শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণঃ আই ই ডি বিস্ফোৰণত শ্বহীদ ৯ নিৰাপত্তাৰক্ষী জোৱান

ছত্তীশগড়ৰ বিজাপুৰত এক ভয়ানক আক্ৰমণ সংঘটিত কৰিছে নক্সালবাদী গোটে। নিৰাপত্তাৰক্ষীৰ বাহনক লক্ষ্য কৰি নক্সালবাদীয়ে কুট্ৰু ৰোডত স্থাপন কৰা আই ই ডি বিস্ফোৰণৰ ফলত শ্বহীদ হৈছে ৯ জন নিৰাপত্তাৰক্ষী জোৱান। এই ভয়ংকৰ আক্ৰমণত ৬ জনতকৈ অধিক জোৱান গুৰুতৰভাৱে আহত হৈছে।

নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণঃ আই ই ডি বিস্ফোৰণত শ্বহীদ ৯ নিৰাপত্তাৰক্ষী জোৱান
ছত্তীশগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণ
monjit-dutta
Monjit Dutta | Published: 06 Jan 2025 16:29 PM

ছত্তীশগড়ৰ বিজাপুৰত এক ভয়ানক আক্ৰমণ সংঘটিত কৰিছে নক্সালবাদী গোটে। নিৰাপত্তাৰক্ষীৰ বাহনক লক্ষ্য কৰি নক্সালবাদীয়ে কুট্ৰু ৰোডত স্থাপন কৰা আই ই ডি বিস্ফোৰণৰ ফলত শ্বহীদ হৈছে ৯ জন নিৰাপত্তাৰক্ষী জোৱান। এই ভয়ংকৰ আক্ৰমণত ৬ জনতকৈ অধিক জোৱান গুৰুতৰভাৱে আহত হৈছে। এক অভিযানৰ পৰা উভতি আহিছিল জোৱানৰ দলটো আৰু যাত্ৰাপথতে এই ভয়ংকৰ আক্ৰমণৰ বলি হয় তেওঁলোকৰ বাহনখন।

বিজাপুৰ জিলাৰ কুট্ৰু-বেদ্ৰে পথত নক্সালবাদীয়ে এই আক্ৰমণ সংঘটিত কৰে। প্ৰকাশিত খবৰ অনুসৰি  দন্তেৱাড়া, নাৰায়ণপুৰ আৰু বিজাপুৰৰ নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানকাৰী দলটোৱে অভিযানৰ অন্তত শিবিৰলৈ উভতনি যাত্ৰা কৰিছিল। নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি নক্সালবাদী গোটে কুট্ৰু থানা এলেকাৰ আম্বলি গাঁৱৰ সমীপত আই ই ডি স্থাপন কৰে।

নিৰাপত্তাৰক্ষীৰ কনভয় সেই পথেৰে উভতি অহাৰ সময়তে দুপৰীয়া প্ৰায় ২:১৫ বজাত নক্সালবাদীয়ে স্থাপন কৰা আই ই ডি বিস্ফোৰণ ঘটাত নিৰাপত্তাৰক্ষীৰ এখন বাহনৰ ক্ষতিসাধন হয়। এই আক্ৰমণত শ্বহীদ হয় দন্তেৱাড়াৰ ৮ জন ডি আৰ জি জোৱান আৰু এজন চালককে ধৰি ৯ জন জোৱান নিহত হয়।

বিজাপুৰ আই ই ডি বিস্ফোৰণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছত্তীশগড় বিধানসভাৰ অধ্যক্ষ ৰমন সিঙে। যেতিয়াই নক্সালবাদীৰ বিৰুদ্ধে বৃহৎ অভিযান চলোৱা হয় তেতিয়াই তেওঁলোকে এনে কাপুৰুষালি কাম কৰে বুলি ক্ষোভ প্ৰকাশ কৰিছে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। নক্সালবাদৰ বিৰুদ্ধে ছত্তীশগড় চৰকাৰে যি পদক্ষেপ লৈছে, সেই পদক্ষেপ আৰু অধিক তীব্ৰতৰ হ’ব বুলি তেওঁ লগতে সকীয়নি দিয়ে।

এনে ধৰণৰ ঘটনাত চৰকাৰে ভয় নাখায় বুলিও তেওঁ হুংকাৰ দিয়ে আৰু নক্সালবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে। ছত্তীশগড় চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী অৰুণ সাৱেও আই ই ডি বিস্ফোৰণক নক্সালবাদীৰ কাপুৰুষালি বুলি অভিহিত কৰিছে। শ্বহীদ জোৱানসকলৰ মৃত্যু অথলে নাযায় বুলি দৃঢ়তাৰে উল্লেখ কৰি তেওঁ লগতে অতি সোনকালে ছত্তীশগড় নক্সালমুক্ত হ’ব বুলি দৃঢ় দাবী কৰে।

Latest News