উজনি অসমত ‘মিঞা’ মুছলমানক ভাবুকি দিয়া সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী AIUDFৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যলৈ প্ৰেৰণ কৰা এক স্মাৰক পত্ৰত এ আই ইউ ডি এফে কয় যে, “এটা অচিনাকি সংগঠন আৰু মৌলবাদী গোটে মুছলমান সম্প্ৰদায়ৰ এটা শ্ৰেণীৰ বিৰুদ্ধে ৰাজহুৱাভাৱে ভাবুকি দিছে যে, তেওঁলোকে শীঘ্ৰে উজনি অসম এৰি যাব লাগে, নহ’লে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব ৷” এনে বক্তব্য কেৱল আতংক বিয়পোৱাই নহয়, অঞ্চলটোৰ সম্প্ৰীতি আৰু জনগোষ্ঠীৰ সুৰক্ষাৰ প্ৰতিও ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰে বুলিও কয় এ আই ইউ ডি এফে।

উজনি অসমত মিঞা মুছলমানক ভাবুকি দিয়া সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী AIUDFৰ

উজনি অসমত মুছলমানক ভাবুকি দিয়া সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী AIUDFৰ

Published: 

26 Aug 2024 19:31 PM

মুছলমান সম্প্ৰদায়ৰ এটা শ্ৰেণীৰ বিৰুদ্ধে ভাবুকি প্ৰদান কৰাৰ অভিযোগ তুলি উজনি অসমৰ কেইবাটাও সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক এখন স্মাৰক পত্ৰ দাখিল কৰিছে এ আই ইউ ডি এফে । দলটোৱে স্মাৰক পত্ৰত এই কথাও উল্লেখ কৰিছে যে,কেইবাটাও সংগঠনে মুছলমান সম্প্ৰদায়ৰ এটা শ্ৰেণীৰ লোকক ‘উজনি অসম এৰি যাওক, নহ’লে পৰিণাম ভুগিব লাগিব’ বুলি ভাবুকি প্ৰদান কৰি আহিছে ।

ইয়াৰ লগতে এ আই ইউ ডি এফে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ পৰাও ৰাজহুৱা বিবৃতি বিচাৰিছে আৰু এই সংগঠনসমূহে মুছলমানৰ এটা শ্ৰেণীৰ বিৰুদ্ধে গ্ৰহণ কৰা স্থিতিক গৰিহণা দিছে। উল্লেখ্য যে, শেহতীয়াকৈ অসমৰ খিলঞ্জীয়া আৰু সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত কেইবাটাও সংগঠনে ‘মিঞা’সকলক শীঘ্ৰে উজনি অসমৰ জিলাসমূহ এৰি যাবলৈ আহ্বান জনাইছিল।

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যলৈ প্ৰেৰণ কৰা এক স্মাৰক পত্ৰত এ আই ইউ ডি এফে কয় যে, “এটা অচিনাকি সংগঠন আৰু মৌলবাদী গোটে মুছলমান সম্প্ৰদায়ৰ এটা শ্ৰেণীৰ বিৰুদ্ধে ৰাজহুৱাভাৱে ভাবুকি দিছে যে, তেওঁলোকে শীঘ্ৰে উজনি অসম এৰি যাব লাগে, নহ’লে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব ৷” এনে বক্তব্য কেৱল আতংক বিয়পোৱাই নহয়, অঞ্চলটোৰ সম্প্ৰীতি আৰু জনগোষ্ঠীৰ সুৰক্ষাৰ প্ৰতিও ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰে বুলিও কয় এ আই ইউ ডি এফে।

স্মাৰক পত্ৰত এই কথাও কোৱা হৈছে, এগৰাকী কিশোৰীক আক্ৰমণ কৰা ঘটনাৰ বাবে শিৱসাগৰত মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে ৰাজহুৱাভাৱে ক্ষমাপ্ৰাৰ্থনা কৰা ঘটনাই মুছলমানসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে । এ আই ইউ ডি এফে স্মাৰক পত্ৰত উল্লেখ কৰে যে, এনে ভাবুকি জৰিয়তে সংবিধানত উল্লেখ কৰা মৌলিক অধিকাৰক প্ৰত্যক্ষ উলংঘা কৰা হৈছে । ইয়াৰ লগতে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাক সম্পূৰ্ণৰূপে অৱমাননা কৰা হৈছে বুলিও কয় এ আই ইউ ডি এফে ।

মনকৰিবলগীয়া যে, এই বিষয়টোত ৰাজ্যপালৰ হস্তক্ষেপৰ আহ্বান জনাই দলটোৱে ৰাজ্য চৰকাৰক সেই সংগঠনসমূহৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ৰাইজৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক উজনি অসম অঞ্চলসমূহত পৰ্যাপ্ত নিৰাপত্তা বাহিনী মোতায়েন কৰিবলৈ অনুৰোধ জনাইছে দলটোৱে । লগতে নাগৰিক সমাজৰ সহযোগত বিভিন্ন সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ঐক্য বৃদ্ধিৰ বাবে কাৰ্যসূচী আৰু অভিযান আৰম্ভ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে দলটোৱে ।

তদুপৰি স্মাৰকপত্ৰখনত লগতে কোৱা হৈছে যে, “আমি এআইইউডিএফৰ সদস্যসকলে ভ্ৰাতৃত্ববোধ, শান্তি, ঐক্য আৰু ন্যায়ৰ মূল্যবোধসমূহ ৰক্ষা কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো আৰু আমি বিশ্বাস কৰোঁ যে আপোনালোকৰ সময়োপযোগী হস্তক্ষেপে উত্তেজনা বৃদ্ধি ৰোধ কৰাত সহায় কৰিব আৰু আমাৰ ৰাজ্যৰ সমন্বয় অব্যাহত ৰখাটো নিশ্চিত কৰিব।”

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?