জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ ব্যাপক অভিযানঃ ৫ ভিন্ন সংঘৰ্ষত ৮ সন্ত্ৰাসবাদী নিহত | 8 terrorist 7 from Pakistan died in 5 encounter with security forces in Jammu and Kashmir Assam news - Assam Tv9

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ ব্যাপক অভিযানঃ ৫ ভিন্ন সংঘৰ্ষত ৮ সন্ত্ৰাসবাদী নিহত

জম্মু-কাশ্মীৰৰ পৃথক পৃথক জিলাত চলিত মাহৰ প্ৰথম সপ্তাহত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত মুখামুখিকৈ সংঘটিত হোৱা ৫টা সংঘৰ্ষত ৮জন সন্ত্ৰাসবাদী সদস্য নিহত হৈছে। প্ৰাথমিক তদন্তত এই ৮ জন উগ্ৰপন্থীৰ ভিতৰত ৭ জনেই পাকিস্তানী মূলৰ বুলি প্ৰকাশ পাইছে।

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ ব্যাপক অভিযানঃ ৫ ভিন্ন সংঘৰ্ষত ৮ সন্ত্ৰাসবাদী নিহত

প্ৰতিনিধিত্বমূলক ছবি

Published: 

08 Nov 2024 14:10 PM

জম্মু-কাশ্মীৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কুচ-কাৱাজ। তাৰ সমান্তৰালকৈ অব্যাহত আছে নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। তথ্য অনুসৰি, চলিত মাহৰ প্ৰথম সপ্তাহত উপত্যকাটোৰ পৃথক পৃথক জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত মুখামুখিকৈ ৫টা বৃহৎ সংঘৰ্ষৰ সূত্ৰপাত হৈছে।  এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ গুলীত প্ৰাণ গৈছে ৮জন সন্ত্ৰাসবাদী সদস্যৰ। নিহত এই সন্ত্ৰাসবাদীকেইজন নিজা গোটসমূহৰ কোনো শীৰ্ষ পদবীধাৰী আছিল বুলি জানিব পৰা গৈছে। প্ৰাথমিক তদন্তত এই ৮ জন উগ্ৰপন্থীৰ ভিতৰত ৭ জনেই পাকিস্তানী মূলৰ বুলি প্ৰকাশ পাইছে।

তথ্য অনুসৰি যোৱা ২ নৱেম্বৰত শ্ৰীনগৰৰ খানিয়াৰত নিৰাপত্তা বাহিনীয়ে লস্কৰৰ (টি আৰ এফ)ৰ অভিজ্ঞ কামাণ্ডাৰ উছমান লস্কৰীক হত্যা কৰিছিল। পাকিস্তানী মূলৰ উছমান বিগত প্ৰায় ২০ বছৰ ধৰি লস্কৰ গোটৰ সৈতে জড়িত হৈ আছিল। একেদিনাই অনন্তনাগৰ লাৰণু কোকৰকৰ্নাগত নিৰাপত্তা বাহিনীয়ে দুজন উগ্ৰপন্থীক হত্যা কৰে। ইয়াৰে এজনক আৰবাজ নামৰ স্থানীয় উগ্ৰপন্থী আৰু আনজনক পাকিস্তানী মূলৰ উগ্ৰপন্থী বুলি চিনাক্ত কৰা হৈছিল।

আৰবাজে প্ৰথমে জম্মুত আৰু তাৰ পিছত কাশ্মীৰত জঈছ-ই-মহম্মদৰ শাখা নেটৱৰ্ক PAFFৰ সৈতে জড়িত আছিল। ইফালে উত্তৰ কাশ্মীৰৰ বাণ্ডিপোৰাৰ কেটছানত হোৱা আন এক এনকাউণ্টাৰত সেনাই পাকিস্তানী মূলৰ এজন উগ্ৰপন্থীক হত্যা কৰে। নিহত সন্ত্ৰাসবাদীজনৰ পৰা আমেৰিকাৰ ৰাইফল এম ৪- ও উদ্ধাৰ কৰা হৈছে। সাধাৰণতে শীৰ্ষ সেনাধ্যক্ষৰ সৈতে এনে অত্যাধুনিক ৰাইফল থাকে বুলি ধাৰণা কৰা হয়।

ইয়াৰ পিছতে ৫ নৱেম্বৰত কুপৱাৰাৰ লোলাভ বনাঞ্চলত আন এক এনকাউণ্টাৰত সেনাই পাকিস্তানী মূলৰ এজন উগ্ৰপন্থীক হত্যা কৰে। সন্ত্ৰাসবাদীজনৰ পৰা সেনাই বৃহৎ পৰিমাণৰ গোলাবাৰুদ উদ্ধাৰ কৰে। যোৱা ৭ নৱেম্বৰত বাৰামুল্লাৰ সোপোৰ পানীপোৰাত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত ২ জন উগ্ৰপন্থী নিহত হয়। প্ৰাথমিক তদন্তত সন্ত্ৰাসবাদী দুজন পাকিস্তানী মূলৰ বুলি প্ৰকাশ পাইছে।

ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণত এই সময়ছোৱাত জম্মু-কাশ্মীৰত সাধাৰণ লোক বা নিৰাপত্তাৰক্ষীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহা নাই যদিও বিগত মাহত এনে বহুকেইটা ঘটনা সংঘটিত হৈছিল। উপত্যকাটোত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লক্ষ্যৰে সন্ত্ৰাসবাদী গোটসমূহে এনে কাৰ্যকলাপ চলাই থকা বুলি ধাৰণা কৰা হৈছে। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ হুংকাৰ দিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বৃ্হস্পতিবাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে। শাসকীয় মোদী চৰকাৰ সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু সেয়ে চৰকাৰে এক সুনিৰ্দিষ্ট কৌশল লৈ আগবাঢ়িছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃ্হমন্ত্ৰীগৰাকীয়ে লগতে বিগত দশকৰ তুলনাত সন্ত্ৰাসবাদী ঘটনা ৭০ শতাংশ হ্ৰাস পাইছে বুলিও দাবী কৰে।

গৰ্ভাৱস্থাত কলাখাৰৰ খোৱা উচিত নে?
Winter Skincare : শীতকালত এইদৰে লওক ছালৰ যতন
শৰীৰত প্ৰ'টিনৰ মাত্ৰা কমিলে কেনেকৈ গ'ম পাব?
ড'নাল্ড ট্ৰাম্পৰ কাৰ্যালয়ত কেনেকৈ চাকৰি পাব পাৰি?