জগন্নাথ পুৰী দৰ্শন কৰি উভতাৰ পথতে দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰীৰ বাছঃ চাৰিজনৰ মৃত্যু | Accident in Odisha Balasore devotees bus overturned 4 died Assam news - Assam Tv9

জগন্নাথ পুৰী দৰ্শন কৰি উভতাৰ পথতে দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰীৰ বাছঃ চাৰিজনৰ মৃত্যু

Published: 

28 Sep 2024 18:23 PM

উত্তৰ প্ৰদেশৰ বালাচোৰত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। উত্তৰ প্ৰদেশৰ ৩৭ জন লোক বাছযোগে ভুৱনেশ্বৰ, ক’নাৰ্ক আৰু জগন্নাথ পুৰী দৰ্শন কৰি উভতি অহাৰ পথতে বালাচোৰত দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত চাৰিজন লোকৰ থিতাতে মৃত্যু হয়।

জগন্নাথ পুৰী দৰ্শন কৰি উভতাৰ পথতে দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰীৰ বাছঃ চাৰিজনৰ মৃত্যু

দুৰ্ঘটনাগ্ৰস্ত বাছখন

Follow Us On

এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে উৰিষ্যাত। দুৰ্ঘটনাত পতিত হৈছে এখন তীৰ্থযাত্ৰীৰ বাছ। ভুৱনেশ্বৰ, ক’নাৰ্ক আৰু জগন্নাথ পুৰী দৰ্শন কৰি উভতি অহাৰ পথতে তীৰ্থযাত্ৰীৰ বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ৪ জন ভক্তৰ মৃত্যু হয়। দুৰ্ঘটনাত নিহত লোকসকল উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। বাছখনত মুঠ ৩৭ জন তীৰ্থযাত্ৰী আছিল আৰু যাত্ৰাৰ অন্ত পেলাই পুনৰ স্বগৃ্হলৈ উভতি অহাৰ পথতে  উৰিষ্যাৰ বালাচোৰত বাগৰি পৰে। দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ৩৩ জন ভক্ত আহত হয়।

আহত ভক্তকেইজনক দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে সমীপৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তথ্য অনুসৰি মৃত ভক্তসকলৰ ভিতৰত দুজন উত্তৰ প্ৰদেশৰ বলৰামপুৰৰ বাসিন্দ আৰু আন দুজন সিদ্ধাৰ্থনগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। উভতনি যাত্ৰাৰ সময়ত তীৰ্থযাত্ৰীৰ এই বাছখন উৰিষ্যাৰ বালাচোৰত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি প্ৰায় ২০ ফুট দূৰত বাগৰি পৰে।

দুৰ্ঘটনাগ্ৰস্ত বাছখনত থকা আটাইকেইজন লোক উত্তৰ প্ৰদেশৰ বাসিন্দা আছিল। দুৰ্ঘটনাৰ পিছতে স্থানীয় কিছু লোক দুৰ্ঘটনাস্থলীৰ কাষ চাপি আহে আৰু উদ্ধাৰ অভিযানত নামি পৰে। তেওঁলোকে লগতে স্থানীয় আৰক্ষীকো ঘটনাৰ বিষয়ে অৱগত কৰে। খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰি তোলে।

এই ভয়াৱহ দুৰ্ঘটনাত চাৰিজন লোকৰ থিতাতে মৃত্যু হয়। মৃত ভক্তসকলক সিদ্ধাৰ্থনগৰৰ ইটাৱাৰ সন্তৰাম, ৰামপ্ৰসাদ আৰু বলৰামপুৰ জিলাৰ ৰাজেশ কুমাৰ মিশ্ৰ, কমলা দেৱী বুলি চিনাক্ত কৰা হয়। আনহাতে বাছখনত থকা আন ৩৩ জন লোক আহত হয়। আহতসকলক লগে লগে আৰক্ষীয়ে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আহত কেইজনমান লোকৰ আঘাত কিছু গুৰুতৰ বুলি জানিব পৰা গৈছে। এই ভক্তসকলৰ আঘাতৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ১০ জনক বালাচোৰৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে আন ২৩ জন লোকক জলেশ্বৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে স্থানীয় আৰক্ষীয়ে নিহত লোকসকলৰ পৰিচয় নিশ্চিত কৰাৰ পিছতে তেওঁলোকৰ পৰিয়ালক অৱগত কৰে।

এনে শোকাৱহ খবৰ লাভ কৰাৰ পিছতে নিহত লোকসকলৰ পৰিয়ালত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। তীৰ্থযাত্ৰাৰ মানসেৰে যোৱা লোকসকলৰ এনে অনাকাংক্ষিত মৃত্যুত শোক প্ৰকাশ কৰিছে স্থানীয় লোকসকলেও। অৱশ্যে দুৰ্ঘটনাত আহত চিকিৎসাধীন লোকসকল সম্প্ৰতি সংকটমুক্ত বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version