ক্ৰমাৎ গৰম হৈ উঠিছে দিল্লীৰ নিৰ্বাচনী যুঁজ! অৰবিন্দ কেজৰিৱালৰ বাহনত শিল-ইটাৰে আক্ৰমণৰ অভিযোগ…
অৰবিন্দ কেজৰিৱালৰ ওপৰত হোৱা আক্ৰমণৰ বাবে বিজেপিক দোষাৰোপ কৰিছে আম আদমী পাৰ্টীয়ে। দলটোৱে অভিযোগ অনুসৰি নতুন দিল্লী বিধানসভা আসনৰ বাবে প্ৰচাৰ চলাই থকা সময়ত কেজৰিৱালৰ বাহনত ইটা আৰু শিলেৰে আক্ৰমণ কৰা হৈছে।দলটোৱে ইয়াৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আক্ৰমণৰ ভিডিঅ'। ইফালে বিজেপিয়ে কেজৰিৱালৰ বিৰুদ্ধে উত্থাপন কৰিলে আন এক গুৰুতৰ অভিযোগ।
দিল্লীত প্ৰচাৰৰ মাজতে ক্ষমতাত থকা আম আদমী পাৰ্টি আৰু বিজেপিৰ মাজত অব্যাহত আছে অভিযোগ-প্ৰতিঅভিযোগ। আম আদমী পাৰ্টীয়ে শনিবাৰে অভিযোগ উত্থাপন কৰিছিল যে অৰবিন্দ কেজৰিৱালক বিজেপি নেতা পৰবেশ বাৰ্মাৰ কথিত গুণ্ডাই আক্ৰমণ কৰিছিল। তেওঁৰ বাহনত শিল নিক্ষেপ কৰা হৈছিল। দলীয় সূত্ৰ অনুসৰি, কেজৰিৱালৰ ওপৰত এই আক্ৰমণ নতুন দিল্লী বিধানসভাত প্ৰচাৰ চলাই থকা সময়ত সংঘটিত হৈছিল। দাবী কৰা হৈছে যে স্থানীয় লোকসকলৰ লগতো গুণ্ডাবাহিনীৰ সংঘৰ্ষ হৈছিল। তাৰ পাছত স্থানীয় লোকসকলে অভিযুক্ত গুণ্ডাসকলক খেদি পঠিয়াইছিল।
ইয়াৰ মাজতে আম আদমী পাৰ্টীয়ে ইয়াৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আক্ৰমণৰ ভিডিঅ’। দলটোৱে কৈছে যে পৰাজয়ৰ ভয়ত হতাশ হৈ পৰিছে বিজেপি। অৰবিন্দ কেজৰিৱালৰ ওপৰত গুণ্ডাৰ সৈতে এই আক্ৰমণ চলাইছে বিজেপিয়ে। দলটোৱে অভিযোগ উত্থাপন কৰি কয় যে বিজেপি প্ৰাৰ্থী পৰবেশ বাৰ্মাৰ গুণ্ডাসকলে কেজৰিৱালক প্ৰচাৰৰ মাজতে ইটা আৰু শিলেৰে আক্ৰমণ কৰি আঘাত কৰাৰ চেষ্টা কৰিছিল যাতে তেওঁ প্ৰচাৰ চলাব নোৱাৰে। দলটোৱে লগতে কয় যে কেজৰিৱালে এনে আক্ৰমণক ভয় নকৰে। দিল্লীৰ মানুহে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।
আনহাতে, বিজেপিয়ে দাবী কৰে যে, “তেওঁলোকৰ কৰ্মীৰ ওপৰেৰে বাহন উঠাবলৈ চেষ্টা কৰা হৈছিল। ঘটনাটোৰ পিছত, বিজেপি নেতা পৰবেশ বাৰ্মাই আঘাতপ্ৰাপ্ত কৰ্মীসকলক লগ কৰিবলৈ লেডী হাৰ্ডিঞ্জ চিকিৎসালয়ত উপস্থিত হৈছিল। পৱৰেশ বাৰ্মাই ঘটনাটোৰ ভিডিঅ’ তেওঁৰ সামাজিক মাধ্যমৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল। তেওঁ অভিযোগ উত্থাপন কৰিছে যে কেজৰিৱালে দুজন যুৱকক তেওঁৰ বাহনৰে খুন্দিয়াই আহত কৰিছিল। দুয়োকে লেডী হাৰ্ডিংগ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সন্মুখত পৰাজয় দেখি তেওঁলোকে মানুহৰ জীৱনৰ মূল্য পাহৰি গৈছে।”
सवाल पूछती जनता पर @ArvindKejriwal ने अपनी गाड़ी से 2 युवाओं को मारी टक्कर ।दोनों को लेडी हार्डिंग हॉस्पिटल ले कर गए हैं । हार सामने देखकर लोगों की जान की क़ीमत ही भूल गए ।
मैं हॉस्पिटल जा रहा हूँ । pic.twitter.com/IntWoqMCDP— Parvesh Sahib Singh (@p_sahibsingh) January 18, 2025
ইফালে দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, আক্ৰমণৰ এই তথ্য ভুল। দুয়োপক্ষই শ্ল’গান দিছিল। লগত গ’ল মাৰ্কেটৰ ওচৰত ইজনে সিজনৰ বাহন ৰখাবলৈও চেষ্টা কৰিছিল। কিন্তু আৰক্ষীয়ে সকলোকে আঁতৰাই পঠাইছিল। কাৰো ওপৰত কোনো ধৰণৰ আক্ৰমণ হোৱা নাই।
প্ৰকৃততে, নতুন দিল্লী বিধানসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে অৰবিন্দ কেজৰিৱালে। ইফালে বিজেপিয়ে প্ৰাক্তন সাংসদ পৰবেশ বাৰ্মাক এই আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। একে সময়তে, কংগ্ৰেছে এই আসনৰ পৰা সন্দীপ দীক্ষিতক টিকট দিছে। নতুন দিল্লী হৈছে সেইখন আসন য’ৰ পৰা কেজৰিৱালে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি আহিছে আৰু জয়ী হৈছে। কিন্তু এইবাৰৰ নিৰ্বাচনী প্ৰতিযোগিতাখনৰ সমপৰ্যায়ৰ লগতে ত্ৰিকোণীয়া হোৱা দেখা গৈছে।