5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কৈলাশ গেহলটৰ পদত্যাগে জোকাৰিছে দিল্লীৰ ৰাজনীতিঃ বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আপৰ

দিল্লীৰ শাসকীয় আপ চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ আগশাৰীৰ নেতা কৈলাশ গেহলটে আজি আকস্মিকভাৱে মন্ত্ৰী পদৰ লগতে আম আদমী পাৰ্টিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছতে আম আদমী পাৰ্টিয়ে কৈলাশ গেহলটে হেঁচাত পৰি পদত্যাগৰ দৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি দাবী কৰিছে।

কৈলাশ গেহলটৰ পদত্যাগে জোকাৰিছে দিল্লীৰ ৰাজনীতিঃ বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আপৰ
কৈলাশ গেহলটৰ পদত্যাগ সন্দৰ্ভত সঞ্জয় সিঙৰ প্ৰতিক্ৰিয়া
monjit-dutta
Monjit Dutta | Published: 17 Nov 2024 18:03 PM

দিল্লীৰ ৰাজনীতিত আজি সৃষ্টি হয় এক প্ৰবল জোকাৰণিৰ। শাসকীয় আপ চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ আগশাৰীৰ নেতা কৈলাশ গেহলটে আজি আকস্মিকভাৱে মন্ত্ৰী পদৰ লগতে আম আদমী পাৰ্টিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। পদত্যাগ পত্ৰত কৈলাশ গেহলটে আপ আৰু দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিপক্ষে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে। ইফালে আম আদমী পাৰ্টিয়ে কৈলাশ গেহলটে হেঁচাত পৰি পদত্যাগৰ দৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি দাবী কৰিছে।

কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থাসমূহক ব্যৱহাৰ কৰি বিজেপিয়ে কৈলাশ গেহলটক নিৰ্যাতন চলোৱা বুলি অভিযোগ তুলিছে আপে। টিভি৯ ভাৰতবৰ্ষৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কৈলাশ গেহলটে মন্ত্ৰী পদ আৰু দলৰ পৰা এই পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিজেপিয়ে গেহলটক বহু প্ৰকাৰে হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল বুলি দাবী কৰে সঞ্জয় সিঙে।

আপ নেতাগৰাকীয়ে লগতে কৈলাশ গেহলটৰ বিপক্ষে আয়কৰ বিভাগ আৰু ইডিয়ে কেইবাবাৰো অভিযান চলাইছিল বুলি দোহাৰে। এয়া বিজেপিৰে ষড়যন্ত্ৰৰ এটা অংশ বুলিও তেওঁ লগতে দাবী কৰিছে। সঞ্জয় সিঙৰ মতে, এয়া বিজেপিৰ হেঁচা প্ৰয়োগৰ ৰাজনীতিৰ এটা অংশ আৰু দিল্লীত তেওঁলোকে গ্ৰহণ কৰা এই কৌশল কিছু মানুহৰ ওপৰত সফল হৈছে।

ইডি আৰু আয়কৰ বিভাগৰ ধাৰাবাহিক অভিযানৰ ফলত গেহলটৰ বিজেপিত যোগদান কৰাৰ বাদে আন কোনো বিকল্প নাছিল আৰু সেয়ে তেওঁ পদত্যাগ কৰিছে বুলি সিঙে লগতে কয়। কৈলাশ গেহলটে বিজেপিত যোগদান কৰিব বুলিও সঞ্জয় সিঙে দৃঢ় দাবী কৰে। আপক আক্ৰমণৰ বাবে বিজেপি আৰু কংগ্ৰেছে সততে কোৱা কথাকে গেহলটে পদত্যাগ পত্ৰত লিখা বুলি মন্তব্য কৰে আপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।

গত ৫টা বছৰ চৰকাৰত থকাৰ পিছত এতিয়া গেহলটে তোলা অভিযোগত হাস্যকৰ বুলিও কটাক্ষ কৰে সঞ্জয় সিঙে। ইয়াৰ আঁৰত প্ৰকৃততে বিজেপিৰ ষড়যন্ত্ৰ থকা বুলি উল্লেখ কৰি সঞ্জয় সিঙে লগতে গেহলটক ইডিৰ কাৰ্যালয়লৈ মাতি আনি মানসিক নিৰ্যাতন চলোৱা হৈছিল বুলি অভিযোগ কৰে। ১১২ কোটি টকাৰ আয়কৰৰ গোচৰ দেখুৱাই তেওঁৰ ওপৰত অভিযান চলোৱা হৈছিল আৰু সেয়া ষড়যন্ত্ৰৰ এটা অংশ বুলি সিঙে লগতে কয়।

কৈলাশ গেহলটৰ বিপক্ষে অভিযানৰ সময়ত দলে তেওঁৰ পক্ষত বক্তব্য দিয়া বুলি উল্লেখ কৰি সঞ্জয় সিঙে লগতে গেহলটৰ বিপক্ষে চলা অভিযান ভাৰতীয় জনতা পাৰ্টিৰ ঘৃণনীয় ৰাজনীতি আৰু ষড়যন্ত্ৰৰ অংশ বুলি পুনৰ দোহাৰে। আপৰ জ্যেষ্ঠ নেতাগৰাকীৰ এনে অভিযোগৰ বিপৰীতে অৱশ্যে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে গেহলটে অতি সাহসী কাম কৰা বুলি প্ৰশংসা কৰিছে।

Latest News