হিংসাৰ জুইত জ্বলিছে বংগ! এতিয়ালৈ তিনিজন লোকৰ মৃত্যু, আহত হৈছে শিশু

ৱাকফ আইনৰ প্ৰতিবাদত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে বংগত। মুৰ্ছিদাবাদত পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰিছে। শুকুৰবাৰে সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছে। ৱাকফ আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান সংগঠনসমূহে।

হিংসাৰ জুইত জ্বলিছে বংগ! এতিয়ালৈ তিনিজন লোকৰ মৃত্যু, আহত হৈছে শিশু

হিংসাৰ জুইত জ্বলিছে বংগ!

Published: 

13 Apr 2025 14:22 PM

পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ ধুলিয়ানত পুনৰবাৰ গুলীচালনা সংঘটিত হৈছে। এই গুলীচালনাৰ ঘটনাত আহত হৈছে দুটা শিশু। ৱাকফ আইন বিৰোধী প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰিছে বিএছএফক। শনিবাৰে পশ্চিম বংগৰ ডিজিপি ৰাজীৱ কুমাৰে জনোৱা মতে, নিয়ন্ত্ৰণৰ অধীনত আছে মুৰ্ছিদাবাদ জিলাৰ সুটি, শ্বামছেৰগঞ্জকে, জালাংগী, লালগোলা আৰু ধুলীয়ান আদি প্ৰভাৱিত অঞ্চলৰ পৰিস্থিতি।

কিন্তু আজি পুৱা তাত আকৌ গুলীচালনা সংঘটিত হয়। ৱাকফ বিৰোধী হিংসাত্মক প্ৰতিবাদৰ জুই জ্বলি উঠিছে বংগ। মুৰ্ছিদাবাদত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে। এই হিংসাত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শতাধিক লোক আহত হৈছে। এই হিংসাত্মক পৰিস্থিতিৰ বাবে এই পৰ্যন্ত ১৩৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কালি অৰ্থাৎ শনিবাৰেও গুলীচালনা সংঘটিত হৈছিল। শনিবাৰে মুৰ্ছিদাবাদত হিংসাত্মক পৰিস্থিতিৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়।

হিংসাত্মক পৰিস্থিতিৰ পিছত ধুলীয়ান, শ্বামছেৰগঞ্জকে ধৰি ডাঙৰ ডাঙৰ অঞ্চলত অশান্তিৰ পৰিৱেশে বিৰাজ কৰিছে । ৱাকফ আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান সংগঠনসমূহে। শুকুৰবাৰে মুৰ্ছিদাবাদত সংঘটিত হয় হিংসাত্মক ঘটনা। তেতিয়াৰ পৰাই পৰিস্থিতি অবিৰতভাৱে উত্তেজিত হৈ আছে। এই প্ৰতিবাদৰ মাজতে শনিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এক বিবৃতি প্ৰকাশ পাইছিল। তেওঁ কৈছিল যে, বংগত কাৰ্যকৰী নহ’ব ৱাকফ আইন।

শান্ত হৈ থাকক আৰু উত্তেজিত নহ’ব- মমতাৰ আবেদন

মুখ্যমন্ত্ৰী মমতাই জনতাক শান্ত হৈ থাকিবলৈ আৰু উত্তেজিত নহ’বলৈ আহ্বান জনায়। তেওঁ কয় যে, “আমি কোনো হিংসাত্মক কাৰ্যকলাপক সমৰ্থন নকৰো। একাংশ দলে ৰাজনৈতিক লাভালাভৰ বাবে ধৰ্মৰ অপব্যৱহাৰৰ চেষ্টা চলাইছে। তেওঁলোকৰ দ্বাৰা বিপথে পৰিচালিত নহ’ব। প্ৰতিজন মানুহৰ জীৱন বহুমূলীয়া; ৰাজনীতিৰ বাবে সংঘৰ্ষক উচটনি নিদিব। সংঘৰ্ষক উচটনি দিয়া সকলেই সমাজৰ ক্ষতি কৰিছে।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক