শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হোৱা এখন বিশেষ গাঁও…

এইখন দেশতে এনে এখন গাঁও আছে, যিখন গাঁৱত বহু বছৰ ধৰি কোনো এজন পুৰুষ বা কোনো এগৰাকী মহিলা বিবাহপাশত আবদ্ধ হোৱা নাই । এই গাঁওখনৰ কোনো এটা পৰিয়ালে নিজৰ ছোৱালীজনীক বিয়া দিব নিবিচাৰে। কিয় জানেনে ?

বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হোৱা এখন বিশেষ গাঁও…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 08 Feb 2025 20:31 PM

আমাৰ সমাজত বিবাহ হৈছে এক সামাজিক বান্ধোন বা সামাজিক স্বীকৃতি । বিবাহৰ জৰিয়তে এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাক সম্পৰ্ক স্থাপনৰ বাবে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে সমাজে । ঠাই ভেদে, ধৰ্মীয় ৰীতি-নীতি অনুসৰি বৈবাহিক পৰম্পৰাবোৰো পৃথক পৃথক । কিন্তু এইখন দেশতে এনে এখন গাঁও আছে, যিখন গাঁৱত বহু বছৰ ধৰি কোনো এজন পুৰুষ বা কোনো এগৰাকী মহিলা বিবাহপাশত আবদ্ধ হোৱা নাই ।

এই গাঁওখনৰ কোনো এটা পৰিয়ালে নিজৰ ছোৱালীজনীক বিয়া দিব নিবিচাৰে। আনকি আত্মীয়ও ঘৰলৈ আহিবলৈ নিবিচাৰে। গাঁৱৰ পুৰুষসকল অবিবাহিত হৈয়েই থাকে। এই গাঁওখনত এইধৰণৰ পৰিস্থিতি কিয় সৃষ্টি হ’ল জানেনে? এই গাঁওখন আছে উত্তৰ প্ৰদেশৰ উন্নাও জিলাত । ৰুদোৱাৰা নামৰ এই গাঁওখনত বহু বছৰ ধৰি কোনো যুৱক-যুৱতী বিবাহপাশত আবদ্ধ হোৱা নাই।

ইয়াৰ প্ৰধান কাৰণ হৈছে অস্বাভাৱিকভাৱে গাঁওখনত বৃদ্ধি পোৱাৰ মাখিৰ বংশবৃদ্ধি । গাঁওখনত মাখিৰ সংখ্য এনেধৰণে বৃদ্ধি পাইছে যে, গাঁওখনত এতিয়া মানুহ জীয়াই থকাতো কঠিন হৈ পৰিছে । মাখিৰ বাবে ভালদৰে খাব বা শুব নোৱাৰে গাঁওখনৰ ৰাইজে। খাবলৈ বহিলেও হাজাৰ হাজাৰ মাখিয়ে আগুৰি ধৰে । বিগত দিনবোৰত গাঁওখনত মাখিৰ বাবে অসহ্যকৰ পৰিৱেশে বিৰাজ কৰিছে । মাখিৰ বাবেই এতিয়া গাঁওখনত বেমাৰ-আজাৰৰ সম্ভাৱনাও বৃদ্ধি পাইছে ।

অস্বাভাৱিকভাৱে মাখিৰ বংশবৃদ্ধিৰ বাবে গাঁওখনৰ শিশুসকলেও ডাঙৰ স্বাস্থ্য়জনিত সমস্যাৰ সন্মুখীন হৈ আহিছে । মাখিৰ উপদ্ৰৱৰ বাবে গাঁওখনৰ বাসিন্দা বিশেষকৈ শিশুসকল বিভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে । গাঁওবাসীয়ে জনোৱা মতে, প্ৰশাসনৰ ওচৰত বহুবাৰ অভিযোগ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। এনে অৱস্থাৰ সৃষ্টি হৈছে যে, এতিয়া আঁঠুৱাৰ তলতে দিন অতিবাহিত কৰিবলগীয়া হৈছে গাঁওবাসীয়ে ।

আচৰিত কথা হ’ল, গাঁওখনৰ পুৰুষসকলে এতিয়া কোনো ছোৱালীক বিয়া কৰাব নিবিচাৰে । ইয়াৰ কাৰণ গাঁওখনৰ এই পৰিস্থিতিৰ বাবে তেওঁলোকলৈ ছোৱালী বিয়াৰ দিবৰ বাবে কোনোৱে সন্মতি প্ৰদান নকৰে বা ইচ্ছুক নহয় । একেদৰে গাঁওখনৰ জীয়ৰীসকলৰ বাবেও এতিয়া কোনো লোকৰ পৰা বিবাহ বা সম্পৰ্কৰ প্ৰস্তাৱ নাহে । ইফালে বিয়া কৰা সকলেও এতিয়া গাঁওখনত থাকিব নিবিচাৰে।

প্ৰকাশিত খবৰ অনুসৰি আত্মীয়সকলে এতিয়া গাঁওখনৰ পৰা একেবাৰে আঁতৰি থাকিবলৈ লৈছে । আত্মীয় লোকৰ আহ-যাহ একেবাৰে নোহাৱা হৈ পৰিছে । এক কথাত গাঁওখনৰ লোকসকলক অন্য অঞ্চলৰ লোকে একেবাৰে অৱজ্ঞা কৰে ।

গাঁওবাসীয়ে অভিযোগ কৰে যে, এন অ’ চি অবিহনে অবৈধভাৱে চলি থকা হাঁহ-কুকুৰা পাম ঘৰৰ বিৰুদ্ধে বছৰ বছৰ ধৰি কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আনকি বিষয়াসকল আহিও পৰিদৰ্শন কৰি গুচি যায় । আগতে যিসকলৰ হাঁহ-কুকুৰাৰ পাম আছিল তেওঁলোকে গাঁৱত ঔষধ ছটিয়াইছিল। ই মাখি কমায়। কিন্তু, যোৱা কেইবছৰমানৰ পৰা সেইটোও বন্ধ কৰি দিছে ।

ইফালে মৰা কুকুৰা বা হাঁহ পথাৰ পেলাই দিয়ে । যাৰ ফলত গাঁওখনত অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে মাখিৰ সংখ্য়া । যাৰ ফলত এই ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে গাঁওখনত ।