পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠক

বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। এই বৈঠক সন্ধিয়া ৬ বজাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সৰ্বদলীয় বৈঠকত নেতৃত্ব দিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠক

ৰাজনাথ সিং

Updated On: 

23 Apr 2025 23:38 PM

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। এই বৈঠক সন্ধিয়া ৬ বজাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সৰ্বদলীয় বৈঠকত নেতৃত্ব দিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। এই বৈঠকত চৰকাৰে পহলগাম আক্ৰমণৰ বিষয়ে বিৰোধীক অৱগত কৰিব আৰু এইদৰে চৰকাৰে বিৰোধীক আস্থাত ল’ব। উল্লেখ্য যে, পহলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বুধবাৰে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠক ডেৰ-দুঘণ্টাৰো অধিক সময় ধৰি চলিছিল। এই বৈঠকত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সূত্ৰ অনুসৰি, সৰ্বদলীয় বৈঠকত পহলগাম সন্ত্ৰাসবাদী কাণ্ডৰ সবিশেষ বিৰোধী দলসমূহক দিয়া হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধী দলসমূহক অৱগত কৰিব। সূত্ৰ অনুসৰি, চিচিএছৰ বৈঠকত লোৱা কূটনৈতিক সিদ্ধান্তৰ তথ্য দিয়া হ’ব। বিৰোধী দলৰ সদস্যৰ পৰা পৰামৰ্শ আৰু মতামত বিচৰা হ’ব। তেওঁলোকৰ মতামত আৰু পৰামৰ্শৰ পিছত এই বিষয়ত সকলোৱে যাতে ঐকমত প্ৰকাশ কৰে তাৰ বাবে চৰকাৰে চেষ্টা কৰিব।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে পুৱা দুদিনীয়া চৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ উভতি আহিছিল। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰি নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰি মৃতকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্ধিয়া দিল্লীলৈ উভতি অহাৰ পিছত প্ৰধানমন্ত্ৰীয়ে চি চি এছৰ বৈঠকত অংশ লয়।

প্ৰধানমন্ত্ৰীয়ে মোদীয়ে সামাজিক মাধ্য়মৰ জৰিয়তে কয় যে, পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ৭ বজাত চিচিএছৰ এখন বৈঠকৰ অধ্যক্ষতা কৰিছিল। এই উচ্চ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকল উপস্থিত থাকে। এই বৈকত দশক দশক পুৰণি সিন্ধ্ জল চুক্তি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয় ।

মুখৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণসমূহ কি কি? সবিশেষ জানক
দাঁতৰ বিষ হয় নেকি? তেন্তে এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ মুখত বাৰে বাৰে ঘাঁ হয় নেকি? তেন্তে জানক ইয়াৰ কাৰণ...
গৰমৰ দিনত ডায়েৰিয়া বা পেট বেয়া হ'লে কি কৰিব? জানক