5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

তিৰুপতিৰ পাছত এইবাৰ সিদ্ধিবিনায়ক মন্দিৰৰ প্ৰসাদত ওলাল নিগনি…

Siddhivinayak mandir: তিৰুপতিৰ মন্দিৰৰ প্ৰসাদত গৰু, গাহৰিৰ চৰ্বী আৰু মাছৰ তেল থকাৰ দাবী কৰা হৈছিল। এতিয়া মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰৰ প্ৰসাদক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। মন্দিৰৰ প্ৰসাদত পোৱা গৈছে নিগনি পোৱালি।

তিৰুপতিৰ পাছত এইবাৰ সিদ্ধিবিনায়ক মন্দিৰৰ প্ৰসাদত ওলাল নিগনি…
সিদ্ধিবিনায়ক মন্দিৰৰ প্ৰসাদ
Follow Us
barasha-sarma
Barasha Sarma | Published: 24 Sep 2024 12:33 PM

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদক লৈ চলি থকা বিতৰ্কৰ মাজতেই আন এটা ঘটনা পোহৰলৈ আহিছে। এইবাৰ মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰৰ প্ৰসাদক লৈ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। মন্দিৰৰ প্ৰসাদৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত মন্দিৰৰ প্ৰসাদ হিচাপে দিয়া লাড়ুত নিগনিৰ পোৱালি দেখা গৈছে। ইয়াৰ পাছতে সিদ্ধিবিনায়ক মন্দিৰৰ প্ৰসাদৰ পৰিস্কাৰ- পৰিচ্চন্নতা আৰু সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই ঘটনাৰ পাছত মন্দিৰ কৰ্তৃপক্ষই কৈছে যে এই ঘটনাৰ তদন্ত কৰা হ’ব। কিন্তু ভিডিঅ’টো চাই এনে লাগিছে যে এই ভিডিঅ’ মন্দিৰৰ ভিতৰৰ নহয়।

মন্দিৰ ট্ৰাষ্টে কৈছে যে এই ভিডিঅ’ কোনো অন্য ঠাইৰ হ’ব পাৰে আৰু ট্ৰাষ্টক বদনাম কৰাৰ বাবে এনে কাম কৰিছে। এই বিষয়ত আজি ট্ৰাষ্টে নিজৰ স্থিতি স্পষ্ট কৰিব। টেম্পল ট্ৰাষ্টৰ সভানেত্ৰী সদা সৰ্বাংকৰে কয় যে সংবাদ মাধ্যমত দেখুওৱা ঠাইখন মন্দিৰ কমপ্লেক্সৰ অংশ নহয়। মন্দিৰত লাডু বনাবলৈ ২৫ জন কৰ্মচাৰী আছে, যিয়ে ২৪ ঘণ্টাই শ্বিফটত কাম কৰে।

তেওঁ কয় যে, অস্বাস্থ্যকৰ স্থিতিৰ কোনো সম্ভাৱণা নাই। যেতিয়া তিৰুপতি মন্দিৰৰ বিষয়টো উত্থাপন হৈছিল তেতিয়া এই মন্দিৰটোৰ পৰিসৰ আৰু অন্য দিশো নিৰীক্ষণ কৰা হৈছিল। তেতিয়া পোৱা গৈছিল যে মন্দিৰৰ বিভিন্ন কামত নিয়োজিত হৈ থকা বিভিন্নলোকে অতি নিয়াৰিকৈ আৰু স্বচ্চতাৰ ওপৰত গুৰুত্ব দি কাম  কৰি আছে। গতিকে এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ কোনো কাৰণ নাই।  প্ৰতিদিনেই সিদ্ধিবিনায়ক মন্দিৰৰ প্ৰসাদ প্ৰস্তুতৰ ক্ষেত্ৰত অধিক সজাগতা পালন কৰা হয়।

তেওঁ লগতে কয় যে, এয়া আমাৰ প্ৰতিষ্ঠাৰ ওপৰত আঘাত হনাৰ বাবে কৰা গৈছে। বিশেষকৈ মন্দিৰ সৌন্দৰ্য্যবৰ্ধন প্ৰকল্পৰ ঘোষণাৰ পিছত একাংশ দুষ্ট চক্ৰই এনে কাম কৰিছে বুলি তেওঁ কয়। লগতে কয়,  মন্দিৰৰ প্ৰসাদত প্ৰিমিয়াম ঘিউকে ধৰি উচ্চমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হয়। পানীৰ পৰা আৰম্ভ কৰি কেঁচামাললৈকে সকলো সামগ্ৰীৰ ব্যৱহাৰৰ পূৰ্বে পৰীক্ষাগাৰত পৰীক্ষা কৰা হয়। এই সকলো দিশ তিনিজন বিষয়াই নিৰীক্ষণ কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। অন্ধ্ৰপ্ৰদেশ চৰকাৰে এক ৰিপোৰ্ট দেখুৱাই দাবী কৰিছিল যে বিগত চৰকাৰৰ দিনত তিৰুপতিৰ মন্দিৰৰ প্ৰসাদত গৰু, গাহৰিৰ চৰ্বী আৰু মাছৰ তেল পোৱা গৈছিল। ৰাম মন্দিৰ উন্মোচনৰ সময়তো এই প্ৰসাদ ব্যৱহাৰ কৰা হৈছিল। এই কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰৰ প্ৰসাদক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

Latest News