ৰে’লৰ এই বাৰ্থত ইচ্ছা অনুসৰি শুব নোৱাৰে যাত্ৰীসকলে! ভাৰতীয় ৰে’লৱেৰ এই নিয়মৰ কথা জানেনে?

ৰে'লৰ সকলো ডবাতে থাৰ্ড এচি ইকনমি, স্লিপাৰ, থাৰ্ড এচিত যাত্ৰীসকলৰ বাবে মিডল বাৰ্থ থাকে । কিন্তু মিডল বাৰ্থৰ আসন পোৱা যাত্ৰীগৰাকীয়ে ভাৰতীয় ৰে’লৱেৰ কিছুমান গুৰুত্বপূৰ্ণ নিয়ম মানি চলিব লাগে । তেওঁ ইচ্ছামতে শুব নোৱাৰে । ৰে'লৱেই তেওঁলোকৰ শোৱাৰ বাবে সময় ঠিক কৰি দিয়ে ।

ৰেলৰ এই বাৰ্থত ইচ্ছা অনুসৰি শুব নোৱাৰে যাত্ৰীসকলে! ভাৰতীয় ৰেলৱেৰ এই নিয়মৰ কথা জানেনে?

ৰে'ল

Published: 

25 Feb 2025 16:34 PM

দীৰ্ঘ দূৰত্বৰ ৰে’লত সাধাৰণতে ৫ৰ পৰা ৬ ধৰণৰ ডবা থাকে । জেনেৰেল, স্লিপাৰ, থাৰ্ড এচি, থাৰ্ড এচি ইকনমি, ছেকেণ্ড এচি আৰু ৰ্ফাষ্ট এচি । প্ৰতিটো প্ৰকাৰৰ ডবাতে সুকীয়া ব্যৱস্থা থাকে । ইয়াৰ উপৰিও কিছুমান বাৰ্থৰ বাবেও বেলেগ বেলেগ নিয়ম আছে। কাৰণ ৰে’লত বহু যাত্ৰীয়ে একেলগে যাত্ৰা কৰে ।

সকলো ডবাতে থাৰ্ড এচি ইকনমি, স্লিপাৰ, থাৰ্ড এচিত যাত্ৰীসকলৰ বাবে মিডল বাৰ্থ থাকে । কিন্তু মিডল বাৰ্থৰ আসন পোৱা যাত্ৰীগৰাকীয়ে ভাৰতীয় ৰে’লৱেৰ কিছুমান গুৰুত্বপূৰ্ণ নিয়ম মানি চলিব লাগে । তেওঁ ইচ্ছামতে শুব নোৱাৰে । ৰে’লৱেই তেওঁলোকৰ শোৱাৰ বাবে সময় ঠিক কৰি দিয়ে ।

মিডল বাৰ্থত থকা যাত্ৰীসকলে ভাৰতীয় ৰে’লৱেৰ নিয়মৰ বিষয়ে সচেতন হোৱা উচিত । বহু সময়ত স্লিপাৰ আৰু থাৰ্ড এচিৰ মিডল বাৰ্থত যাত্ৰীসকলে অস্বস্তি অনুভৱ কৰে । ৰে’লৱেৰ নিয়ম অনুসৰি মিডল বাৰ্থত যাত্ৰীসকলে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈহে শুব পাৰিব । আন কোনো সময়ত সেই বাৰ্থটো খুলিব নোৱাৰিব । তেতিয়া তলৰ বাৰ্থত থকা সহযাত্ৰীজনে বাধা দিব পাৰে । যদি  সহযাত্ৰীজনে আপত্তি কৰাৰ পিছতো আপুনি মিডল বাৰ্থ খুলি বহে, তেন্তে আপোনাক জৰিমনা বিহা হ’ব পাৰে ।

পুৱা ৬ বজাৰ পিছত মিডল বাৰ্থ বন্ধ কৰিব লাগে । কিবা সমস্যা হ’লে তলৰ বাৰ্থত বহি থকা যাত্ৰীসকলৰ পৰা অনুমতি ল’ব লাগে আৰু সন্মতি থাকিলেহে বাৰ্থটো খুলিব পাৰিব । অৱশ্যে এই ক্ষেত্ৰত বিশেষভাৱে সক্ষম, গৰ্ভৱতী বা বৃদ্ধসকলে যদি অধিক সময় শুব বিচাৰে, তেন্তে ৰে’লৱে তেওঁলোকক সহযোগ কৰিব । লগতে নিয়ম অনুসৰি নিশা ১০ বজাৰ পিছত নাইট লাইটৰ বাহিৰে আন সকলো লাইট বন্ধ কৰিব লাগিব । নিশা ১০ বজাৰ পিছত জোৰেৰে কথা পাতিব নোৱাৰিব । ইয়াৰ উপৰিও ৰে’লৰ অনলাইন খাদ্য সেৱাৰ ক্ষেত্ৰত নিশা ১০ বজাৰ পিছত খাদ্য পৰিৱেশনৰ অনুমতি দিয়া নহয় ।

ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক