এটা নেমুৰ দাম ১৩ হাজাৰ টকা! ক্ৰয় কৰিবলৈ দীঘলীয়া শাৰী গ্ৰাহকৰ, কি বিশেষত্ব এই নেমুৰ?
বজাৰত কিছুমান বিশেষ সময়ত বৃদ্ধি পায় নেমুৰ দৰ। অৱশ্যে এই দৰো সৰ্বাধিক ১৫/২০ টকালৈ বৃদ্ধি হ’ব পাৰে। অৰ্থাৎ নেমু এটাৰ দাম ১০০ টকা হোৱা বুলি ক’লেও এয়া অবিশ্বাস্য কথাই হ’ব। কিন্তু আপুনি জানি আচৰিত হ’ব, শেহতীয়াকৈ এটা নেমুৰ দাম উঠিছে ১৩ হাজাৰ টকালৈ।

আমাৰ দৈনন্দিন খাদ্য তালিকাত সাধাৰণতে নেমুৰ সংযোজন স্বাস্থ্যৰ বাবে অতি উপকাৰী হিচাপে বিবেচিত হয়। স্বাস্থ্যৰ উপকাৰিতাৰ লগতে সোৱাদৰ বাবেও নেমু আমাৰ পাকঘৰত অধিকাংশ সময়তে উপলব্ধ সামগ্ৰী। বজাৰত কিছুমান বিশেষ সময়ত বৃদ্ধি পায় নেমুৰ দৰ। অৱশ্যে এই দৰো সৰ্বাধিক ১৫/২০ টকালৈ বৃদ্ধি হ’ব পাৰে। অৰ্থাৎ নেমু এটাৰ দাম ১০০ টকা হোৱা বুলি ক’লেও এয়া অবিশ্বাস্য কথাই হ’ব। কিন্তু আপুনি জানি আচৰিত হ’ব, শেহতীয়াকৈ এটা নেমুৰ দাম উঠিছে ১৩ হাজাৰ টকালৈ। আচৰিত যেন লাগিলেও এয়া সঁচা।
তামিলনাডুত দেখা পোৱা গৈছে নেমুৰ দৰৰ এই আজৱ উত্থান। এনে আকাশলংঘী দামৰ পিছতো কিন্তু এই নেমুটো ক্ৰয় কৰিবলৈ গ্ৰাহকৰ দীঘলীয়া শাৰী দেখা পোৱা গৈছে। পিছে কি কাৰণত নেমুটোৰ দৰ ইমান ওপৰলৈ উঠিল? ইয়াৰ আঁৰত আছে এক বিশেষ কাৰণ। তামিলনাডুৰ ইৰোড জিলাৰ এখন গাঁৱৰ এটা মন্দিৰত ধৰ্মীয় অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হৈছিল এই নেমুটো। এই অনুষ্ঠান হৈ যোৱাৰ পিছত নেমুটো নিলাম কৰা হৈছিল।
নেমুটোৰ এই মুকলি নিবিদাত কেইবা ডজন লোকে অংশগ্ৰহণ কৰে। বহু লোকে নেমুটো ক্ৰয়ৰ বাবে নিবিদা আগবঢ়ায়। অৱশেষত থাংগাৰাজ নামৰ এজন ভক্তই ১৩ হাজাৰ টকাৰ বিনিময়ত নেমুটো ক্ৰয় কৰে। ইয়াৰ পিছতে মন্দিৰ পৰিচালনা সমিতিয়ে সেই ধন সংগ্ৰহ কৰি নেমুটো থাংগাৰাজৰ হাতত গতাই দিয়ে। মন্দিৰৰ দায়িত্বত থকা লোকসকলে প্ৰকাশ কৰা মতে, এই নিলামত এটা ৰূপৰ আঙঠি আৰু এটা ৰূপৰ মুদ্ৰাৰ বাবেও নিবিদা আহ্বান কৰা হৈছিল।
নিলামত আঙঠিটোৰ নিবিদা ৪২,১০০ টকা হোৱাৰ বিপৰীতে মুদ্ৰাটোৰ বাবে ৩৫ হাজাৰ টকা নিবিদা উঠে। উল্লেখ্য যে তামিলনাডুৰ বিভিন্ন মন্দিৰত ধৰ্মীয় অনুষ্ঠানৰ পিছত এইদৰে ফলমূল তথা অন্যান্য সামগ্ৰী নিলাম কৰাৰ পৰম্পৰা আছে। মন্দিৰ পৰিচালনা সমিতিয়ে এনে সামগ্ৰীসমূহৰ বাবে মুকলি নিবিদা আহ্বান কৰে আৰু সৰ্বাধিক নিবিদা দিয়া ব্যক্তিজনে এই সামগ্ৰী লাভ। ইয়াৰ পৰা হোৱা আয় মন্দিৰৰ উন্নয়নৰ বাবে ব্যয় কৰা হয়।
প্ৰকাশিত খবৰ অনুসৰি, বিগত বৰ্ষত তামিলনাডুৰ ভিলুপ্পুৰম জিলাত অৱস্থিত লৰ্ড মুৰুগান মন্দিৰত এনে এক অনুষ্ঠান সম্পন্ন কৰা হৈছিল। এই অনুষ্ঠানত ভগৱান মুৰুগানক ৯টা নেমু আগবঢ়োৱা হৈছিল। অনুষ্ঠান শেষ হোৱাৰ পিছত এই নেমুবোৰ নিলাম কৰা হয় আৰু নিলামত মুঠ ২.৩৬ লাখ টকাত নেমুকেইটা বিক্ৰী হয়। ইয়াতো এজন ভক্তই মূল অনুষ্ঠানত ব্যৱহৃত এটা নেমুৰ বিনিময়ত ৫০,৫০০ টকা দিছিল।