লাডাখত নতুনকৈ গঠন ৫খন জিলাঃ ঘোষণা গৃ্হমন্ত্ৰী অমিত শ্বাহৰ, প্ৰধানমন্ত্ৰী মোদীয়ে জনালে অভিনন্দন

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত ৫খন নতুন জিলা গঠনৰ সিদ্ধান্ত লৈছে। দেশৰ গৃ্হমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি নতুন জিলা গঠনে লাডাখবাসীক উপকৃত কৰিব বুলি উল্লেখ কৰে। আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে লাডাখত পাঁচখন নতুন জিলা সৃষ্টিক উন্নত শাসন আৰু সমৃদ্ধিৰ দিশত এক পদক্ষেপ হিচাপে অভিহিত কৰে।

লাডাখত নতুনকৈ গঠন ৫খন জিলাঃ ঘোষণা গৃ্হমন্ত্ৰী অমিত শ্বাহৰ, প্ৰধানমন্ত্ৰী মোদীয়ে জনালে অভিনন্দন

কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহ

Published: 

26 Aug 2024 13:15 PM

কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত ৫খন নতুন জিলা গঠনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছে। মোদী চৰকাৰ লাডাখৰ উন্নয়নৰ বাবে দায়বদ্ধ আৰু নতুন জিলা গঠনে লাডাখবাসীক উপকৃত কৰিব বুলি গৃ্হমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে। এক টুইট যোগে অমিত শ্বাহে কয় যে, গৃহ মন্ত্ৰালয়ে লাডাখত পাঁচখন নতুন জিলা গঠনৰ সিদ্ধান্ত লৈছে। লাডাখক উন্নত আৰু সমৃদ্ধিশালী কৰি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ যি দৃষ্টিভংগী, তাৰ অধীনতে এই সিদ্ধান্ত লোৱা হৈছে বুলি কেন্দ্ৰীয় গৃ্হমন্ত্ৰীগৰাকীয়ে লগতে কয়।

নতুনকৈ গঠন কৰা এই জিলা কেইখন হৈছে জানস্কৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাং। উল্লেখ্য যে ২০১৯ চনত লাডাখক জম্মু-কাশ্মীৰৰ পৰা বিচ্ছিন্ন কৰি নতুন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলা হয়। সেই সময়ত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ মাত্ৰ দুখন জিলা আছিল – লেহ আৰু কাৰ্গিল। একে সময়তে এতিয়া লাডাখত আৰু পাঁচখন নতুন জিলা গঠন কৰা হৈছে।

 

ইফালে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে লাডাখত পাঁচখন নতুন জিলা সৃষ্টি হৈছে উন্নত শাসন আৰু সমৃদ্ধিৰ দিশত এক পদক্ষেপ। এতিয়া জানস্কৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাঙৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’ব আৰু ইয়াৰ ফলত সেৱা আৰু সুযোগসমূহ জনসাধাৰণৰ কাষ চাপিব বুলি তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে নতুনকৈ ঘোষিত জিলাকেইখনৰ জনসাধাৰণকো অভিনন্দন জনায়। স্মৰ্তব্য যে ১৯৭৯ চনত লাডাখক কাৰ্গিল আৰু লেহ জিলাত বিভক্ত কৰা হৈছিল। লাডাখৰ জনসাধাৰণে ১৯৩০ চনৰ পৰাই লাডাখক কাশ্মীৰ উপত্যকাৰ পৰা পৃথক ভূখণ্ড হিচাপে গঠন কৰিবলৈ দাবী জনাই আহিছিল।

১৯৬৪ চনত কাশ্মীৰৰ ‘আধিপত্য’ৰ বিৰুদ্ধে লাডাখত প্ৰথম সংগঠিত আন্দোলন আৰম্ভ কৰা হয়। ১৯৮০ চনৰ শেষৰ ফালে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদাৰ দাবীত হেঁচা প্ৰয়োগ কৰিবলৈ তীব্ৰ ৰূপত আন্দোলন আৰম্ভ কৰা হয়। অৱশেষত শেহতীয়াকৈ ২০১৯ চনৰ আগষ্ট মাহত ভাৰতৰ সংসদে পুনৰ্গঠন আইন গৃহীত কৰে।

এই আইনত ২০১৯ চনৰ ৩১ অক্টোবৰত জম্মু-কাশ্মীৰৰ বাকী অংশৰ পৰা লাডাখক পৃথককৈ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে পুনৰ গঠন কৰাৰ বিধান সন্নিবিষ্ট কৰা হয়। এই আইনৰ চৰ্ত অনুসৰি কেন্দ্ৰীয় শাসিত অঞ্চলটো ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ হৈ কাম কৰা এজন লেফটেনেণ্ট গৱৰ্ণৰৰ দ্বাৰা পৰিচালিত হয়।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে