শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তই বাহিৰত লগ কৰ…কেনেকৈ জিন্দা ঘৰলৈ যা চাওঁ মইঃ মহিলা ন্যায়াধীশক ভাবুকি অভিযুক্ত আৰু অধিবক্তাৰ…

আদালতে নিৰ্দেশ দি কয় যে, সদায় ন্যায়ৰ পক্ষত কাম কৰা হ'ব। এনে ভয় ভাবুকিৰ বাবে দিল্লীৰ ৰাষ্ট্ৰীয় আয়োগত অভিযুক্তৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"

তই বাহিৰত লগ কৰ…কেনেকৈ জিন্দা ঘৰলৈ যা চাওঁ মইঃ  মহিলা ন্যায়াধীশক ভাবুকি অভিযুক্ত আৰু অধিবক্তাৰ…
ন্যায়ালয়Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 21 Apr 2025 13:58 PM

আদালতত ন্যায়াধীশ এগৰাকীয়ে দোষীক শাস্তি দিয়া সাধাৰণ কথা। কিন্তু কেতিয়াবা শাস্তি প্ৰদান কৰাৰ বাবে ন্যায়াধীশক ভাবুকি দিয়াৰ কথা শুনিছেনে?  শেহতীয়াকৈ সংঘটিত এনে এক ঘটনাই চকু কঁপালত তুলিছে বিভিন্নজনৰ। জানিব পৰা মতে,চেক বাউন্স গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত মুকলি আদালতত দোষী আৰু তেওঁৰ অধিবক্তাই মহিলা ন্যায়াধীশগৰাকীক ভাবুকি প্ৰদান কৰে।

ইমানেই নহয়, দোষী সাব্যস্ত হোৱা লোকজনৰ পক্ষত ৰায় নিদিয়াৰ বাবে ন্যায়াধীশগৰাকীৰ ওপৰত বস্তু দলিওৱাৰ চেষ্টাও কৰে। ইয়াৰ পাছত অধিবক্তাক অনুকূল বিচাৰ নিশ্চিত কৰাৰ বাবে যি কৰিব লাগে কৰিবলৈ নিৰ্দেশ দিয়ে।

২ এপ্ৰিলত আদালতৰ আদেশত উল্লেখ কৰা অনুসৰি অভিযুক্তই ন্যায়াধীশক কয় যে, “তু হ্যেয় ক্যা চিজ…………কি তু বাহৰ মিল দেখতে হায় কৈছে জিন্দা ঘৰ জাতি হ্যেয়  (তই কি বুলি ভাব নিজক…বাহিৰত লগ পাব দে আৰু পাছত চা জীৱন্তে ঘৰ যাব পাৰ নে নাই।)

জানিব পৰা মতে, ন্যায়িক দণ্ডাধীশ (এন আই আইন) শিৱাংগী মাংলাই অভিযুক্তক আলোচনাযোগ্য যন্ত্ৰ আইনৰ ১৩৮ ধাৰা (চেকৰ অসন্মান)ৰ অধীনত দোষী সাব্যস্ত কৰিছিল। লগতে পৰৱৰ্তী শুনানিৰ সময়ত ৪৩৭এ চি আৰ পি চি ধাৰাত জামিন বণ্ড প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

কিন্তু দোষী সাব্যস্ত হোৱাৰ পাছত অভিযুক্ত আৰু তেওঁৰ অধিবক্তাই মহিলা ন্যায়াধীশগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলায়। ন্যায়াধীশ মংগলাই দাখিল কৰা অভিযোগত উল্লেখ কৰিছে যে, দুয়ো তেওঁলোকক পদত্যাগ কৰিবলৈও হেঁচা প্ৰয়োগ কৰিছিল। ইমানেই নহয়, অভিযুক্তৰ দোষমুক্ত ঘোষণা কৰিবলৈ দাবী জনায়।

ন্যায়াধীশগৰাকীয়ে কয় যে,ভাবুকি আৰু হাৰাশাস্তিৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আদালতে নিৰ্দেশ দি কয় যে, সদায় ন্যায়ৰ পক্ষত কাম কৰা হ’ব। এনে ভয় ভাবুকিৰ বাবে দিল্লীৰ ৰাষ্ট্ৰীয় আয়োগত অভিযুক্তৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”ন্যায়াধীশগৰাকীয়ে দোষীগৰাকীৰ অধিবক্তা অধিবক্তা অতুল কুমাৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি তেওঁক অসৎ আচৰণ কৰাৰ  ব্যাখ্যা বিচাৰিছে।

 

 

(স্পষ্টীকৰণঃ এই বাতৰিৰ সম্পূৰ্ণ তথ্য BAR and BENCH ৰ পৰা সংগ্ৰহ কৰা হৈছে।)