5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ঘৰহীন চিছ’দিয়া! হৰভজন সিঙৰ বাসস্থান হ’ব চিছ’দিয়াৰ নতুন ঠিকনা

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী চিছ’দিয়া সাজু হৈছে নিজৰ চৰকাৰী ঠিকনা সলনি কৰাৰ বাবে। চৰকাৰী বাংলো খালী কৰি তেওঁ আশ্ৰয় ল’ব নতুন স্থানত। তথ্য অনুসৰি চিছ’দিয়াই এতিয়া পঞ্জাৱৰ পৰা আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ হৰভজন সিঙৰ চৰকাৰী বাসগৃহত আশ্ৰয় ল’ব।

ঘৰহীন চিছ’দিয়া! হৰভজন সিঙৰ বাসস্থান হ’ব চিছ’দিয়াৰ নতুন ঠিকনা
চৰকাৰী বাংলো এৰিব মনীষ চিছ’দিয়াই
monjit-dutta
Monjit Dutta | Published: 03 Oct 2024 15:03 PM

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ পিছতে ইতিমধ্যে নিজৰ বাংলো খালী কৰাৰ কথা ঘোষণা কৰিছে। কেজৰিৱালৰ পিছত এইবাৰ শাসকীয় আম আদমী পাৰ্টিৰ আন এগৰাকী শীৰ্ষ নেতাই নিজৰ চৰকাৰী বাংলো ত্যাগ কৰিবলৈ সাজু হৈছে। দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী চিছ’দিয়া সাজু হৈছে নিজৰ চৰকাৰী ঠিকনা সলনি কৰাৰ বাবে। চৰকাৰী বাংলো খালী কৰি তেওঁ আশ্ৰয় ল’ব নতুন স্থানত। ইতিমধ্যে বিগত মাহত কেজৰিৱালে ইতিমধ্যে নিজৰ বাংলো খালী কৰাৰ কথা ঘোষণা কৰিছে। তথ্য অনুসৰি কাইলৈ তেওঁ নিজৰ বাংলো খালী কৰিব।

ইফালে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া হৰভজন সিঙৰ বাসগৃহলৈ স্থানান্তৰিত হ’ব বুলি জানিব পৰা গৈছে। দেশৰ প্ৰাক্তন তাৰকা হৰভজন সিং পঞ্জাৱৰ পৰা আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। কাইলৈ চিছ’দিয়াই এই নতুন আশ্ৰয়স্থললৈ স্থানান্তৰিত হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমান মথুৰা ৰোডৰ এবি-১৭ত পৰিয়ালৰ সৈতে থাকে মনীষ চিছ’দিয়া।

লক্ষণীয়ভাৱে সাংসদ হিচাপে হৰভজন সিঙক ৩২ নং ৰাজেন্দ্ৰ প্ৰসাদ ৰোডত এটা চৰকাৰী বাংলো আবণ্টন দিয়া হৈছে। অৱশ্যে বৰ্তমান হৰভজন তেওঁৰ এই চৰকাৰী বাসগৃহত বাস কৰা নাই। সেয়ে কাইলৈ নিজৰ চৰকাৰী বাংলো খালী কৰাৰ পিছত মনীষ চিছ’দিয়া হৰভজন সিঙৰ এই বাসগৃ্হলৈ স্থানান্তৰিত হ’ব বুলি খবৰ প্ৰকাশ পাইছে।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী হিচাপে চিছ’দিয়াই মথুৰা ৰোডৰ এবি-১৭ত চৰকাৰী বাসগৃহ লাভ কৰিছিল যদিও পদত্যাগ কৰাৰ বাবে তেওঁ এই বাংলোটো খালী কৰিব লাগিব। আপ নেতা সৌৰভ ভৰদ্বাজে জানিবলৈ দিয়া মতে চিছ’দিয়াই কাইলৈ ​​নিজেই তেওঁৰ চৰকাৰী বাংলো খালী কৰিব। উল্লেখ্য যে শুকুৰবাৰে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালে মুখ্যমন্ত্ৰীৰ বাসগৃহ খালী কৰিব।

নিজা বাসগৃ্হ খালী কৰাৰ পিছত তেওঁ দলৰ সাংসদ অশোক মিট্টালৰ বাসগৃ্হত আশ্ৰয় গ্ৰহণ কৰিব। কেজৰিৱালে ইতিপূৰ্বে জানিবলৈ দিছিল যে নিজা সমষ্টিৰ জনসাধাৰণৰ সৈতে যোগাযোগ ৰাখিব পৰাকৈ তেওঁ নতুন দিল্লী বিধানসভা সমষ্টিৰ এটা ঘৰতে থাকিব বিচাৰে আৰু সেই অনুসৰি তেওঁ মিট্টালৰ গৃ্হতে এতিয়া আশ্ৰয় ল’ব। লক্ষণীয়ভাৱে একেৰাহে ১০ বছৰ দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পাছতো কেজৰিৱালৰ নিজা কোনো ব্যক্তিগত বাসগৃহ নাই।

মুখ্যমন্ত্ৰী হিচাপে কেজৰিৱালে ২০১৫ চনৰ পৰা চিভিল লাইনৰ ফ্লেগষ্টাফ ৰোডত অৱস্থিত চৰকাৰী বাসগৃহত বাস কৰিছিল। বিগত ১৭ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত কেজৰিৱালে নিজৰ চৰকাৰী বাসগৃহ আৰু সকলো চৰকাৰী সা-সুবিধা ত্যাগ কৰাৰ ঘোষণা কৰিছিল। ইয়াৰ পিছতে আপে কেজৰিৱালৰ বাবে চৰকাৰী বাসগৃহ আবণ্টন দিবলৈ আহ্বান জনাই কেন্দ্ৰীয় এক পত্ৰ প্ৰেৰণ কৰিছিল।

অৱশ্যে আপৰ এই পত্ৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো সঁহাৰি দেখা পোৱা নগ’ল। নিজা ঘৰ ত্যাগৰ ঘোষণাৰ পিছতে নতুন বাসস্থানৰ বাবে কেজৰিৱালে নিজৰ বৃদ্ধ পিতৃ-মাতৃৰ সুবিধা হোৱাকৈ তেওঁলোকে যাতে চিৰি বগোৱাৰ প্ৰয়োজন নহয়, তেনে সুবিধাৰে গ্ৰাউণ্ড ফ্ল’ৰতে এটা ঘৰৰ সন্ধান চলাইছিল। লগতে অধিক লোকৰ চলাচলৰ বাবে ওচৰ-চুবুৰীয়াই যাতে কোনো সমস্যাৰ সন্মুখীন নহয়, তেনে সুবিধাসহ এক ঘৰৰো সন্ধান চলাইছিল কেজৰিৱালে।

Latest News