গহণা, বিচনাৰ পৰা সাধাৰণ মগ এটালৈ… ভাইৰেল যৌতুক তালিকাৰ বিশেষ ছবি, চাওক তালিকাত কি কি

যৌতুক দিয়া আৰু লোৱা, এই দুয়োটাই ভাৰতীয় আইন অনুসৰি অবৈধ। কিন্তু ইয়াৰ পিছতো যৌতুক প্ৰথা ভাৰতীয় বিবাহৰ অংশ হৈয়েই আছে। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যৌতুকৰ এখন তালিকা। এই তালিকাখনত কন্যাৰ লগত দিয়া বিভিন্ন সামগ্ৰীৰ বিষয়ে উল্লেখ আছে।

গহণা, বিচনাৰ পৰা সাধাৰণ মগ এটালৈ… ভাইৰেল যৌতুক তালিকাৰ বিশেষ ছবি, চাওক তালিকাত কি কি

প্ৰতিনিধিত্বমূলক ছবি

Published: 

10 Apr 2025 17:04 PM

দেশত আইনী ৰূপত সম্পূৰ্ণ নিষিদ্ধ যৌতুক প্ৰথা। যৌতুক দিয়া আৰু লোৱা, এই দুয়োটাই ভাৰতীয় আইন অনুসৰি অবৈধ। কিন্তু ইয়াৰ পিছতো যৌতুক প্ৰথা ভাৰতীয় বিবাহৰ অংশ হৈয়েই আছে। যৌতুক ব্যৱস্থাই কেৱল নাৰীৰ বিৰুদ্ধে বৈষম্য আৰু হিংসাক প্ৰসাৰিত কৰাই নহয়, পৰিয়ালৰ ওপৰত আৰ্থিক বোজাও জাপি দিয়ে। ইয়াৰ সমান্তৰালকৈ যৌতুক প্ৰথাই সমাজত অপৰাধমূলক কাৰ্যকলাপো বৃদ্ধি কৰে। পিছে তাৰ পাছতো দেশৰ অধিকাংশ প্ৰান্ততে যৌতুকৰ প্ৰচলন হৈ আছে। অসমৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম দেখা নাযায়।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যৌতুকৰ এখন তালিকা। এই তালিকাখনত কন্যাৰ লগত দিয়া বিভিন্ন সামগ্ৰীৰ বিষয়ে উল্লেখ আছে। অৱশ্যে এই তালিকাখন এতিয়াৰ নহয়, আজিৰপৰা ৩০ বছৰতকৈ অধিক পুৰণি। সামাজিক মাধ্যমত ভাইৰেল এই যৌতুক সামগ্ৰীৰ তালিকাখন ১৯৯৩ চনৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত Redditত silently_reading2 নামেৰে হেণ্ডেল থকা এজন লোকে এই তালিকা শ্বেয়াৰ কৰিছে।

এই লোকজনৰ মতে, যৌতুকৰ তালিকাখন ১৯৯৩ চনৰ আৰু এই তালিকা তেওঁৰ খুড়ীয়েকৰ বিবাহত দিয়া হৈছিল। চাৰি পৃষ্ঠাৰ এই তালিকাত উল্লেখ কৰা এই সকলো সামগ্ৰী খুড়ীয়েকৰ বিবাহত যৌতুক হিচাপে দিয়া হৈছিল। যৌতুকৰ এই তালিকাত সন্নিৱিষ্ট সামগ্ৰীসমূহৰ একাংশ এনেধৰণৰ-

আচবাবঃ চোফা চেট, ডাবল বেড, ড্ৰেছিং টেবুল, ৱাৰ্ডৰব

ইলেক্ট্ৰনিক্স: ফ্ৰীজ, টিভি, চিলাই মেচিন, মিক্সাৰ, গ্ৰাইণ্ডাৰ

কাপোৰঃ শাৰী, চুট, চাদৰ, ৰুমাল

গহনাঃ সোণৰ চেট, আঙঠি, পায়ল

ঘৰুৱা সামগ্ৰীঃ বাচন-বৰ্তন, বিচনা, বিচনাৰ চাদৰ, আঠুৱা, গাৰু।

অৱশ্যে এয়া সম্পূৰ্ণ তালিকা নহয়। তালিকাৰ চাৰিটা পৃষ্ঠাত ব্যক্তি বিশেষ অনুসৰি সামগ্ৰী বিষয়ে উল্লেখ কৰা হৈছে।

 

My Bua’s Dowry, 1993
byu/silently_reading2 indelhi

এই সমগ্ৰ যৌতুক তালিকা পঢ়ি স্তম্ভিত হৈ পৰিছে নেটিজেনসকল। যৌতুকৰ এনে দীঘল তালিকাৰ প্ৰতি তীব্ৰ আপত্তি প্ৰকাশ কৰিছে অধিকাংশ লোকে। ‘সমগ্ৰ বিশ্বৰ পৃথিৱীখন উন্নতিৰ পিছতো আমি এই কু-অভ্যাসৰ পৰা মুক্তি পাব পৰা নাই’ নাই কিছু লোকে মন্তব্য কৰিছে। আন একাংশই আকৌ যৌতুক দিয়া আৰু লোৱা লোকসকলক সমালোচনা কৰিছে। এজনে আকৌ বিদ্ৰুপ কৰি কৈছে, “এইটোক যৌতুক বুলি কোৱা নহয় বৰঞ্চ গোটেই ঘৰটো বিচৰা বুলি কোৱা হয়।”

তেওঁৰ মতে দৰাই নতুন ঘৰ সাজিবলৈহে যেন বিয়া পাতিছে, জীৱনৰ থিতাপি লগাবলৈ নহয়! আন এজনে আকৌ লিখিছে, “খুড়াৰ ঘৰত কেৱল দেৱাল আৰু মজিয়াহে আছিল।” কোনো কোনোৱে আকৌ পানী থ’বলৈ ড্ৰাম দিয়া নহ’ল বুলিও কটাক্ষ কৰিছে। মুঠৰ ওপৰত নেটিজেনৰ মাজত এই তালিকাখনক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়া দেখা গৈছে।

উল্লেখ্য যে ভাৰতীয় আইন অনুসৰি যৌতুক দিয়া আৰু লোৱা দুয়োটা নিষিদ্ধ। যৌতুক নিষেধাজ্ঞা আইন ১৯৬১ আৰু ভাৰতীয় ন্যায় সংহিতা ২০২৩ৰ অধীনত যৌতুক দাবী, হাৰাশাস্তি বা মৃত্যুৰ কাৰণ হ’লে কঠোৰ শাস্তি আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে।

ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট
গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?