Mahakumbh 2025: বসন্ত পঞ্চমীত ভিৰ নিয়ন্ত্ৰণৰ বাবে সষ্টম উত্তৰ প্ৰদেশ আৰক্ষী; ভি আই পিৰ প্ৰৱেশত নিষেধাজ্ঞা ৩ ফেব্ৰুৱাৰীত
বসন্ত পঞ্চমীৰ দিনা মহাকুম্ভত স্নান কৰিব নোৱাৰিব কোনো ভি আই পিয়ে । প্ৰশাসনে ৩ ফেব্ৰুৱাৰীত ভি আই পিৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে ।
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত মৌনি অমাৱস্যাত সংঘটিত শোকাৱহ ঘটনাৰ পাচতেই সষ্টম হৈ পৰিছে চৰকাৰ তথা প্ৰশাসন । পুনৰ যাতে এনে শোকাৱহ ঘটনা ঘটাৰ কোনো অৱকাশ নাথাকে তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । কিয়নো এতিয়াও বসন্ত পঞ্চমী আৰু শিৱৰাত্ৰিৰ অমৃত স্নানৰ লগ্ন বাকী আছে ।
উত্তৰ প্ৰদেশৰ ডিজিপি প্ৰশান্ত কুমাৰ আৰু ৰাজ্যখনৰ মুখ্য সচিব মনোজ কুমাৰ সিঙে বৃহস্পতিবাৰে প্ৰয়াগৰাজ ভ্ৰমণ কৰি পদপিষ্টৰ ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰে । তেওঁলোকে বসন্ত পঞ্চমী উপলক্ষে অহা ৩ ফেব্ৰুৱাৰীৰ অমৃত স্নানৰ বাবে ব্যৱস্থা কৰা নিৰাপত্তা ব্যৱস্থাৰো বুজ ল’ব ।
আৰক্ষী উপ-মহাপৰিদৰ্শক বৈভৱ কৃষ্ণই ঘোষণা কৰে যে কৰ্তৃপক্ষই আগন্তুক বসন্ত পঞ্চমীৰ অমৃত স্নানৰ বাবে ব্যৱস্থা সাজু কৰিছে । সকলো দলং মুকলি কৰি দিয়া হ’ব ভিৰ নিয়ন্ত্ৰণ কৰা বাবে ।
“আমি বসন্ত পঞ্চমীৰ অমৃত স্নান তথা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ । এই কথা মনত ৰাখি ডিউটি বৃদ্ধি কৰা হৈছে । ভক্তৰ ভিৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সকলোবোৰ দলং আমি মুকলি কৰি দিছোঁ । বসন্ত পঞ্চমীৰ পূৰ্বে আমি পৰিকল্পনা অনুসৰি কাম কৰিম । ২৯ জানুৱাৰীত কোনো ভি আই পিকে আহিবলৈ অনুমতি দিয়া নহ’ব । একেদৰে ৩ ফেব্ৰুৱাৰীত বসন্ত পঞ্চমীৰ দিনাও কোনো ভি আই পিক প্ৰৱেশৰ অনুমতি দিয়া নহয় । আমাৰ আৰক্ষীৰ লোকসকলে ভিৰ নিয়ন্ত্ৰণৰ বাবে সাজু হৈ আছে ।” তেওঁ কয় ।
উল্লেখ্য যে মৌনি অমাৱস্যাৰ দিনা সংঘটিত পদপিষ্টৰ ঘটনাৰ পাছত অধিক সতৰ্ক হৈ পৰিছে আৰক্ষী প্ৰশাসন । বুধবাৰে সংঘটিত এই শোকাৱহ ঘটনাত কমেও ৩০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৬০ গৰাকী আহত হোৱা বুলি আৰক্ষীয়ে জনাইছে । ২৫ টা মৃতদেহ ইতিমধ্যে চিনাক্ত কৰা হৈছে ।
উত্তৰ প্ৰদেশ চৰকাৰে মৃতকৰ পৰিয়ালৰ বাবে ২৫ লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ন্যায়িক তদন্তৰ নিৰ্দেশ দি কয় যে এখন ন্যায়িক সমিতিয়ে সময়সীমাৰ ভিতৰত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিব ।
তিনিজনীয়া ন্যায়িক আয়োগৰ নেতৃত্বত থাকিব ন্যায়াধীশ হৰ্ষ কুমাৰ, প্ৰাক্তন ডি জি ভি কে গুপ্তা আৰু অৱসৰপ্ৰাপ্ত আই এ এছ ডি কে সিং। মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু ডি জি পিৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা সমগ্ৰ ঘটনাটো নিৰীক্ষণ কৰা হয় । মহাকুম্ভৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰী যোগীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে দিল্লী ভ্ৰমণ পিছুৱাই দিছে ।