বিশ্বৰ বৃহৎ সংখ্যক অভিযন্তা আমাৰ দেশত আছে, ভাৰত অবিহনে AI অসম্পূৰ্ণঃ মোদী
ভাৰত অবিহনে AI অসম্পূৰ্ণ। এক প'ডকাষ্টত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে, ভাৰতত প্ৰকৃত বুদ্ধিমত্তাৰ অভাৱ নাই। ভাৰতত বৃহৎ সংখ্যক অভিযন্তা আছে।

ভাৰত অবিহনে AI অসম্পূৰ্ণ- এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেওবাৰে আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ প’ডকাষ্টত অংশ গ্ৰহণ কৰি এই মন্তব্য আগবঢ়াই মোদীয়ে। প্ৰায় ৩ ঘন্টাযোৰা প’ডকাষ্টটোত মোদীয়ে শৈশৱৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক জীৱন, বিশ্ব, প্ৰযুক্তি আদি সকলোৰে ওপৰত মত পোষণ কৰে। এই সময়চোৱাত মোদীক প্ৰশ্ন কৰা হৈছিল যে ভাৰত এআই (AI)ৰ ক্ষেত্ৰত আমেৰিকাতকৈ পিছ পৰি আছে, গতিকে ইয়াৰ ক্ষেত্ৰত আগবাঢ়িবলৈ কি কৰিব লাগিব? ইয়াৰ উত্তৰত মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত হোৱা সন্মিলনৰ কথা উল্লেখ কৰে।
মোদীয়ে কয়. ফ্ৰান্সত অনুষ্ঠিত হোৱা এ আই সন্মিলনৰ মতে, ভাৰতত বিঅভিযন্তা আছে আৰু ই বিশ্বৰ প্ৰতিভাশালী অভিযন্তাৰ সবাতোকৈ ডাঙৰ অংশ। অৱশ্যে বৰ্তমান সময়ত ভাৰত আমেৰিকানতকৈ পিছ পৰি আছে। মোদীয়ে কয় যে ভাৰতত ইমান সংখ্যক এ আই ইঞ্জিনিয়াৰ আছে যে তেওঁলোকেৰে এখন ফুটবলৰ খেলপথাৰ ভৰি পৰিব। ভাৰতত প্ৰকৃত প্ৰতিভাৰ অভাৱ নাই। প্ৰকৃত বুদ্ধিমত্তা অবিহনে কৃত্ৰিম বুদ্ধিমত্তা অসম্পূৰ্ণ। প্ৰকৃত বুদ্ধিমত্তা ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত নিহিত হৈ আছে। এয়া ভাৰতৰ এক বৃহৎ শক্তি।
প’ডকাষ্টত এআই বিকাশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এআই হৈছে এক বিকাশ আৰু সহযোগিতা। ইয়াত নিজৰ অভিজ্ঞতা আৰু শিক্ষণেৰে ইজনে সিজনক সহায় কৰিব পাৰি। ভাৰতে এআই এপ্লিকেচন বিকশিত কৰি আছে। প্ৰতিটো অংশৰ বাবে GPU অভিগম্য কৰিবলৈ ভাৰতত এটা অনন্য বজাৰ স্থান ভিত্তিক মডেল আছে।
উল্লেখ্য যে, আজিৰ এই প’ডকাষ্টটোত মোদীয়ে আৰু বিভিন্ন দিশৰ ওপৰত মন্তব্য আগবঢ়ায়। এই সময়চোৱাত মোদীয়ে বিশ্ব শান্তিৰ পোষকতা কৰাৰ লগতে ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ কথাও উল্লেখ কৰে। ইয়াৰোপৰি মোদীৰ শৈশৱ, পৰিয়ালৰ, আৰ এছ এছৰ সৈতে সম্পৰ্ক, মহাত্মা গান্ধী, স্বামী বিবেকানন্দ আদি বিভিন্ন বিষয়ে এই প’ডকাষ্টত স্থান লাভ কৰে।
লেক্স ফ্ৰিডমেন কোন?
লেক্স ফ্ৰিডমেন এজন আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আৰু এম আই টি (মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি)ৰ এ আই গৱেষক। লেক্স ফ্ৰিডমেন প’ডকাষ্টৰ বাবে অতি জনপ্ৰিয়। বিশ্বৰ বহু বিশিষ্ট ব্যক্তিৰ তেওঁ প’ডকাষ্ট লৈছে। তাৰ ভিতৰত ইলন মাস্ক, মাৰ্ক জুকাৰবাৰ্গ, ন’ম চমস্কি, ছেম অল্টমেন আৰু ড’নাল্ড ট্ৰাম্প আদি অন্যতম।
অন্য খবৰ পঢ়কঃ এসময়ত এযোৰ জোতা আছিল মোৰ বাবে ডাঙৰ সম্পদ, তথাপিও দৰিদ্ৰতা নাছিল মোৰ বাবে বোজাঃ মোদী
অন্য খবৰ পঢ়কঃ মই লাহোৰ গৈছিলো, পাকিস্তানক আমন্ত্ৰণ জনাইছিলো, কিন্তু পৰিণাম আছিল নকৰাত্মকঃ মোদী