৯৯ কোটি টকা! হতভম্ব হৈ পৰিল গ্ৰাহক, তাৰ পিছত…
কেতিয়াবা গ্ৰাহকসকললৈ অস্বাভাৱিক পৰিমাণৰ বিদ্যুতৰ বিল অহা দেখা যায়। বিগত সময়ছোৱাত এনে ধৰণৰ বহু খবৰ পোহৰলৈ আহিছে। শেহতীয়াকৈ পুনৰ এবাৰ পোহৰলৈ আহিছে এনে এক ঘটনা। এগৰাকী গ্ৰাহকলৈ আহিছে ৭৯৯ কোটি টকাৰ বিদ্যুতৰ বিল!

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ বিদ্যুতৰ বৰ্ধিত মাচুলেও বৰ্তমান সময়ত সাধাৰণ জনতাক জলাকলা খুৱাইছে। তাৰ পিছতো গ্ৰাহকে নিৰ্ধাৰিত হাৰত পৰিশোধ কৰিবলগা হৈছে মাচুল। পিছে এইদৰে নিৰ্দিষ্ট পৰিমাণৰ মাচুল পৰিশোধৰ পিছতো কেতিয়াবা গ্ৰাহকসকললৈ অস্বাভাৱিক পৰিমাণৰ বিদ্যুতৰ বিল অহা দেখা যায়। বিগত সময়ছোৱাত এনে ধৰণৰ বহু খবৰ পোহৰলৈ আহিছে। সাধাৰণ এগৰাকী গ্ৰাহকলৈ কেইবালাখ টকাৰ বিদ্যুতৰ বিল অহা এনে খবৰ বহু সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
শেহতীয়াকৈ পুনৰ এবাৰ পোহৰলৈ আহিছে এনে এক ঘটনা। পিছে এইবাৰ গ্ৰাহকজনলৈ বিদ্যুতৰ বিল লাখৰ ঘৰতো নহয়, কোটি কোটি টকাৰ হিচাপত প্ৰেৰণ কৰা হৈছে। সেয়াও ৭৯৯ কোটি টকাৰ বৃ্হৎ পৰিমাণত। মাত্ৰ এমাহতে এই বৃ্হৎ পৰিমাণৰ বিদ্যুতৰ বিল দেখি হতভম্ব হৈ পৰিছে গ্ৰাহকজন। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ আজমগড়ৰ এগৰাকী ব্যক্তিলৈ আহিছে এনে অভাৱনীয় মূল্যৰ বিদ্যুৎ বিল।
এই গ্ৰাহকজনৰ নাম ড০ বিজেন্দ্ৰ ৰায়। আৰাজীবাগত বাস কৰা ৰায় এখন মহাবিদ্যালয়ৰ অধ্যক্ষ। বিগত বৰ্ষত বিজেন্দ্ৰ ৰায়ে এটা নতুন ঘৰ নিৰ্মাণ কৰাইছিল। ঘৰ সম্পূৰ্ণ হৈ উঠাৰ পিছত তেওঁ বিদ্যুৎ সংযোগ লয় আৰু প্ৰথম মাহতে এইদৰে ৭৯৯ কোটি টকাৰ অভাৱনীয় মূল্যৰ বিল আহে। এই বিল দেখি বিজেন্দ্ৰ ৰায় স্তম্ভিত হৈ পৰে। লগে লগে তেওঁ এই বিষয়ে নিগমৰ বিষয়াসকলক অভিযোগ কৰে।
ৰায়ৰ অভিযোগৰ ভিত্তিত নিগমৰ বিষয়াসকলে এমাহৰ ভিতৰত তেওঁৰ বিল শুধৰণি কৰা হ’ব বুলি আশ্বাস দিয়ে। পিছে এই অভিযোগ আৰু আশ্বাসৰ পিছতো তেওঁৰ সমস্যাৰ সমাধান নহ’ল। ইয়াৰ পিছত তেওঁ কাৰ্যবাহী অভিযন্তাৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে। কিন্তু তথাপিও তেওঁৰ সমস্যাৰ সমাধান নোলাল। কাৰ্যবাহী অভিযন্তাগৰাকীয়েও বিজেন্দ্ৰ ৰায়ক এমাহৰ ভিতৰত এনে সমস্যা ঠিক কৰা হ’ব বুলি দিয়া আশ্বাস কাৰ্যতঃ হৈ নুঠিল।
বিজেন্দ্ৰ ৰায়ে উল্লেখ কৰা মতে তেওঁ প্ৰথমে বিদ্যুৎ নিগমৰ মুখ্য অভিযন্তাৰ ওচৰলৈ গৈ ৭৯৯ কোটি টকাৰ বিল সন্দৰ্ভত অভিযোগ উত্থাপন কৰে আৰু তেতিয়া মুখ্য অভিযন্তাগৰাকীয়ে এই বিষয়ে জ্ঞাত নহয় বুলি জানিবলৈ দিয়ে। তেওঁ লগতে বিজেন্দ্ৰ ৰায়ক বিলখনৰ প্ৰতিলিপি পঠিয়াবলৈ কয় আৰু তদন্ত কৰি বিলখন শুধৰণি কৰাৰ আশ্বাস দিছিল। পিছে তাৰ পিছতো ইয়াৰ সমাধান নোহোৱাত বিজেন্দ্ৰ ৰায়ে এতিয়া মূৰে কপালে হাত দিবলগা হৈছে।