৮ বছৰীয়া শিশুৰ লগত ভয়ংকৰ কাণ্ড! এই ঘটনাই বুকু কঁপাই তুলিব আপোনাৰ…

এগৰাকী মাতৃৰ জঘন্য কাণ্ড। নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি নিজ কন্যাৰ লগত সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক।

৮ বছৰীয়া শিশুৰ লগত ভয়ংকৰ কাণ্ড! এই ঘটনাই বুকু কঁপাই তুলিব আপোনাৰ...

প্ৰতীকি ফটো

Published: 

02 Feb 2025 16:39 PM

মাতৃক ভগৱনাৰ তুল্য! কোৱা হয়, প্ৰতিগৰাকী মাতৃয়ে নিজ সন্তানৰ বাবে সকলো অসম্ভৱক সম্ভৱ কৰি তোলে। কিন্তু ইয়াৰ মাজতে কিছুমান এনে মাতৃ আছে যি সন্তানৰ ধ্বংসৰ কাৰণ হৈ পৰে। এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী মাতৃয়ে নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি সন্তানক হত্যা কৰে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ বক্সাৰ জিলাত। এগৰাকী মাতৃয়ে নিজ কন্যাক নৃশংসভাৱে হত্যা কৰি এই কাণ্ড গাপ দিয়াৰ চেষ্টা চলায়। কিন্তু পৰৱৰ্তী সময়ত মাতৃগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে,হত্যাৰ পাছত মহিলাগৰাকীয়ে নিজ কন্যাৰ মৃতদেহ জ্বলাই দিয়াৰ চেষ্টা কৰে। কিন্তু জ্বলাই দিব নোৱাৰি এটা বাকচৰ ভিতৰত মৃতদেহটো লুকুৱাই ৰাখে। মহিলাগৰাকীয়ে মৃতদেহটো এটা চিমেন্টৰ বেগত ভৰাই লুকাই ৰাখে যদিও পৰৱৰ্তী সময়ত সকলো ঘটনা পোহৰলৈ আহে।

এই ঘটনা ডুমৰাও মহকুমাৰ নয়া ভোজপুৰৰ। আৰক্ষীৰ তথ্য অনুসৰি এই অঞ্চলৰ ৮ বছৰীয়া এটি শিশু দুদিন পূৰ্বে নিৰুদ্দেশ হৈছিল। নিজ কন্যাক বিচাৰি দেউতাকে চাৰিওফালে চলাথ কৰিছিল। কিন্তু কন্যাক বিচাৰি পোৱা নাছিল। পৰৱৰ্তী সময়ত পিতৃয়ে আৰক্ষীৰ ওচৰত নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিলৰ পাছতেই আৰক্ষীয়ে শিশুটিক বিচাৰি অভিযান আৰম্ভ কৰিছিল যদিও বাৰে বাৰে বিফল হৈছিল। এনেকৈয়ে দুদিন পাৰ গৈ গ’ল। ইয়াৰ পাছত ঘৰৰ ভিতৰত থকা এটা বাকচৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰে। তাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

উল্লেখ্য যে, শিশুটিৰ আইতাকে কথা ক’ব নোৱাৰে। তেওঁ ঘৰৰ ভিতৰত থকা এটা বাকচ খুলি চোৱাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে, বাকচটোৰ পৰা দুৰ্গন্ধ ওলাই আছিল। কিহৰ দুৰ্গন্ধ বুলি আইতাকে বাকচ চোৱাৰ পাছতেই ৮ বছৰীয়া শিশুটিৰ মৃতদেহ ওলাই পৰে। নাতিনীয়েকৰ মৃতদেহটো দেখাৰ পিছত আইতাকে শিশুটিৰ পিতৃ পাপ্পু গণ্ডক ঘটনাৰ বিষয়ে অৱগত কৰায়।  পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত শিশুটিৰ সতীয়া মাতৃক গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে মহিলাগৰাকীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। তেওঁ কয় যে,  তেওঁ প্ৰথমে শিশুটিক হত্যা কৰে আৰু পাছত জ্বলাবলৈ চেষ্টা কৰে। যেতিয়া মৃতদেহটো সম্পূৰ্ণৰূপে জ্বলা নাছিল তেতিয়া মৃতদেহটো এটা বাকচত থৈ দিয়ে। ইয়াৰ পাছতেই শিশুটিক বিচাৰি পিতৃয়ে হাবাথুৰি খাইছিল কিন্তু বিচাৰি পোৱা নাছিল। ইতিমধ্যে আৰক্ষীয়ে সতীয়া মাতৃক জেৰা অব্যাহত ৰাখিছে। এতিয়ালৈকে হত্যাৰ কাৰণ পোহৰলৈ অহা নাই। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?
তীৰ্থ যাত্ৰাত হোৱা মৃত্যুই কিহৰ সংকেত দিয়ে জানেনে?
সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া