চাৰি বছৰ ভাল পাইছিলো…তাইৰ লগত বহুত টকা খৰচ হ’ল…প্ৰেমিকাৰ পদুলিত প্ৰেমিকৰ আজৱ ধৰ্ণা
প্ৰেমৰ সপ্তাহ আৰম্ভ হোৱাৰ সময়তেই প্ৰেয়সীৰ পদূলিত প্ৰেমিকৰ প্ৰতিবাদ । প্ৰদৰ্শন কৰিলে এনেকুৱা প্লে'কাৰ্ড, যি দেখি আচৰিত হৈ পৰিল সকলো ।
আৰম্ভ হ’ল বিশ্বজোৰা প্ৰেমৰ সপ্তাহ । প্ৰেমিক-প্ৰেমিকাসকল অধিৰ আগ্ৰহেৰে ৰৈ থকা মাহ হৈছে ফেব্ৰুৱাৰী । কিয়নো এই ফেব্ৰুৱাৰীতে উদযাপন কৰা হয় প্ৰেমৰ সপ্তাহ বা ভেলেন্টাইন উইক । আজি ৰ’জ ডে’ । প্ৰিয়জনক এপাহ গোলাপ উপহাৰ দিছে বহুতেই । নতুন প্ৰজন্মৰ মাজত বিশেষভাৱে জনপ্ৰিয় তথা সমাদৃত প্ৰেমৰ এই সপ্তাহ ।
এই প্ৰতিবেদনত আমি এনে এটা ঘটনা উল্লেখ কৰিবলৈ লৈছোঁ, যিয়ে আপোনাক আচৰিত কৰি তুলিব । এজন প্ৰেমিকৰ কাহিনী, যিয়ে প্ৰেমিকাক পাবলৈ বহি পৰিল ধৰ্ণাত । তাকো প্ৰেমিকাৰ ঘৰৰ সমুখত । ধৰ্ণাও আকৌ আচৰিত ধৰণেৰে ।
হাতত কেইখনমান বিশেষ প্লেকাৰ্ড আৰু প্ৰেমিকাৰ ঘৰৰ সমুখত বিয়াৰ দাবী তুলি ধৰ্ণা প্ৰেমিকৰ । প্লেকাৰ্ডত যি লিখা আছে সেয়া জানিলে আপুনি হতবাক হৈ পৰিব । চাৰি বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকাৰ পাচত এতিয়া প্ৰেমিকাক বিয়া পাতিবলৈ ধৰ্ণাত বহিবলগীয়া হৈছে যুৱকজন ।
প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাই প্ৰেমিকাৰ সৈতে চাৰিবছৰ পাৰ কৰিলে যুৱকজনে । কিন্তু এতিয়া প্ৰেয়সীৰ পৰিয়ালে মানি লোৱা নাই প্ৰেমৰ সম্পৰ্কটো । প্ৰেয়সীয়েও পিঠি দিছে যুৱকজনলৈ । ফোন কৰিলেও নধৰে, মেছেজৰ নকৰে ৰিপ্লাই । ফলত বিকল্প উপায় অৱলম্বন কৰিবলগীয়া হৈছে যুৱকজনে । হাতত এনে কেইখনমান প্লে’কাৰ্ড হাতত লৈ যুৱকজন ধৰ্ণাত বহিছে, যিবোৰ দেখি মানুহে মূৰে-কপালে হাত দিছে ।
আচলতে যুৱকজনে প্লেকাৰ্ডত প্ৰেয়সীৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্তৰ ফটো আৰু দুয়োৰে হোৱাটছ্ এপ মেছেজবোৰ ছপা কৰি ধৰ্ণাত বহে । এই ফটো-মেছেজবোৰ দেখি হতভম্ভ হয় প্ৰেয়সীৰ পৰিয়ালৰ লগতে ওচৰ-চুবুৰীয়াও ।
ইতিমধ্যে প্ৰেমিকাৰ পৰিয়ালে খবৰ দিয়ে আৰক্ষীক । অৱশেষত আৰক্ষীৰ উপস্থিতিতহে যুৱকজনক সেই স্থানৰ পৰা আঁতৰাবলৈ সক্ষম হয় । সংবাদ মাধ্যমৰ আগত যুৱকজনে কয়, “চাৰি বছৰ ধৰি আমাৰ সম্পৰ্ক আছিল । বহু টকা খৰচ কৰিলো তাইৰ লগত । মোক বিয়াৰ প্ৰতিশ্ৰুতিও দিছিল । কিন্তু এতিয়া তাইৰ পৰিয়ালে এই সম্পৰ্ক মানি লোৱা নাই । সেয়ে মই এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছোঁ ।”
ইফালে প্ৰেমিকাৰ পৰিয়ালৰ ভাষ্য আছিল আকৌ পৃথক । তেওঁলোকৰ মতে, যুৱতীগৰাকীয়ে যিহেতু বিয়া কৰাব খোজা নাই, গতিকে আমি কি কৰিম ? এই ঘটনা ঘটোৱাৰ পাছত যুৱকজনক কোনোভাৱেই জোঁৱাই কৰিব নোৱাৰে বুলিও তেওঁলোকে জনায় । প্ৰয়োজনত আৰক্ষীৰ সহায় ল’ব বুলিও যুৱতীৰ পৰিয়ালে প্ৰকাশ কৰিছে । দাৰ্জিলিঙৰ দক্ষিণ শান্তিনগৰত সংঘটিত হৈছে এই ঘটনা ।