নিষ্ঠুৰ নিয়তি! ৫৬ ঘণ্টা ধৰি বোৰৱেলত আৱদ্ধ হৈ ৫ বছৰীয়া শিশুৰ মৃত্যু

শোকাৱহ ঘটনা! এটা বোৰৱেলত আৱদ্ধ হৈ মৃত্যুক আকোৱালি ল'লে এটি ৫ বছৰীয়া শিশুৱে। হুকৰ জৰিয়তে বোৰৱেলৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছিল ৫ বছৰীয়া আৰিয়নক। তাৰ পাছতে লগে লগে নিয়া হৈছিল চিকিৎসালয়লৈ। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। সকলোৰে প্ৰচেষ্টা, প্ৰাৰ্থনাই নিদিলে কাম। নিয়তিৰ ওচৰত হাৰ মানিলে নিষ্পাপ শিশুটিয়ে। চিকিৎসালয়ত চিকিৎসকৰ এটা দলে মৃত ঘোষণা কৰে আৰিয়নক।

নিষ্ঠুৰ নিয়তি! ৫৬ ঘণ্টা ধৰি বোৰৱেলত আৱদ্ধ হৈ ৫ বছৰীয়া শিশুৰ মৃত্যু

৫৬ ঘণ্টা ধৰি বোৰৱেলত আৱদ্ধ হৈ ৫ বছৰীয়া শিশুৰ মৃত্যু

Updated On: 

12 Dec 2024 11:37 AM

ৰাজস্থানৰ দৌছা জিলাত সংঘটিত হৈছে এই মৰ্মন্তিক ঘটনা। এটা বোৰৱেলত তিনিদিন ধৰি আৱদ্ধ হৈ থকাৰ ফলত এটি ৫ বছৰীয়া শিশুৰ মৃত্যু হয়। প্ৰায় ৫৬ ঘণ্টাৰ পিছত বুধবাৰে নিশা ১১.৪৫ বজাত আৰিয়নক বোৰৱেলৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছিল। কিন্তু ৰক্ষা কৰিব পৰা নগ’ল আৰিয়ন জীৱন। আৰিয়নক বোৰৱেলৰ পৰা উদ্ধাৰ কৰাৰ পিছত এখন অত্যাধুনিক প্ৰযুক্তিসন্মত এম্বুলেন্সত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। ইফালে ৫ বছৰীয়া পুত্ৰৰ মৃতদেহ দেখি তিনিদিন ধৰি ভোকতুৰ হৈ থকা আৰিয়নৰ মাতৃ অচেতন হৈ পৰিল। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালটোৰ মাজত।

বিষয়াসকলে জনোৱা অনুসৰি, মঙলবাৰে নিশা ২ বজাৰ পৰা আৰিয়নে লৰচৰ কৰাৰ কোনো তথ্য নাছিল। চিকিৎসা দলটোৱে নিৰন্তৰভাৱে বোৰৱেললৈ অক্সিজেন যোগান ধৰি আছিল। বোৰৱেলৰ ওচৰত খনন কৰাৰ সকলো প্ৰচেষ্টা বিফল হোৱাৰ পিছত, প্ৰশাসনে উদ্ধাৰকাৰী কৰ্মীসকলক শিশুৰ বচাবলৈ শৰীৰত হুক লগাই তেওঁক বাহিৰলৈ উলিয়াই আনিবলৈ অনুমতি দিছিল।

৫৬ ঘণ্টা ধৰি চলিছিল উদ্ধাৰ অভিযান

অসামৰিক প্ৰতিৰক্ষা, NDRF SDRF আৰু বোৰৱেল বিশেষজ্ঞৰ বিশেষজ্ঞৰ দলে ৯ ডিচেম্বৰৰ পৰা আৰিয়ন বচাবলৈ নিৰন্তৰভাৱে চেষ্টা চলাই আছিল। উদ্ধাৰৰ সময়ত, দলটোৱে পাইলিং মেচিন বোৰৱেলৰ ওচৰত প্ৰায় ১২৫ ফুট গভীৰৰ এটা গাঁত খান্দিছিল। অৱশ্যে, যন্ত্ৰ বিকল হোৱাৰ বাবে কিছুসময় ধৰি অভিযান বন্ধ হৈ পৰিছিল। তাৰ পিছত দ্বিতীয় যন্ত্ৰটো আনি গাঁতটো ১৫০ ফুট গভীৰলৈ খন্দা হয়।

গাঁতটোৰ সমান্তৰালভাৱে এটা সুৰংগও খন্দা হৈছিল। কিন্তু বিফল হৈছিল সকলো প্ৰচেষ্টা । তাৰ পিছত, দৌছা জিলা আয়ুক্তৰ পৰা অনুমতি লৈ আৰিয়নক হুকৰ জৰিয়তে বোৰৱেলৰ পৰা উলিয়াই অনা হৈছিল। সমগ্ৰ উদ্ধাৰ অভিযানটো মুঠ ৫৬ ঘণ্টা ধৰি চলিছিল। শিশুটি বাহিৰলৈ অনাৰ লগে লগে এম্বুলেন্সত দৌছা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। নিশা ১২ বজাত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত, চিকিৎসকৰ দলে আৰিয়নক মৃত বুলি ঘোষণা কৰে।

শিশুটো কেতিয়া বোৰৱেলত পৰিছিল?

দৌছাত জিলাৰ কালিখাদ গাঁৱত ৯ ডিচেম্বৰৰ আবেলিৰ পৰা উদ্ধাৰ অভিযান চলি আছিল। একেদিনাই আবেলি প্ৰায় ৩ বজাত মাতৃৰ সন্মুখত খান্দি থোৱা মুকলি বোৰৱেলত পৰিছিল আৰিয়ন। এই শোকাৱহ দুৰ্ঘটনাটো বাসগৃহৰ পৰা প্ৰায় ১০০ ফুট দূৰত্বত সংঘটিত হৈছিল। সকলোৱে প্ৰাৰ্থনা কৰিছিল সুকলমে উদ্ধাৰ কৰা হওক আৰিয়নক। কিন্তু ৫ বছৰীয়া শিশুটিৰ মৃত্যুৰ খবৰে এতিয়া শোকস্তব্ধ কৰি তুলিছে দেশবাসীক।

মানসিক অশান্তি দূৰ কৰিবলৈ আঁতৰত থাকক এইসমূহ বিষয়ৰ পৰা...
মহিলাৰ ৫-৬টা ৰোগ একেলগে হোৱাৰ আছে কাৰণ, জানক সবিশেষ...
কলম কোনে আৱিষ্কাৰ কৰিছিল জানেনে?
নহৰুৱে শৰীৰৰ কি কি ৰোগ প্ৰতিৰোধ কৰিব পাৰে?