ভুৱা গোচৰ, প্ৰতি মাহে ২ লাখ দাবী! মৃত্যুৰ পূৰ্বে পত্নীৰ বিষয়ে কি কৈ গ’ল অতুলে…

জানিব পৰা মতে অতুলৰ পত্নীৰ পিতৃ দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকাৰ পাছত ২০১৯ চনত মৃত্যুক সাৱতি লৈছিল। কিন্তু এই সাধাৰণ মৃত্যুৰ ঘটনাটোত অতুলক সাঙোৰ খোৱাই পত্নীয়ে তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছিল।

ভুৱা গোচৰ, প্ৰতি মাহে ২ লাখ দাবী! মৃত্যুৰ পূৰ্বে পত্নীৰ বিষয়ে কি কৈ গল অতুলে...

অতুল

Published: 

11 Dec 2024 09:55 AM

বৰ্তমান বিশেষ চৰ্চাত আছে এ আই ইঞ্জিনিয়াৰ অতুল সুভাষৰ মৃত্যু কাণ্ড। সোমবাৰে বাংগালুৰুত উদ্ধাৰ হৈছিল অতুলৰ মৃতদেহ।  দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বহু আত্মহত্যাৰ ঘটনা সংঘটিত হয়। কিন্তু এই সময়ত বিশেষ চৰ্চাত আছে অতুলৰ মৃত্যু কাণ্ড। কিয়নো মৃত্যুৰ পূৰ্বে অতুলে লিখি গৈছিল ২৪ পৃষ্ঠাৰ এখন চুইচাইড নোট আৰু এটা ভিডিঅ’। মৃত্যুৰ পূৰ্বে তৈয়াৰ কৰা ১ ঘন্টাৰ ভিডিঅ’টোত অতুলে মৃত্যুৰ বাবে পত্নীক জগৰীয়া কৰিছিল আৰু কৈছিল যে বিগত কেইবাবছৰ ধৰি পত্নীয়ে তেওঁক অত্যাচাৰ কৰি আহিছে।

আত্মহত্যাৰ পূৰ্বে অতুলে প্ৰস্তুত কৰা ভিডিঅ’টো ন্যায়াধীশ, আৰক্ষী আৰু কোম্পানীৰ বচকো প্ৰেৰণ কৰে। ভিডিঅ’টোত তেওঁ কৈছে, ‘ন্যায় লাভ কৰিব এতিয়াও বাকী আছে’। অতুলৰ সকলো কথালৈ লক্ষ্য কৰিলে অনুমান কৰিব পাৰি যে তেওঁ বহু পৰিকল্পনা কৰি আত্মহত্যাৰ পথ বাছি লৈছে। কিয়নো মৃত্যুৰ পূৰ্বে তেওঁ সকলো কম্পিউটাৰ আৰু আইডি কোম্পানীক উভতাই দিছিল। লগতে ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰিছিল। কেৱল ইমানেই নহয়, তেওঁ মোবাইল, লেপটপ আদি সকলোৰে পৰা পাচৱাৰ্ড আঁতৰাই দিছিল।

চৰম পন্থা গ্ৰহণৰ পূৰ্বে অতুলে ই-মেইলৰ জৰিয়তে কেইবাজনকো চুইচাইড নোট প্ৰেৰণ কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে, অতুল সুভাষ উত্তৰ প্ৰদেশৰ জৌনপুৰৰ বাসিন্দা। চুইচাইড নোটত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁৰ মৃত্যুৰ কাৰণ পত্নী নিকিতা সিংঘানীয়া।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে অতুল সুভাষে বৈবাহিক সমস্যাত ভুগি আছিল। ১ ঘন্টাৰ ভিডিঅ’টোত তেওঁ এই বিষয়ে সবিশেষ জনাইছে। অতুলে ভিডিঅ’টোত কৈছে- “ভাৰতত বৰ্তমান পুৰুষৰ আইনী গণহত্যা চলি আছে।” অতুলৰ মৃত্যুৰ খবৰ সমগ্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেলহৈ পৰিছে। ইয়াক লৈ ছ’চিয়েল মিডিয়াত চলি আছে #MenToo ট্ৰেণ্ড । বিভিন্নজনে অতুলৰ পত্নীৰ গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে।

অতুলে ভিডিঅ’টোত কোৱা অনুসৰি, পত্নীয়ে তেওঁৰ বিৰুদ্ধে ৯ টাকৈ গোচৰ ৰুজু কৰিছিল। বৰ্তমান সময়ত ইয়াৰে ৬ টা গোচৰ নিম্ন আদালত আৰু ৩ টা গোচৰ উচ্চ ন্যায়ালয়ত চলি আছে। ২০২২ চনত পত্নীয়ে অতুলৰ ভাতৃ, পিতৃ- মাতৃৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছিল। লগতে অতুলৰ বিৰুদ্ধে হত্যা, যৌতুকৰ বাবে নিৰ্যাতন, অপ্ৰাকৃতিক যৌন সম্বন্ধ স্থাপন আদিৰ গোচৰ তৰিছিল। কিন্তু পৰৱৰ্তী সময়ত সকলো গোচৰ উঠাই লৈছিল।

ইমানেই নহয়, পত্নীয়ে নিজ পিতৃৰ হত্যাৰ গোচৰো অতুলৰ বিৰুদ্ধে ৰুজু কৰিছিল। জানিব পৰা মতে অতুলৰ পত্নীৰ পিতৃ দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকাৰ পাছত ২০১৯ চনত মৃত্যুক সাৱতি লৈছিল। কিন্তু এই সাধাৰণ মৃত্যুৰ ঘটনাটোত অতুলক সাঙোৰ খোৱাই পত্নীয়ে তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছিল। অতুলে দাবী কৰা অনুসৰি পত্নীয়ে অতুলৰ পৰা প্ৰতিমাহে ২ লাখকৈ টকা দাবী কৰিছিল।  পত্নীৰ বিৰুদ্ধে এনে বহু অভিযোগ উত্থাপন কৰি অতুলে চৰম পন্থা গ্ৰহণ কৰে।

আৰক্ষীয়ে বৰ্তমান এই ঘটনাৰ তদন্ত কৰি আছে । অতুলৰ পত্নী আৰু সম্পৰ্কীয়লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ৪ জনলোকৰ বিৰুদ্ধে ধাৰা ১০৮ আৰু ৩(৫)ৰ অধীনত গোচৰ ৰুজু কৰিছে। এই গোচৰত নাম আছে অতুলৰ পত্নী নিকিতা সিংঘানীয়া, নিকিতাৰ মাতৃ, ভাতৃ অনুৰাগ সিংঘানীয়া আৰু খুড়াক সুধীৰ সিংঘানীয়াৰ নাম। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

মহিলাৰ ৫-৬টা ৰোগ একেলগে হোৱাৰ আছে কাৰণ, জানক সবিশেষ...
কলম কোনে আৱিষ্কাৰ কৰিছিল জানেনে?
নহৰুৱে শৰীৰৰ কি কি ৰোগ প্ৰতিৰোধ কৰিব পাৰে?
কোনখন নোটত RBIৰ গৱৰ্ণৰৰ স্বাক্ষৰ নাথাকে আৰু কিয়?