5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

All Party Meeting : সৰ্বদলীয় বৈঠক আৰম্ভ হোৱাৰ লগে লগে আদানীক লৈ আলোচনাৰ দাবী কংগ্ৰেছৰ, কি কি বিষয় আলোচনা হোৱাটো বিচাৰে বিৰোধীয়ে…?

আজি অনুষ্ঠিত হৈছে সৰ্বদলীয় বৈঠক। এই বৈঠকত আদানী গ্ৰুপৰ বিৰুদ্ধে উৎকোচৰ যি অভিযোগ উত্থাপন হৈছিল সেই সন্দৰ্ভত সংসদত আলোচনাৰ বাবে দাবী জনাইছে বিৰোধী কংগ্ৰেছে । ইয়াৰ সমান্তৰালভাৱে মণিপুৰ বিষয়, উত্তৰ ভাৰতৰ প্ৰদূষণ আৰু ৰে’ল দুৰ্ঘটনা সন্দৰ্ভতো আলোচনাৰ হোৱাটো বিচাৰিছে বিৰোধীয়ে ।

All Party Meeting : সৰ্বদলীয় বৈঠক আৰম্ভ হোৱাৰ লগে লগে আদানীক লৈ আলোচনাৰ দাবী কংগ্ৰেছৰ, কি কি বিষয় আলোচনা হোৱাটো বিচাৰে বিৰোধীয়ে…?
সংসদৰ অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক
manas-borah
Manas Borah | Published: 24 Nov 2024 13:10 PM

সংসদৰ অধিৱেশনৰ পূৰ্বে আজি সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত আদানী গ্ৰুপৰ বিৰুদ্ধে উৎকোচৰ যি অভিযোগ উত্থাপন হৈছিল সেই সন্দৰ্ভত সংসদত আলোচনাৰ বাবে দাবী জনাইছে বিৰোধী কংগ্ৰেছে । ইয়াৰ সমান্তৰালভাৱে মণিপুৰ বিষয়, উত্তৰ ভাৰতৰ প্ৰদূষণ আৰু ৰে’ল দুৰ্ঘটনা সন্দৰ্ভতো আলোচনাৰ হোৱাটো বিচাৰিছে বিৰোধীয়ে ।

এই সন্দৰ্ভত কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে সাংবাদিকৰ আগত কয় যে, আজিৰ বৈঠকত আদানী বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগক লৈ আলোচনাৰ অনুমতি দিবলৈ চৰকাৰক আহ্বান জনাইছে কংগ্ৰেছে । তেওঁ মতে কংগ্ৰেছে এই বিষয়টো সংসদত প্ৰথমে আলোচনা হোৱাটো বিচাৰে। কংগ্ৰেছ নেতা গৰাকীয়ে দাবী কৰে যে, এই অভিযোগ দেশৰ অৰ্থনৈতিক আৰু নিৰাপত্তা স্বাৰ্থৰ সৈতে জড়িত এক গুৰুতৰ বিষয় । ইয়াৰ কাৰণ কোম্পানীটোৱে সৌৰশক্তি প্ৰকল্পৰ বাবে অনুকূল চুক্তি লাভৰ বাবে ৰাজনীতিবিদ আৰু আমোলাক ২৩০০ কোটিৰো অধিক উৎকোচ দিয়া বুলি অভিযোগ উঠিছে।

সৌৰশক্তিৰ চুক্তিৰ অনুকূল চৰ্তৰ বিনিময়ত ভাৰতীয় বিষয়াক ২৬৫ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ২২০০ কোটি টকা) উৎকোচ দিয়া বুলি গৌতম আদানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছে উত্তৰ ভাৰতৰ ভয়াবহ বায়ু প্ৰদূষণ, শেহতীয়া মণিপুৰৰ হিংসাত্মক পৰিস্থিতি, ৰে’ল দুৰ্ঘটনাৰ দৰে বিষয়ৰ ওপৰতো আলোচনা হোৱাটো বিচাৰে বুলি তেওঁ জানিবলৈ দিছে । উল্লেখ্য যে, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ আহ্বানত অনুষ্ঠিত হৈছে সৰ্বদলীয় বৈঠক । সূত্ৰ খবৰ অনুসৰি, বিজেপিৰ সভাপতি জে পি নাড্ডা, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈৰ উপৰিও টি শিৱ, হৰ্সিমৰাট কৌৰ বাদল আৰু অনুপ্ৰিয়া পেটেলে এই বৈঠকত অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশন ২০ ডিচেম্বৰলৈকে চলিব। চৰকাৰে বিবেচনাৰ বাবে ৱাকফ সংশোধনী বিধেয়ককে ধৰি ১৬খন বিধেয়ক তালিকাভুক্ত কৰাৰ বিপৰীতে মণিপুৰত চলি থকা জাতিগত হিংসা আৰু গৌতম আদানীৰ বিৰুদ্ধে উৎকোচৰ অভিযোগত আমেৰিকাৰ আদালতে গোচৰ চলোৱাৰ বিষয়টো উত্থাপন কৰাৰ বাবে আগ্ৰহী প্ৰকাশ কৰিছে বিৰোধীয়ে। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এই অভিযোগৰ যৌথ সংসদীয় সমিতিৰ তদন্তৰ আহ্বান জনাই সংসদত আদানীৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ বিষয়টো উত্থাপন কৰিব বুলি কেইবাজনো বিৰোধী নেতাই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ আহ্বানত অনুষ্ঠিত বৈঠকত কংগ্ৰেছ, তৃণমূল, ডি এম কে, শিৱসেনা, বিজেডি আদি দলৰ কেইবাগৰাকী নেতা বৈঠকত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।

Latest News