শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কণ্টকময় বিচনাত নিশ্চিন্ত মনে শুই আছে এজন লোক; এয়া কেনেকৈ সম্ভৱ ?

কাঁইট বুলিলে আপুনিও সাত জাপ মাৰে নে ? কাঁইটৰ খোঁচ কিমান যন্ত্ৰণাদায়ক সেয়া খোঁচ খোৱা জনেহে বুজে । কিন্তু আমি এজন ব্যক্তি দেখুৱাম, যি বিনা দ্বিধাই শুব পাৰে কাঁইটৰ বিচনাত ।

কণ্টকময় বিচনাত নিশ্চিন্ত মনে শুই আছে এজন লোক; এয়া কেনেকৈ সম্ভৱ ?
কাঁইটৰ ওপৰত শয়ন কৰা বাবাImage Credit source: ANI
raj-saikia
Raj Saikia | Published: 16 Jan 2025 14:44 PM

মকৰসংক্ৰান্তিৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰম্ভ হৈছে মহাকুম্ভ মেলা । দেশৰ ভিন্ন ঠাই লগতে বিদেশৰ পৰাও ভক্ত আহিছে মহাকুম্ভ মেলালৈ । সাধু-সন্ত-অঘৰীৰো ব্যাপক সমাবেশ ঘটিছে প্ৰয়াগৰাজ তথা ত্ৰিবেণী সংগমত । সকলোৱেই ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰি ঈশ্বৰৰ আৰাধনা কৰা দেখা গৈছে ।

মহাকুম্ভত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কেইবাগৰাকীও বাবা বা সাধু । আই আই টি উত্তীৰ্ণ সাধু, সুন্দৰী সাধু, চটু বাবা, স্প্লেণ্ডাৰ বাবাৰ পৰা আৰম্ভ কৰি বিভিন্নজন সাধু বা বাবাৰ বেশ-ভূষা আৰু কাৰ্যই মানুহক আকৰ্ষণ কৰিছে ।

তেনে এগৰাকী বাবা হৈছে কাঁইটীয়া বাবা বা কাঁটেৱালে বাবা । তেওঁৰ আচল নাম ৰমেশ কুমাৰ মাঁঝি । মহাকুম্ভ মেলাত আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে এইগৰাকী কাঁইটীয়া বাবা । কিন্তু কিয় তেওঁক কাঁইটীয়া বাবা বুলি কোৱা হৈছে জানেনে ? এইগৰাকী বাবাই কাঁইটৰ ওপৰত শুই সকলোকে আচৰিত কৰি তুলিছে ।

“মই গুৰুক সেৱা কৰো । গুৰুৱে আমাক জ্ঞান দিলে আৰু আমাক সম্পূৰ্ণ শক্তি দিলে । এই কামটোত (কাঁইটত পৰি থকা) মোক সহায় কৰা সকলো ভগৱানৰ মহিমা । যোৱা ৪০-৫০ বছৰ ধৰি মই প্ৰতি বছৰে এই কাম কৰি আহিছো । মোৰ শাৰীৰিক উপকাৰৰ বাবেই এই কাম কৰো । মোক কেতিয়াও আঘাত নিদিয়ে এই কাঁইটে । মই পোৱা ‘দক্ষিণা’ৰ আধাখিনি দান কৰো আৰু বাকীখিনি নিজৰ খৰচৰ বাবে ব্যৱহাৰ কৰো” এএনআইক এইদৰে জনায় বাবাগৰাকীয়ে ।

ইফালে বুধবাৰে সন্ধিয়া ১০খন দেশৰ ২১ জনীয়া প্ৰতিনিধি দল প্ৰয়াগৰাজৰ অৰাইল টেণ্ট চিটিত উপস্থিত হয় । প্ৰতিনিধি দলটোৱে ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰাৰ কথা । ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বহিঃপ্ৰচাৰ আৰু ৰাজহুৱা কূটনীতি বিভাগৰ আমন্ত্ৰিত এই প্ৰতিনিধি দলটোৱে ১৬ জানুৱাৰীত ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰাৰ কথা ।

ভ্ৰমণকাৰী গোটটোত ফিজি, ফিনলেণ্ড, গায়ানা, মালয়েছিয়া, মৰিচাছ, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, ট্ৰিনিদাদ আৰু ট’বাগো আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ প্ৰতিনিধি অন্তৰ্ভুক্ত। ইয়াৰ দ্বাৰা ভাৰতৰ চহকী সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ প্ৰতীক এই আধ্যাত্মিক অনুষ্ঠানটোৰ প্ৰতি বিশ্বব্যাপী আগ্ৰহ প্ৰকাশ পাইছে ।

তেওঁলোকৰ এই ভ্ৰমণৰ সময়ত প্ৰতিনিধি দলটোৱে প্ৰয়াগৰাজৰ চহকী সাংস্কৃতিক আৰু ঐতিহাসিক উত্তৰাধিকাৰ অন্বেষণ কৰিবলৈ ঐতিহ্য পদযাত্ৰাত অংশগ্ৰহণ কৰিব । হেলিকপ্টাৰ যাত্ৰাৰ সময়ত মহাকুম্ভ অঞ্চলৰ আকাশী দৃশ্যও উপভোগ কৰিব । তেওঁলোকৰ সুবিধাৰ্থে টেণ্ট চিটিত ৰাতিৰ আহাৰ আৰু জিৰণিৰ ব্যৱস্থাও কৰা হৈছে ।

১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহা কুম্ভ ২৬ ফেব্ৰুৱাৰীলৈকে চলিব । পৰৱৰ্তী মূল স্নানৰ তাৰিখসমূহৰ ভিতৰত ২৯ জানুৱাৰী (মৌনি অমৱস্যা – দ্বিতীয় শ্বাহী স্নান), ৩ ফেব্ৰুৱাৰী (বসন্ত পঞ্চমী – তৃতীয় শ্বাহী স্নান), ১২ ফেব্ৰুৱাৰী (মাঘী পূৰ্ণিমা), আৰু ২৬ ফেব্ৰুৱাৰী (মহা শিৱৰাত্ৰি)।

Latest News