5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

All Party Meet: সংসদত আদানীৰ বিষয়ত আলোচনা হ’ব নে ! সকলো পক্ষকে কি আহ্বান জনালে চৰকাৰে…?

আজি সংসদ পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ আহ্বানত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । আজিৰ বৈঠকত মণিপুৰৰ পৰিস্থিতি, বায়ু প্ৰদূষণ, ৰে’ল দুৰ্ঘটনা আদি বিষয়বোৰৰ সমান্তৰালভাৱে সংসদত বিশেষভাৱে আদানী গোটৰ বিৰুদ্ধে উৎকোচৰ অভিযোগৰ বিষয়টো সংসদত আলোচনাৰ বাবে বিৰোধীয়ে দাবী উত্থাপন কৰিছিল ।

All Party Meet: সংসদত আদানীৰ বিষয়ত আলোচনা হ’ব নে ! সকলো পক্ষকে কি আহ্বান জনালে চৰকাৰে…?
সংসদ সুচাৰুৰূপে পৰিচালনা হোৱাটো সুনিশ্চিত কৰাৰ বাবে সকলো পক্ষক আহ্বান চৰকাৰৰ
manas-borah
Manas Borah | Updated On: 24 Nov 2024 16:47 PM

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন । ইয়াৰ পূৰ্বে আজি সংসদ পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ আহ্বানত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় । আজিৰ বৈঠকত মণিপুৰৰ পৰিস্থিতি, বায়ু প্ৰদূষণ, ৰে’ল দুৰ্ঘটনা আদি বিষয়বোৰৰ সমান্তৰালভাৱে সংসদত বিশেষভাৱে আদানী গোটৰ বিৰুদ্ধে উৎকোচৰ অভিযোগৰ বিষয়টো আলোচনাৰ বাবে বিৰোধীয়ে দাবী উত্থাপন কৰিছিল । বিৰোধীৰ এই দাবীৰ মাজতে শীতকালীন অধিৱেশনত আলোচনা হ’বলগীয়া বিষয়সমূহৰ ওপৰত দুয়োটা সদনৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিয়ে সিদ্ধান্ত ল’ব বুলি স্পষ্ট কৰি দিয়ে চৰকাৰে । ইয়াৰ লগতে সুচাৰুৰূপে সংসদৰ কাম-কাজ পৰিচালনা কৰাটো সুনিশ্চিত কৰিবলৈ দলসমূহক আহ্বান জনাইছে চৰকাৰে।

সোমবাৰে শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে শাসকীয় দলৰ নেতাসকলে ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত সংসদ পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সাংবাদিকৰ আগত কয় যে, সংসদ সুচাৰুৰূপে চলিব পৰাকৈ চৰকাৰে সকলো পক্ষক আহ্বান জনাইছে। বিৰোধীয়ে আদানী বিষয়টো আলোচনাৰ বাবে লোৱাৰ দাবী উত্থাপন কৰাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ অধ্যক্ষৰ সন্মতি সাপেক্ষে সংসদত আলোচনা হ’বলগীয়া বিষয়সমূহৰ ওপৰত সদনৰ নিজ নিজ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিসমূহে সিদ্ধান্ত ল’ব।

বৈঠকত কংগ্ৰেছৰ সদস্যসকলে আদানী গোটৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ বিষয়টো উত্থাপন কৰাৰ লগতে মণিপুৰৰ পৰিস্থিতিৰ বিষয়েও উত্থাপন কৰে। কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে কয় যে, মণিপুৰৰ জাতিগত বিবাদৰ সমান্তৰালভাৱে আদানীক লৈও দলে সংসদত আলোচনা বিচাৰে। তেওঁ কয় যে, চৰকাৰে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা ৰাখিছে যদিও জাতিগত হিংসাৰ ধাৰাবাহিকতা অব্য়াহত আছে।

উত্তৰ ভাৰতত বৃদ্ধি পোৱা প্ৰদূষণ আৰু ৰে’ল দুৰ্ঘটনাক লৈও সংসদত আলোচনা বিচাৰিছে বিৰোধীয়ে । কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে কয় যে, কংগ্ৰেছ দলে আদানীৰ বিষয়টো সংসদত আলোচনাৰ বাবে লোৱাটো বিচাৰিছে। ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে, ই দেশৰ অৰ্থনৈতিক আৰু নিৰাপত্তা স্বাৰ্থৰ সৈতে জড়িত এক গুৰুতৰ বিষয় । কাৰণ কোম্পানীটোৱে সৌৰশক্তি প্ৰকল্পৰ বাবে অনুকূল চুক্তি লাভৰ বাবে ৰাজনীতিবিদ আৰু আমোলাক ২৩০০ কোটিৰো অধিক ধন প্ৰদান কৰা বুলি অভিযোগ উঠিছে।

ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছে উত্তৰ ভাৰতৰ ভয়াবহ বায়ু প্ৰদূষণ, শেহতীয়া মণিপুৰৰ হিংসাত্মক পৰিস্থিতি, ৰে’ল দুৰ্ঘটনাৰ দৰে বিষয়ৰ ওপৰতো আলোচনা হোৱাটো বিচাৰে বুলি তেওঁ জানিবলৈ দিছে ।

লগতে পঢ়ক: All Party Meeting : সৰ্বদলীয় বৈঠক আৰম্ভ হোৱাৰ লগে লগে আদানীক লৈ আলোচনাৰ দাবী কংগ্ৰেছৰ, কি কি বিষয় আলোচনা হোৱাটো বিচাৰে বিৰোধীয়ে…?

Latest News