5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ইনষ্টাগ্ৰামত চিনাকী! ১৬ বছৰীয়া কিশোৰৰ সৈতে পলাই গ’ল ১০ বছৰীয়া শিশু…

ভাল দিশৰ লগতে সামাজিক মাধ্যমৰ বেয়া দিশো আছে। দিনক দিনে শিশু বা যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে সামাজিক মাধ্যমৰ জনপ্ৰিয়তা। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা।

ইনষ্টাগ্ৰামত চিনাকী! ১৬ বছৰীয়া কিশোৰৰ সৈতে পলাই গ’ল ১০ বছৰীয়া শিশু…
মোবাইলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 05 Jan 2025 19:09 PM

এজন ১৬ বছৰীয়া কিশোৰৰ সৈতে পলাই গ’ল এটি ১০ বছৰীয়া শিশু। সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকী হৈ প্ৰেমৰ সম্পৰ্কত বান্ধ খাই দুয়োৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ঘটনাৰ পাছতেই শিশুটিৰ পৰিয়ালৰলোকে এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । পৰৱৰ্তী সময়ত ওচৰৰ গাঁও এখনৰ পৰা দুয়োকে আৰক্ষীয়ে আটক কৰে। শনিবাৰে এই তথ্য প্ৰকাশ কৰিছে হিন্দুস্তান টাইমছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে, কিশোৰ আৰু ১০ বছৰীয়া শিশুটিয়ে প্ৰথমে ইনষ্টাগ্ৰামক লগ পাইছিল আৰু দুয়োৰে মাজত পৰৱৰ্তী সময়ত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। জানিব পৰা মতে, ৩১ ডিচেম্বৰত পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকী গুজৰাটৰ ধনচুৰা গাঁৱৰ পৰা নিৰুদ্দেশ হৈছিল। পৰিয়ালৰলোকে বহু বিচাৰ-খোচৰ কৰিও শিশুটিক বিচাৰি নোপোৱাত অপহৰণৰ সন্দেহ কৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু গম পাই যে দুয়ো ওচৰৰে গাঁও এখনত আশ্ৰয় লৈ আছে। এই কথা গম পাইয়েই আৰক্ষীয়ে দুয়োকে লৈ আহে। জানিব পৰা মতে, ইনষ্টাগ্ৰামৰ জৰিয়তে দুয়োৰে মাজত চিনাকী হৈছিল আৰু প্ৰেমৰ সম্পৰ্কত বান্ধ খাই দুয়ো পলাই যোৱাৰ পৰিকল্পনা কৰিছিল। পৰিকল্পনা অনুসৰি দুয়ো পলাই গৈছিল আৰু এই সমগ্ৰ কাণ্ডত কিশোৰজনৰ বন্ধুয়ে তেওঁলোকক সহায় কৰিছিল।

শিশুটিৰ পিতৃ-মাতৃয়ে ছ’চিয়েল মিডিয়াৰ বিষয়ে একো নাজানে। তাৰে সুযোগ লৈ ১০ বছৰীয়া শিশুটিয়ে মাতৃৰ ফোন ব্যৱহাৰ কৰি ইনষ্টাগ্ৰাম একাউন্ট খুলিছিল আৰু কিশোৰজনৰ সৈতে চিনাকী হৈছিল। শিশুটিক উদ্ধাৰৰ পাছতে আৰক্ষীয়ে তেওঁক পিতৃ- মাতৃৰ হাতত গটাই দিয়ে। এই সমগ্ৰ কাণ্ডৰ তদন্ত কৰি আৰক্ষীয়ে ১৬ বছৰীয়া কিশোৰজনক জুবিনিয়েল হোমলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, আজিৰ প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে সামাজিক মাধ্যমৰ জনপ্ৰিয়তা। একাংশ সৰু ল’ৰা ছোৱালী সামাজিক মাধ্যমৰ প্ৰতি আসক্ত হোৱাও দেখা যায়। সামাজিক মাধ্যমৰ প্ৰভাৱ আজিৰ যুৱ প্ৰজন্মৰ ওপৰত বহুত পৰিছে। যাৰ বাবে বিভিন্ন সময়ত অপৰাধমূলক ঘটনা সংঘটিত হোৱাও দেখা যায়। এটি শিশুই ফোনত কি চাইছে বা ফোনটো কি হিচাপে ব্যৱহাৰ কৰিছে তাক লক্ষ্য দিয়া পিতৃ-মাতৃৰ দায়িত্ব। অন্য়থা বিপদ অহাতো স্বাভাৱিক।  ইয়াৰোপৰি বিদ্যালয়সমূহতো ছাত্ৰ- ছাত্ৰীৰ মাজত সামাজিক মাধ্যমৰ প্ৰতি সজাগ কৰি তুলিব লাগে। নহ’লে অনাগত দিনত সামাজিক মাধ্যমৰ কবলত পৰি যুৱ প্ৰজন্মৰ একাংশৰ লগতে শিশুসকলো ধ্বংসৰ গৰাহলৈ গতি কৰিব।

Latest News