গাখীৰ খোৱাৰ পাচতেই অস্বাভাৱিক হৈছিল আচৰণ, অৱশেষত মৃত্যু সীমাৰ
এগৰাকী মহিলাৰ মৃত্যুক লৈ সৃষ্টি হৈছে ব্যাপক ৰহস্যৰ । কেনেকৈ মৃত্যু হ'ল মহিলাগৰাকী ? গাখীৰ আৰু কুকুৰৰ কি সম্পৰ্ক মহিলাগৰাকীৰ মৃত্যুৰ সৈতে ? হঠাৎ বমি হ'বলৈ ধৰে মহিলাগৰাকীৰ, ইচাত-বিচাত কৰিবলৈ ধৰে তেওঁ, নিয়া হ'ল হাস্পতাললৈ । অৱস্থা অতি সংকটজনক হৈ আহিল তেওঁৰ । চিকিৎসকে চালে, কি হৈছে । কিন্তু বচাব নোৱাৰিলে । চিকিৎসালয়তেই মৃত্যু ঘটিল মহিলাগৰাকীৰ ।

অসমীয়াত এষাৰ প্ৰবচন আছে, চৰণেহে জানে মৰণৰ ঠাই । সঁচাকৈ কাৰ কেতিয়া কেনেকৈ মৃত্যু হয় সেয়া কোনেও ক’ব নোৱাৰে । বহুক্ষেত্ৰত আমি দেখোঁ, কেতিয়াবা হাঁহি হাঁহি ধেমালি কৰি থাকোতেই কাৰোবাৰ মৃত্যু হয়, মঞ্চত অনুষ্ঠান কৰি থাকোতেই কোনোবাই ঢলি পৰি মৃত্যুক সাৱটে, দুৰ্ঘটনাবোৰতো আছেই । মুঠতে এই মৃত্যুৰ ক্ষেত্ৰত মানুহৰ নিয়ন্ত্ৰণ নাই । বুঢ়া-মেথাসকলে কৈ গৈছে বোলে সময় আহিলে ধৰি ৰাখোঁতা কোনো নাই ।
গ্ৰেটাৰ নয়ডাৰ এগৰাকী মহিলাৰ মৃত্যুক লৈ সৃষ্টি হৈছে ব্যাপক ৰহস্যৰ । কেনেকৈ মৃত্যু হ’ল মহিলাগৰাকী ? গাখীৰ আৰু কুকুৰৰ কি সম্পৰ্ক মহিলাগৰাকীৰ মৃত্যুৰ সৈতে ? হঠাৎ বমি হ’বলৈ ধৰে মহিলাগৰাকীৰ, ইচাত-বিচাত কৰিবলৈ ধৰে তেওঁ, নিয়া হ’ল হাস্পতাললৈ । অৱস্থা অতি সংকটজনক হৈ আহিল তেওঁৰ । চিকিৎসকে চালে, কি হৈছে । কিন্তু বচাব নোৱাৰিলে । চিকিৎসালয়তেই মৃত্যু ঘটিল মহিলাগৰাকীৰ ।
পিছত জানিব পৰা গ’ল মহিলাগৰাকীয়ে গাখীৰ খোৱাৰ পাচতেই সংকটজনক হৈ পৰিছিল তেওঁৰ অৱস্থা । গাখীৰেই মৃত্যুৰ কাৰণো হ’ল তেওঁৰ । যিজনী গাইৰ গাখীৰ মহিলাগৰাকীয়ে খাইছিল, সেই গাইজনীক বলিয়া কুকুৰে কামুৰিছিল কিছুদিন পূৰ্বে । ফলত জলাতংকত আক্ৰান্ত হৈছিল গাইজনী । জলাতংকৰ প্ৰভাৱ গাইজনীৰ গাখীৰলৈও বিয়পি পৰে । সেই গাখীৰ খোৱাৰ পাছতেই মহিলাগৰাকীৰ শীৰৰতো জলাতংকৰ লক্ষণে দেখা দিয়ে আৰু তেওঁৰ মৃত্যু হয় ।
মৃত মহিলাগৰাকী গ্ৰেটাৰ নয়ডাৰ থোৰা গাঁৱৰ সীমা বুলি জানিব পৰা গৈছে । সীমাই এঘৰ চুবুৰীয়াৰ পৰা গাখীৰ কিনি খাইছিল । দুমাহ পূৰ্বে গাইজনীয়ে পোৱালি জন্ম দিছিল আৰু ডেৰমাহ মানৰ পৰা জলাতংকৰ লক্ষণে দেখা দিছিল । পশু চিকিৎসকে জলাতংকৰ লক্ষণ ধৰা পেলাইছে ।
গাইজনীৰ গৰাকীয়ে উল্লেখ কৰা মতে জলাতংকৰ বেজীও দিয়া হৈছিল গাইজনীক । সোমবাৰে নিশাৰ পৰা পানী আৰু পোহৰ দেখি অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰিছিল সীমাই । বমি হ’বলৈ ধৰাত তেওঁক চিকিৎসালয়লৈ লৈ যায় পৰিয়ালৰ লোকে । কিন্তু হাস্পতালত চিকিৎসাৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হয় তেওঁলোক । স্থানীয় চৰকাৰী হাস্পতালৰ পৰা জিলা হাস্পতাললৈ নিয়া হয় তেওঁক । তাৰ পিছত পুনৰ দিল্লীৰ সফৰগঞ্জ হাস্পতাললৈ তেওঁক স্থানান্তৰ কৰা হয় ।
অভিযোগ মতে, মহিলাগৰাকীক জলাতংকৰ চিকিৎসা কৰা হোৱা নাছিল । বসন্তকুঞ্জৰ এখন হাস্পতালত জলাতংক বুলি কৈ তেওঁক ঘৰলৈ পঠায় । বৃহস্পতিবাৰে সীমাৰ মৃত্যু হয় । তিনিগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানৰ মাতৃ সীমা । তেওঁৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালটো । ঘটনাৰ পাছত গাঁওখনৰ প্ৰায় ১০ জনকৈ লোকে সাৱধানতাৰ বাবে জলাতংকৰ টীকা গ্ৰহণ কৰিছে ।