শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Kumbh Mela 2025: সুদূৰ ফ্ৰান্সৰ পৰা কুম্ভমেলাত ভাগ ল’বলৈ পাস্কেল পালেহি প্ৰয়াগৰাজ

হিন্দু ধৰ্মৰ প্ৰতি তেওঁৰ অনুৰাগ সৰুৰে পৰাই । শিৱ তেওঁৰ আৰাধ্য ভগৱান । সনাতনী সংস্কৃতিক মনে-প্ৰাণে ভালপোৱা এইগৰাকী ফৰাচী মহিলা আহিছে কুম্ভমেলালৈ ।

Kumbh Mela 2025: সুদূৰ ফ্ৰান্সৰ পৰা কুম্ভমেলাত ভাগ ল’বলৈ পাস্কেল পালেহি প্ৰয়াগৰাজ
ফৰাচী মহিলা পাস্কেলImage Credit source: ANI
raj-saikia
Raj Saikia | Published: 08 Jan 2025 17:14 PM

মাত্ৰ কেইদিনমান পাছতেই মকৰ সংক্ৰান্তিৰ পবিত্ৰ ক্ষণৰ পৰা আৰম্ভ হ’ব কুম্ভমেলা । অহা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত এই মেলা অনুষ্ঠিত হ’ব । হিন্দু ধৰ্মাৱলম্বীসকলে কুম্ভমেলা আৰু মকৰ সংক্ৰান্তিক অতি পবিত্ৰ হিচাপে গণ্য কৰে । সাধু-সন্তৰ উপৰিও সাধাৰণ লোকসকলেও এই দিনটোত গংগাকে ধৰি দেশৰ প্ৰধান নদীসমূহত স্নান কৰি পাপ খণ্ডণৰ কামনা কৰে । আজি আমি এগৰাকী বিশেষ ভক্তৰ বিষয়ে ক’বলৈ ওলাইছো, যি অনুৰক্ত হিন্দু ধৰ্মৰ প্ৰতি ।

পাস্কেল এগৰাকী ৬৫ বৰ্ষীয় ফৰাচী মহিলা । সুদূৰ ফ্ৰান্সৰ পৰা কুম্ভ মেলাত অংশগ্ৰহণৰ বাবে প্ৰয়াগৰাজত উপস্থিত হৈছে পাস্কেল নামৰ এই ফৰাচী মহিলাগৰাকী । ফ্ৰান্সত বাস কৰা পাস্কেল শৈশৱৰ পৰাই হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ আহিছে । ভগৱান শিৱক তেওঁৰ ঈশ্বৰ হিচাপে শ্ৰদ্ধা কৰি আহিছে । ভাগৱত আৰু পুৰাণৰ জ্ঞানৰো অধিকাৰী পাস্কেল ।

পাস্কেলে সংবাদ সংস্থা এএনআইক কয়, “হিন্দু ধৰ্ম আৰু ভগৱান শিৱৰ প্ৰতি মোৰ এক বিৰাট মোহ আছে । হিন্দু ধৰ্মৰ প্ৰতি মোৰ মোহ প্ৰকাশ কৰাৰ কোনো অন্য কাৰণ নাই । এই অনুভৱ মোৰ হৃদয়ৰ পৰাই আহিছে ।”

পাস্কেলৰ হিন্দু ধৰ্মৰ সৈতে সংযোগ আৰম্ভ হৈছিল ১৯৮৪ চনত, যেতিয়া তেওঁ প্ৰথম ভাৰত ভ্ৰমণ কৰিছিল । তেওঁৰ অভিজ্ঞতাই তেওঁক সনাতন পৰম্পৰাৰ প্ৰতি ইমানেই আকৰ্ষিত কৰি তুলিলে যে পাস্কেলে সাধুৰ জীৱন অৱলম্বন কৰাৰ কথা চিন্তা কৰিছে ।

পাস্কেলে কুম্ভ মেলাৰ বিষয়ে থকা তেওঁৰ বিস্তৃত জ্ঞান আৰু ইয়াৰ তাৎপৰ্যৰ কথা প্ৰকাশ কৰে, য’ত সমুদ্ৰ মন্থনৰ আখ্যান আৰু অমৃত বিতৰণ আদিৰ কথাও প্ৰকাশ কৰে । “কুম্ভ মেলাৰ সকলো কথা মই জানো আৰু সমুদ্ৰ মন্থনৰ বিষয়েও মোৰ হাতত সম্পূৰ্ণ তথ্য আছে । অমৃত বিতৰণৰ সম্পৰ্কেও মোৰ হাতত সম্পূৰ্ণ তথ্য আছে ।” পাস্কেলে কয় ।

সাধু, সন্ন্যাসী আৰু হিন্দু লোকক সাক্ষাতৰ আনন্দ প্ৰকাশ কৰি তেওঁ কয়, “মই ইয়াত সাধু সন্যাসী আৰু হিন্দুসকলক দেখি ভাল পাওঁ ।”

পাস্কেলে তেওঁৰ বন্ধুৰ পৰা উপহাৰ হিচাপে লাভ কৰা ৰুদ্ৰাক্ষৰ মালাডালো প্ৰদৰ্শন কৰে, যিয়ে তেওঁক সুৰক্ষা প্ৰদান কৰে বুলি পাস্কেলে বিশ্বাস কৰে । “মই ডিঙিত পিন্ধা ৰুদ্ৰাক্ষৰ মালাডাল মোৰ এজন বন্ধুৱে মোক দিছিল । মালাডাল পিন্ধিলে এনে লাগে যেন ই মোক সুৰক্ষা দিয়ে ।”

কুম্ভ মেলাত কৰা ব্যৱস্থাৰ প্ৰশংসা কৰি সকলো উপস্থিত ব্যক্তিৰ বাবে উপলব্ধ সুৰক্ষা, বিনামূলীয়া থকাৰ ব্যৱস্থা, খাদ্য, পানীয়ৰ ওপৰত আলোকপাত কৰে পাস্কেলে । “মহাকুম্ভ আশ্চৰ্যকৰ । ইয়ালৈ কোটি কোটি মানুহ আহিছে আৰু মই ইয়াত অতি নিৰাপদ অনুভৱ কৰিছো । ইয়াত খোৱা-বোৱা-থকা সকলো বিনামূলীয়া । সকলো ব্যৱস্থা বহুত ভালদৰে কৰিছে ।”-পাস্কেলে প্ৰকাশ কৰে ।

বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক মেলা হিচাপে পৰিগণিত কুম্ভমেলাত এইবাৰ ১২ বছৰৰ মূৰত মহাকুম্ভৰ উদযাপন কৰা হৈছে । অহা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত এই উপলক্ষে বিপুল সংখ্যক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে । দুৰ্ঘটনা ৰোধৰ বাবে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰি আহিছে । বিশেষকৈ ভিৰ পৰিচালনা আৰু অগ্নিকাণ্ডৰ পৰা হাত সাৰিবলৈ ভক্তসকলৰ বাবে ব্যৱস্থা কৰা হৈছে ।

মহাকুম্ভৰ ডিআইজি বৈভৱ কৃষ্ণ আৰু এছএছপি ৰাজেশ দ্বিবেদীয়ে মঙলবাৰে কুম্ভ মেলা স্থলী পৰিদৰ্শন কৰে । এএনআইৰ সৈতে হোৱা কথা-বতৰাত ডিআইজি বৈভৱ কৃষ্ণই কয়, “কুম্ভ অঞ্চলৰ বিভিন্ন স্থানত নিৰাপত্তাৰক্ষী মোতায়েন সন্দৰ্ভত আৰক্ষীয়ে নিজৰ অনুশীলন আৰু আখৰা চলাই আছে । ভক্তসকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয়, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।”

Latest News